আঁতৰিল অসমীয়া, শিলচৰ ৰে’ল ষ্টেচনত বিভাগীয়ভাৱে লগােৱা হ’ল বঙালী ভাষাৰ হ’ৰ্ডিং

নিউজ ডেস্ক। বৰাকত অসমীয়া ভাষা ব্যৱহাৰক লৈ তীব্ৰ প্ৰতিবাদ কৰিছিল বৰাকৰ দুই সংগঠন ক্ৰমে বৰাক ডেম’ক্রেটিক য়ুথ ফ্ৰণ্ট আৰু সদৌ বঙালী ছাত্ৰ যুৱ সংগঠনে।

শিলচৰ ৰে’ল ষ্টেচনত অসমীয়া ভাষাৰ চৰকাৰী হ’ৰ্ডিঙত কলা ৰং সানি প্ৰতিবাদ কৰিছিল সংগঠন দুটাই।

জল জীৱন অভিযানৰ চৰকাৰী বিজ্ঞাপনত কলা ৰং সানিছিল তেওঁলোকে।

সংগঠন দুটাই দাবী কৰিছিল যে বৰাকত যিহেতু বঙালী ভাষা চৰকাৰী ভাষা হিচাপে স্বীকৃত। গতিকে বৰাকত অসমীয়া ভাষাৰ পষ্টাৰ লগোৱাটোৱে ১৯৬১ ৰ ভাষা আইনৰ লগতে বঙালী ভাষাক অৱমাননা কৰিছে।

ইয়াৰ পিছতেই দুই সংগঠনৰ নেতাক গ্ৰেপ্তাৰ কৰি শাস্তি দিবলৈ ৰাজ্যজুৰি প্ৰতিবাদ আৰু দাবী উত্থাপন হৈছিল।

সংগঠন দুটাৰ বিৰুদ্ধে বিভিন্ন ঠাইত ৰুজু কৰিছিল গোচৰ। বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ বুদ্ধিজীৱী সকলেও এই ঘটনাক গৰিহণা দিছিল।

শিলচৰৰ বিধায়ক দিপায়ন চক্ৰৱৰ্তীয়েও এই ঘটনাক গৰিহণা দিয়ে। তেওঁ কয় যে ভাষা আন্দোলনৰ ১১ জন শ্বহীদেও এনে ঘৃণা আশা কৰা নাছিল চাগে।

সেই অনুসৰি অসমীয়া ভাষাৰ হ’ৰ্ডিঙত কলা ৰং সনাৰ সৈতে জড়িত সদৌ বঙালী ছাত্ৰ যুৱ সংগঠনৰ দুজন নেতাক মংগলবাৰে আবেলি গ্ৰেপ্তাৰ কৰিছিল কাছাৰ আৰক্ষীয়ে।

অৱশ্যে পৰৱৰ্তী সময়ত তেওঁলোকে লাভ কৰিছিল জামিন।

ৰে’ল ষ্টেচনত অসমীয়া ভাষাৰ হ’ৰ্ডিং লগোৱা সন্দৰ্ভত আৰক্ষীক গোচৰ দাখিল কৰিছিল বৰাক ডেম’ক্রেটিক য়ুথ ফ্ৰণ্টৰ প্ৰতিষ্ঠাপক প্ৰদীপ দত্ত ৰয়ে।

তেওঁ জল জীৱন অভিযানৰ অধ্যক্ষৰ বিৰুদ্ধে দাখিল কৰিছিল গোচৰ।

তেওঁ কয় যে এই কাৰ্যই বঙালী ভাষী সকলৰ আৱেগক আঘাত দিছে। ইয়াৰোপৰি ভাষা আইনক অৱমাননা কৰিছে। যিহেতু চৰকাৰে বৰাকত বঙালী ভাষাক যোগাযোগৰ মাধ্যম হিচাপে স্বীকৃতি দিছিল।

সেই অনুসৰি ইয়াৰ পিছতেই বৰ্তমান জল জীৱন অভিযান কৰ্তৃপক্ষই এইয়া তেওঁলোকৰ ভুল বুলি মানি লয় আৰু শিলচৰ ৰেল ষ্টেচনত বঙালী ভাষাৰ বিজ্ঞাপনৰ হ’ৰ্ডিং পুনৰ লগাই।

Leave a Comment