আপোনাৰ ফোন হেকাৰৰ কবলত নেকি? জানি লওক এই কেইটা লক্ষণ

নিউজ ডেস্ক। পেগাচাছ (Pegasus) ৰ চােৰাংচােৱাগিৰিক লৈ বৰ্তমান উত্তাল হৈ আছে দেশ। দেশৰ ৰাজনীতি আৰু সংবাদ মাধ্যম গৰম হৈ আছে এই বিষয়ক লৈ।

পেগাচাছ সন্দৰ্ভত আনকি বৰ্তমান চলিত সংসদৰ বৰ্ষাকালীন অধিবেশনতো উত্তাল পৰিৱেশৰ সৃষ্টি হৈছে। বিৰোধীয়ে সংসদত সৃষ্টি কৰিছে হুলস্থুলীয়া পৰিৱেশৰ।

এই পেগাচাছে আকৌ এবাৰ মোবাইল চোৰাংচোৱাৰ ভয় কঢ়িয়াই আনিছে। যদিও সাধাৰণ লোকসকলে পেগাচাছৰ দৰে গুপ্তচৰ সঁজুলিক ভয় কৰাৰ প্ৰয়োজন নাই, কিন্তু আন কিছুমান এনে হেকিং আৰু চোৰাং চফ্টৱেৰ আৰু এপ আছে যাৰ বিষয়ে সকলোৱে সতৰ্ক হোৱা প্ৰয়োজন।

কিছুমান চফ্টৱেৰ তথা এপে আপোনাৰ ফোনত থকা বিত্তীয় তথ্য চুৰি কৰিবলৈ চেষ্টা কৰে। আন কিছুমানে ফটো গেলেৰী, কল, মেচেজ আৰু অধিক সহ ফোনটোৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে।

এই চোৰাংচােৱা এপ আৰু টুলচবোৰে তেওঁলোকৰ স্বভাৱ অনুসৰি যিকোনো ডিভাইচৰ ভিতৰত নিজকে লুকুৱাই ৰাখে। যাক সহজে বিচাৰি পোৱা নাযায়। কিন্তু এনে কিছুমান লক্ষণ বা চিহ্ন আছে, যাৰ দ্বাৰা আপুনি আপোনাৰ ফোনটো চোৰাংচোৱা বা হেকাৰৰ কবলত পৰিছে নেকি নিজেই জানিব পাৰে।

তলত কেইটামান তেনে কিছুমান চিহ্ন দিয়া হল। যাৰ সহায়ত আপুনি জানিব পাৰে সেই কথা।

১) যদি আপোনাৰ ফোনৰ বেটাৰী স্বাভাৱিকতকৈ দ্ৰুতগতিত শেষ হৈ যায়। তেন্তে হেকাৰৰ কবলত পৰিব পাৰে আপোনাৰ ফোন। অৱশ্যে আপুনি তাৰ পূৰ্বে আপোনাৰ ফোনৰ পৃষ্ঠভূমি (Background) ত চলি থকা এপৰ সংখ্যা পৰীক্ষা কৰক। পৃষ্ঠভূমিত চলি থকা বহুতো এপে বেটাৰীও খায়। সেয়েহে, প্ৰথমে সেইবোৰ বন্ধ কৰক আৰু তাৰ পিছত নিৰীক্ষণ কৰক।

২) আপুনি আপোনাৰ স্মাৰ্টফোনত থকা এপসমূহ চাওক। যদি সেইসমূহ চাই দেখে যে আপুনি ডাউনলোড নকৰা এপ তাত আছে। তেন্তে সেইয়া হেকাৰ বা স্পাইৱেৰৰ কাম হ’ব পাৰে।

৩) আপোনাৰ স্মাৰ্টফোনটো হঠাতে লেহেমীয়া হৈ পৰিছে নেকি। ই লেহেমীয়া কাম কৰিছে নেকি আৰু অধিক ডাটা আৰু বেটাৰী শক্তি ব্যৱহাৰ কৰিছে নেকি। অৱশ্যে পৃষ্ঠভূমিত থকা এপসমূহ এবাৰ পৰীক্ষা কৰি লব।

৪) আপোনাৰ ফোনত ম’বাইল ডাটা ব্যৱহাৰ হঠাতে বৃদ্ধি পাইছে নেকি। অৰ্থাৎ স্বাভাৱিকতকৈ অধিক। যদি হয়, তেন্তে ক্ষতিকাৰক এপ বা ছফ্টৱেৰ আপোনাৰ ম’বাইল ডাটা পৃষ্ঠভূমিত ব্যৱহাৰ হ’ব পাৰে। কিয়নো সেইবোৰে আপোনাৰ কাৰ্যকলাপবোৰ ট্ৰেক কৰি থাকিব পাৰে।

৫) আপোনাৰ স্মাৰ্টফোনটোৱে অদ্ভুত ক্ৰিয়া কৰিছে নেকি। এপবোৰ অপ্ৰত্যাশিতভাৱে ক্ৰেছ হয় বা লোড কৰিবলৈ বিফল (fail to load) হৈছে নেকি। বহুতো ছাইট কেতিয়াবা সাধাৰণতকৈ বেলেগ দেখা যায়। এইটো আন এটা চিহ্ন হ’ব পাৰে।

৬) আপুনি আপোনাৰ স্ক্ৰীণত বহুতো পপ-আপ দেখা পোৱা লক্ষ্য কৰিছে নেকি, এইটো ‘এডৱেৰ’ৰ বাবে হ’ব পাৰে। ই এক প্ৰকাৰৰ ক্ষতিকাৰক ছফ্টৱেৰ। যি আপোনাৰ ফোনটোত বিজ্ঞাপনেৰে ভৰি থাকিব পাৰে। এনে লিংকত কেতিয়াও ক্লিক নকৰিব।

৭) আপুনি আপোনাৰ ফটো গেলেৰীত এনে কিবা ফটো আৰু ভিডিঅ’ দেখিছে নেকি, যিবোৰ লোৱাৰ কথা আপোনাৰ মনত নাই। সতৰ্ক হৈ থাকিব, কিয়নো আপোনাৰ কেমেৰাৰ ওপৰত কাৰোবাৰ নিয়ন্ত্ৰণ থাকিব পাৰে।

৮) আপুনি আপোনাৰ ফোন ব্যৱহাৰ নকৰিলেও ফ্লেছ লাইট নিজে নিজে জ্বলি থাকে নেকি। ইয়াৰ কাৰণ হ’ব পাৰে কোনোবাই আপোনাৰ ফোনটো দূৰৱৰ্তীভাৱে নিয়ন্ত্ৰণ কৰি আছে।

৯) দীঘলীয়া ব্যৱহাৰৰ সময়ত ফোনবোৰ গৰম হ’ব পাৰে, যেনে ঘণ্টা ধৰি গেম খেলোতে, নেভিগেচন এপ চলোৱা আদি। কিন্তু যদি আপুনি ব্যৱহাৰ নকৰিলেও আপোনাৰ ফোনটো অতি গৰম হৈ থাকে, তেন্তে হেকাৰে আপোনাৰ ফোন ব্যৱহাৰ কৰি থাকিব পাৰে।

১০) আপুনি আপোনাৰ ফোনৰ টেক্সট বা ফোন কলবোৰ লক্ষ্য কৰক। যদি আপুনি নকৰা তেনে কিবা দেখা পাইছে তেন্তে এইটোও হব পাৰে আন এটা সম্ভাৱ্য লক্ষণ।

Leave a Comment