এটা ছাগলীৰ দাম উঠিল ১১ লাখ টকা!

নিউজ ডেস্ক। সাম্প্ৰতিক ক’ভিড জনিত পৰিস্থিতিৰ বিভিন্নজনে ব্যৱসায়-বাণিজ্যত লােকচানৰ সন্মুখীন হৈছে। কিন্তু ইয়াৰ মাজতাে ঈদ উদযাপনৰ ক্ষেত্ৰত কােনাে কৃপণালি কৰা নাই একাংশ ইছলাম ধৰ্মাৱলম্বী লােকে।

পৱিত্ৰ ঈদ উপলক্ষে কুৰবানিৰ বাবে এটি ছাগলীৰ দাম উঠিল ১১ লাখ টকা।

এই কথাই সংবাদ মাধ্যমতাে লাভ কৰিছে বিশেষ চৰ্চা।

সেই ছাগলীটো ক্ৰয় কৰিলে গুজৰাটৰ চুৰাটৰ এজন ব্যৱসায়ীয়ে। আৰু ছাগলীটো বিক্ৰী কৰিলে চুৰাটৰ চাগৰামপুৰাৰ বাসিন্দা আছফাকে। তেওঁ দীৰ্ঘ দিন ধৰি কৰি আহিছে ছাগলীৰ ব্যৱসায়।

আছফাকে কয় যে, “ছাগলীটো পাঞ্জাৱৰ বিঠল প্ৰজাতিৰ। ছাগলীটোৰ নাম তৈমুৰ। এই প্ৰজাতিৰ ছাগলীৰ বিশেষত্ব হল ওপৰলৈ উঠা ওখ নাক আৰু বিশাল আকৃতিৰ অৱয়ব। তৈমুৰৰ উচ্চতা ৪৬ ইঞ্চি আৰু ওজন ১৯২ কিলো।”

তেওঁ লগতে কয় যে, “কুৰবানিৰ বাবে প্ৰতি বছৰেই এনে সময়ত চৰা দামত ছাগলী বিক্ৰী হয়। বৰ্তমান অনলাইন যোগেও হয় বেচা-কিনা। চৰা দাম হোৱাৰ কাৰণ এটাই। কাৰণ অসুস্থ বা আঘাত পোৱা ছাগলীক কুৰবানি দিয়া নহয়। ভাল স্বাভাৱিক ছাগলীৰ দাম উঠে। সেয়েহে তৈমুৰৰ দাম ১১ লাখ পোৱা গল।”

উল্লেখ্য যে আছফাকৰ ওচৰত দেশৰ ভিন্ন প্ৰজাতিৰ ছাগলী থাকে। ভিন্ন প্ৰজাতিৰ ছাগলী তেওঁ এই বছৰ বিক্ৰী কৰিছে। কিন্তু বেছি লাভৰ মুখ দেখিছে পাঞ্জাৱৰ বিঠল প্ৰজাতিৰ ছাগলীৰ ক্ষেত্ৰত। নাকৰ অদ্ভুত আকৃতিৰ বাবেই এই প্ৰজাতিৰ ছাগলীৰ প্ৰতি ক্ৰেতা আকৃষ্ট বুলি জনায় আছফাকে।

Leave a Comment