বিধানসভাত একেলগে দেখা যাব মুখ্যমন্ত্ৰী শহুৰ আৰু বিধায়ক জোঁৱাইক!

নিউজ ডেস্ক। দেওবাৰে দেশৰ ৪ ৰাজ্য আৰু এক কেন্দ্ৰীয় শাসিত অঞ্চলত ঘোষণা কৰা হয় বিধানসভা নিৰ্বাচন। সেই অনুসৰি কেৰেলাত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ ফলাফলো ঘোষণা কৰা হয়।

এইবাৰ পুনৰ কেৰেলাত চৰকাৰ গঠন কৰিবলৈ সক্ষম হল চি পি এম নেতৃত্বাধীন বাওঁ গণতান্ত্ৰিক মৰ্চাই। সেই অনুসৰি পুনৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত থাকিব বৰ্তমানৰ মুখ্যমন্ত্ৰী পিনাৰায়ি বিজয়ন।

কিন্তু কেৰেলা অথবা দেশৰ ৰাজনীতিত এইবাৰ পোন প্ৰথমবাৰৰ বাবে বিধানসভাত দেখা যাব শহুৰ আৰু জোঁৱাইক একেলগে।

ৰাজ্যখনৰ ৭৭ বছৰীয়া মুখ্যমন্ত্ৰী পিনাৰায়ি বিজয়ন আৰু তেওঁৰ জোঁৱায়েক পি এ মহম্মদ ৰিয়াছক বিধানসভাত একেলগে দেখিবলৈ পোৱা যাব। কিয়নো এইবাৰ বিধানসভালৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে মুখ্যমন্ত্ৰীৰ জোঁৱায়েক পি এ মহম্মদ ৰিয়াছ।

মুখ্যমন্ত্ৰী পিনাৰায়ি বিজয়ন

উল্লেখ্য যে পি এ মহম্মদ ৰিয়াছ হৈছে গণতান্ত্ৰিক যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি আৰু পিনাৰায়ি বিজয়নৰ কন্যা বিনাৰ স্বামী। বিনা হৈছে বেংগালুৰুৰ তথ্য প্ৰযুক্তি খণ্ডৰ উদ্যোগী।

মুখ্যমন্ত্ৰীৰ জোঁৱায়েক তথা ৪৪ বছৰীয়া পি এ মহম্মদ ৰিয়াছে কজিকডে জিলাৰ বেইপুৰ সমষ্টিৰ পৰা চি পি এম দলৰ হৈ নিৰ্বাচনত বিজয় সাব্যস্ত হৈছে।

মুখ্যমন্ত্ৰীৰ বিজয়নৰ জী-জােঁৱাই

২০১৫ চনত পি এ মহম্মদ ৰিয়াছে কজিকডে লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছিল যদিও সফল হোৱা নাছিল। ২০২০ চনৰ ১৫ জুনত তেওঁ বিনাৰ সৈতে মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱন ক্লিফ হাউচত বিবাহ পাশত আবদ্ধ হয়।

উল্লেখ্য যে কেৰেলাত এইবাৰ নিৰ্বাচনত পৰিয়ালকেন্দ্ৰিক ৰাজনীতিয়ে স্থান পায়। কেইবাটাও দলৰ বহুতো নেতাই নিজৰ অঙহী বঙহীক প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল যদিও মুখ্যমন্ত্ৰী বিজয়নৰ জোঁৱাই পি এ মহম্মদ ৰিয়াছৰ বাদে কোনোৱে বিজয় লাভ কৰিবলৈ সক্ষম নহ’ল।

Leave a Comment