হাতত পিষ্টল, ওঁঠত চিগাৰেট লৈ ৰাজপথত বাইক ষ্টাণ্ট ২ বন্ধুৰ! তাৰ পাছত ঘটিল এই ঘটনা…

ওঁঠত চিগাৰেট, হাতত পিষ্টল! এইদৰে ৰাজপথত বাইকৰ ওপৰত ষ্টাণ্ট দেখুৱাই দুজন যুৱকে।

বাইক ষ্টাণ্টৰ ভিডিঅ’ বনাই সামাজিক মাধ্যমত ভাইৰেল হবলৈ এৰি দি ‘চেলিব্ৰেটী’ হোৱাৰ ইচ্ছা কৰিছিল যুৱক দুজনে।

ভৱা ধৰণে সামাজিক মাধ্যমত ভাইৰেলো হ’ল ভিডিঅ’।

পিছে তেওঁলোকেহে চেলিব্ৰেটী হব নোৱাৰিলে। তাৰ বিপৰীতে আৰক্ষীৰ ওচৰত কাণত ধৰি কব লগাহে হল- আই এম চৰী!

vlcsnap-2022-01-04-16h39m12s521

ঘটনা গুজৰাটৰ চুৰাট চহৰৰ ছপ্ৰভাথা অঞ্চলৰ।

নিশা এখন হাতত পিষ্টল লৈ আৰু চিনেমাৰ ষ্টাইলত চিগাৰেট হুপি বাইক ষ্টাণ্ট ভিডিঅ’ বনাইছিল ২৬ বছৰীয়া নাগাজন হৰিদাস আদেধাৰা আৰু ২১ বছৰীয়া ভাৰত প্ৰবীণ গড়ৱীয়ে।

কিন্তু সামাজিক মাধ্যমত এই ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে আমৰোলী আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰে যুৱক দুজনক আটক কৰে।

vlcsnap-2022-01-04-16h39m22s913

ইফালে আটক হোৱাৰ পিছতে নিজৰ ভুল স্বীকাৰ কৰি আৰক্ষীৰ ওচৰত হাত যোৰ কৰি ক্ষমা বিচাৰে দুই যুৱকে।

আনহাতে ভাইৰেল ভিডিঅ’টোত যুৱকজনৰ হাতত দেখা পোৱা পিষ্টলটো দৰাচলতে এটা লাইটাৰ আছিল বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে।

5559

আৰক্ষীৰ জিম্মাত দুই বন্ধু

জানিব পৰা মতে, অভিযুক্ত নাগাজন হৰিদাস আদেধাৰাই B. COM শিক্ষা সম্পূৰ্ণ কৰিছে আৰু বৰ্তমান সংস্থাপনৰ সন্ধানত আছে। কামৰ সন্ধানত তেওঁ ৮ মাহ পূৰ্বে গাঁৱৰ পৰা চুৰাটলৈ আহিছিল।

আনফালে ভাৰত প্ৰবীণ গড়ৱীয়ে দশম শ্ৰেণীলৈকে পঢ়ি স্কুলীয়া শিক্ষাৰ সামৰণি মাৰে। তেওঁ ডাইমণ্ড ৱৰ্কাৰ হিচাপে বৰ্তমান কাম কৰি আছে।

আৰক্ষীয়ে সদৰী কৰা মতে, ষ্টাণ্ট ভিডিঅ’টোত যুৱক দুজনে চলাই থকা বাইকখন ভাৰত প্ৰবীণ গড়ৱীৰ সিঙ্গনপুৰ অঞ্চলত বাস কৰা এজন বন্ধুৰ। তেওঁ দুদিনৰ বাবে বন্ধুজনৰ পৰা বাইকখন আনিছিল।

ভিডিঅ’টো দুয়োজনে ১৩ আৰু ১৪ ডিচেম্বৰত নিৰ্মান কৰিছিল আৰু ১৬ ডিচেম্বৰত নাগাজনে তেওঁৰ সামাজিক মাধ্যমৰ একাউণ্টত ভিডিঅ’টো পোষ্ট কৰিছিল।

লগতে চাওকঃ উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ অসম সচিবালয়ৰ কৰ্মচাৰী সীমা দেৱী…

Leave a Comment