কিংবদন্তি অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ শ্বেন ৱাৰ্ণৰ মৃত্যু

কিংবদন্তী অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ শ্বেন ৱাৰ্ণৰ ৫২ বছৰ বয়সত মৃত্যু।

বাতৰি অনুসৰি হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে ক্ৰিকেটাৰ গৰাকীৰ।

জানিব পৰা মতে, শ্বেন ৱাৰ্ণক তেওঁৰ মেনেজমেণ্টৰ লোকে নিজ ভিলাত অচেতন অৱস্থাত প্ৰত্যক্ষ কৰাৰ পিছতে হাস্পতালত ভৰ্তি কৰোৱা হয়। কিন্তু চিকিৎসকে অলেখ প্ৰচেষ্টা চলাইও ক্ৰিকেটাৰ গৰাকীক বচাব নোৱাৰিলে।

আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটৰ দ্বিতীয় সৰ্বাধিক উইকেত দখলৰ অভিলেখেৰে ক্ৰিকেটৰ পৰা অৱসৰ লোৱা প্ৰসিদ্ধ ক্ৰিকেটাৰ গৰাকীৰ বিয়োগৰ বাতৰিয়ে শোকস্তব্ধ কৰিছে তেওঁৰ অগণন অনুৰাগীক।

ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দ্ৰ ছেহৱাগ, শচীন টেণ্ডুলকাৰকে ধৰি ক্ৰিকেটাৰ সকলে ৱাৰ্ণৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰিছে।

Leave a Comment