পদপথত চানাচুৰ বিক্ৰী কৰিছে ৯৮ বছৰীয়া বৃদ্ধই! সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল

নিউজ ডেস্ক। এজন ৯৮ বছৰীয়া বৃদ্ধ লোক। নাম বিজয় পাল সিং। ঘৰ উত্তৰ প্ৰদেশৰ ৰায়বেৰেলীৰ হৰচান্দপুৰত। যিটো বয়সত আন লোকে কেনেকৈ কাম কৰিম বুলি অজুহাত দেখুৱাই তেনে বয়সত তেওঁ গাঁৱে গাঁৱে গৈ বিক্ৰী কৰে চানাচুৰ।

এক প্ৰকাৰ সকলোৰে বাবে চানাৱালা। তেওঁক অৱশ্যে সকলোৱে বাবা বুলিহে মাতে আৰু সামাজিক মাধ্যমত এই বৃদ্ধজনৰ এটা ভিডিঅ’ এতিয়া হৈ পৰিছে ভাইৰেল।

GV1

এই সন্দৰ্ভত বৃদ্ধজনক সোধা হৈছিল যে তেওঁ এই বয়সতো কিয় চানা বিক্ৰী কৰি আছে। উত্তৰত তেওঁ কয় যে তেওঁৰ দুটা পুত্ৰ আছে। দুয়োটাই কাম কৰে। তথাপিও তেওঁ পুত্ৰৰ বোজা হ’ব বিচৰা নাই। লগতে তেওঁ শক্তিশালী হৈ থাকিব বিচাৰে। যদিহে তেওঁ ঘৰত বহি থাকে তেওঁ দুৰ্বল হৈ যাব বুলি জনায়।

b-l-e-1614881146

বৃদ্ধজনৰ এই ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ বাবে ভিডিঅ’টো দেখিবলৈ পায় মুখ্যমন্ত্ৰী কাৰ্যালয়ে। তাৰ পিছতেই জিলা দণ্ডাধীশ বৈভৱ শ্ৰীবাস্তৱক মাতি পঠাই মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে।

তেওঁৰ কৰ্মৰ বাবে প্ৰশংসা কৰে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে। তাৰ পিছতেই জিলা দণ্ডাধীশজন আহি বৃদ্ধজনক সম্বৰ্ধনা জনায়। এই সম্বৰ্ধনাত থাকে নগদ ১১০০০ টকা, এডাল লাখুটি, এখন গাত লোৱা কাপোৰ, এখন ৰেচন কাৰ্ড আৰু সম্বৰ্ধনা পত্ৰ।

এই সন্দৰ্ভত জিলা দণ্ডাধীশ জনে কয় যে, “বাবাৰ এখন গ্ৰাম্য দোকান আছে। যিয়ে তেওঁৰ আত্মনিৰ্ভৰশীলতাক পৰিচয় দিছে। তেওঁৰ ৯৮ বৰ্ষত কৰা এই কাৰ্যই আমাৰ বহুতকে উৎসাহ যোগাব। ই এক ভাল খবৰ সমাজলৈ প্ৰেৰণ কৰিছে। বাবাৰ এটা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ ঘৰ আছে। এইবাৰ তেওঁক এখন ৰেচন কাৰ্ড দিয়া হৈছে।”

লগতে চাওকঃ

আচৰিত! একেলগে ১০ কিলো জলকীয়া খাব পাৰে এজন ব্যক্তিয়ে… চাওক ভিডিঅ’

সুকলমে সম্পন্ন হৈছিল বিয়া, ন-কইনাই বিদায় লােৱাৰ মুহূৰ্তত ঘটিল এক হৃদয়বিদাকৰ ঘটনা

অপহৰণকাৰীয়ে লুকুৱাই ৰখা শিশুক উদ্ধাৰ কৰিবলৈ ৩০ ফুট দ’ কুঁৱাত নামিল এজন আৰক্ষী কনিষ্টবল!

কামৰূপ জিলা প্ৰশাসনৰ ‘ব্ৰেণ্ড এম্বাছেডৰ’ ‘ৰাকু দা’! চাওক সজাগতা মূলক ভিডিঅ’-ফটাে

Leave a Comment