ৰাজ্যত এদিনতে আক্ৰান্ত ৫ সহস্ৰাধিক, ক’ভিড-১৯ত প্ৰাণ হেৰুৱালে ৪৭ জন লােকে

নিউজ ডেস্ক। ৰাজ্যত ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহতা বৃদ্ধিৰ মাজতে শুকুৰবাৰে ৰাজ্যজুৰি আক্ৰান্ত হ’ল ৫ সহস্ৰাধিক লােক।

বিগত ২৪ ঘন্টাত ৰাজ্যজুৰি ক’ভিডত প্ৰাণ গ’ল ৪৭ জনকৈ লােকৰ।

উল্লেখ্য যে বুধবাৰে ৰাজ্যজুৰি ক’ভিডৰ সংক্ৰমণত সৰ্বাধিক ৪৬ জন লােকে প্ৰাণ হেৰুৱাইছিল।

এই সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত প্ৰকাশ কৰা অনুসৰি, দিনটােত নতুনকৈ ৫,৬২৬ জন লােক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে।

ইয়াৰে ১,৫৫১ জন কেৱল গুৱাহাটী মেট্ৰ’ জিলাৰ। বৃহস্পতিবাৰে এই সংখ্যা আছিল ১,৩৫৩ জন।

মহানগৰীত দিনটােত ১৫ জনৰ মৃত্যু হােৱাৰ বিপৰীতে ডিব্ৰুগড়ত ৮, কাছাৰত ৩, গােলাঘাটত ৩, বৰপেটাত ২, নলবাৰীত ২, শিৱসাগৰত ২, শােণিতপুৰত ২ জনকৈ লােকৰ মৃত্যু হয়।

উল্লেখ্য যে দিনটােত ৬৮,৩১৮ টা ক’ভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল। আনহাতে, সংক্ৰমণৰ হাৰ বৃহস্পতিবাৰৰ ৮.੦৪ শতাংশৰ পৰা ৮.২৪ শতাংশলৈ বৃদ্ধি পাইছে।

দিনটােত ৰাজ্যৰ সৰ্বমুঠ ১৬ খন জিলাত ক’ভিডৰ বাবে ৰােগীৰ মৃত্যু ঘটে।

ৰাজ্যত সক্ৰিয় ক’ভিড ৰােগীৰ সংখ্যা ৩৪,১৪৬ লৈ বৃদ্ধি পাইছে। দিনটােত ক’ভিডৰ পৰা সুস্থ হৈ থকা ৩,২৬২ জন লােকক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়।

লগতে চাওকঃ

ক’ৰোনাক জয় কৰি ঘৰলৈ উভতিল বিশিষ্ট চিন্তাবিদ, সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞি

Leave a Comment