মৰ্মান্তিক! কন্যাৰ বিবাহৰ প্ৰস্তুতিৰ মাজতে ক’ভিডত ভুগি ১২ ঘন্টাৰ ব্যৱধানত মৃত্যু হ’ল মাতৃৃ-কন্যাৰ

দিব্যজ্যােতি ৰাখজােৱা। এক হৃদয় বিদাৰক ঘটনা। নিজ কন্যাৰ বিবাহৰ বাবে চলাই আছিল প্ৰস্তুতি। মাতৃয়ে কন্যাৰ বিবাহৰ বাবে বজাৰ আৰু আত্মীয় স্বজনক আমন্ত্ৰণ কৰিবলৈ গৈ আক্ৰান্ত হ’ল কভিডত।

মাতৃৰ লগতে আক্ৰান্ত হ’ল নিজ কন্যা অৰ্থাৎ কইনাও। মৃত্যু হ’ল মাতৃৰ। মাতৃৰ চিতাৰ জুই জ্বলি থাকোতেই মৃত্যু হ’ল কইনাৰ।

এই শোকজনক ঘটনাটো সংঘটিত হয় ৰাজস্থানৰ কোটাত।

ঘটনা অনুসৰি, কোটাৰ বিনায়ক গাঁৱত এগৰাকী যুৱতীৰ বিবাহ সম্পন্ন হোৱাৰ কথা আছিল। যুৱতী গৰাকীৰ নাম আছিল সংগীতা। সংগীতাই জয়পুৰত বি টেক চিভিল ইঞ্জিনিয়াৰিং বিভাগত অধ্যয়ন কৰি আছিল।

পূৰ্ণ উদ্যমে বিবাহৰ আয়োজন কৰিছিল পৰিয়ালৰ লোকে। কিন্তু ভয়াৱহ কোৰোনা পৰিস্থিতিৰ বাবে পৰিয়ালৰ লোকে বিবাহখন নৱেম্বৰ মাহলৈ পিছুৱাই দিয়াৰ সিদ্ধান্ত ললে।

সেই অনুসৰি ২১ নৱেম্বৰলৈ বিবাহৰ দিন স্থিৰ কৰিলে তেওঁলোকে। কিন্তু বিবাহৰ বাবে কইনা অৰ্থাৎ সংগীতাৰ মাতৃ বদ্ৰি বাইয়ে কৰিছিল কিছু বজাৰ। সংগীতাৰ পিতৃ নথকাত মাতৃয়েই কৰিছিল সকলো বজাৰ সমাৰ।

সেই অনুসৰি তেওঁ কন্যাৰ বিবাহৰ বাবে গাড়ী, বিবাহ ভৱন আদি সমূহো বুকিং কৰি ৰাখিলে। তেওঁ কন্যাৰ বিবাহৰ বাবে আত্মীয়ক নিমন্ত্ৰণ কৰিবলৈ গৈছিল বাৰা জিলালৈ। তাতে তেওঁ কৰিছিল কিছু বজাৰ সমাৰ। আৰু তাৰ পৰা ঘূৰি আহোঁতেই মাতৃৰ শাৰীৰিক অৱস্থা বেয়া হৈ আহিল।

মাতৃৰ অৱস্থা অতি শোচনীয় হৈ পৰাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

মাতৃৰ সৈতে জীয়ৰী সংগীতা

মাতৃৰ দেহত ধৰা পৰে কভিড পজিতিভ। মাতৃৰ শুশ্ৰূষা কৰা কন্যা সংগীতাৰ দেহতো ধৰা পৰে ক’ভিড পজিতিভ। স্বাস্থ্যৰ অৱস্থা গুৰুতৰ হৈ পৰাত দুয়োকে ভৰ্তি কৰোৱা হৈছিল চিকিৎসা মহাবিদ্যালয়ত।

১২ দিন চিকিৎসাৰ অন্তত দুয়োৰে দেহত ক’ভিড নিগেটিভৰ প্ৰতিবেদন আহে যদিও দুয়ো চিকিৎসালয়ত আছিল অক্সিজেনৰ সহায়ত। কিন্তু যোৱা মংগলবাৰে নিশা ৮ বজাত মৃত্যু হয় মাতৃৰ।

মাতৃৰ মৃতদেহ নিজ ঘৰলৈ আনি পিছদিনা পুৱা অন্তিম সংস্কাৰৰ ব্যৱস্থা কৰে পৰিয়াল তথা গঞাই। মাতৃৰ চিতা জ্বলি থাকোতেই গাঁও খনলৈ আহিল দ্বিতীয়টো দু:সংবাদ। অৰ্থাৎ মাতৃৰ দৰেই কন্যাৰো মৃত্যু হ’ল চিকিৎসালয়ত।

এনেদৰেই ১২ ঘণ্টাৰ ভিতৰত মৃত্যু হয় দুয়োৰে। এই ঘটনাই শোকৰ ছাঁ পেলাইছে গাওঁখনত।

উল্লেখ্য যে দুবছৰৰ পূৰ্বে সংগীতাৰ আইতাকৰ হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিছিল আৰু এবছৰৰ পূৰ্বে সেই একে ৰোগতে মৃত্যু হৈছিল সংগীতাৰ পিতৃৰ।

লগতে চাওকঃ

নিজে ক’ভিড ৰােগী হৈও আক্ৰান্ত গৰ্ভৱতী ভগ্নীৰ জীৱন ৰক্ষাৰ বাবে এম্বুলেঞ্চ চলাই গ’ল ভাতৃয়ে

Leave a Comment