ঘৰৰ মেৰামতিৰ কাম কৰাই দিয়া নাছিল পাৰিশ্ৰমিক, ক্ষুব্ধ হৈ ৰাজমিস্ত্ৰীয়ে ৰাজপথত জ্বলাই দিলে মালিকৰ বিলাসী মাৰ্চিডিজ বাহন

নিউজ ডেস্কঃ উত্তৰ প্ৰদেশৰ নয়ডাৰ ৰাজপথত সংঘটিত এক ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

এজন ব্যক্তিয়ে এখন বিলাসী মাৰ্চিডিজত অগ্নিসংযোগ কৰাৰ এই লোমহৰ্ষক ভিডিঅ’ই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিলাসী বাহন জ্বলাই দিয়া ৰণবীৰ নামৰ অভিযুক্তজনক।

দেওবাৰে পুৱা নয়ডাৰ ৩৯ চেক্টৰত সংঘটিত হয় এই ঘটনা।

জানিব পৰা মতে, লোকজনে আন এজন লোকৰ বিলাসী বাহনখন জ্বলাই দিয়াৰ কাৰণ হৈছে- ব্যক্তিজনে তেওঁক পাবলগীয়া পাৰিশ্ৰমিক প্ৰদান নকৰা।

অভিযোগ অনুসৰি, মাৰ্চিডিজ খনৰ মালিকজনে পেছাত ৰাজমিস্ত্ৰী ৰণবীৰক ঘৰত টাইলছ লগোৱাৰ ঠিকা প্ৰদান কৰিছিল। কিন্তু কাম সম্পূৰ্ণ হোৱাৰ বহু দিন পাৰ হোৱাৰ পিছতো লোকজনে ৰাজমিস্ত্ৰীজনক পাবলগীয়া ৬৮ হাজাৰ টকা প্ৰদান কৰা নাছিল।

এনে কাৰণতে দেওবাৰে পুৱা পথৰ ওপৰতে দুয়োৰে মাজত বিবাদ ঘটে। আৰু পৰৱৰ্তী সময়ত খঙৰ ভমকত ৰণবীৰে লোকজনৰ বগা ৰঙৰ মাৰ্চিডিজ খনত পেট্ৰ’ল ঢালি জ্বলাই দিয়ে।

এই ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে আৰু মাৰ্চিডিজৰ গৰাকীয়ে ৰণবীৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাত অৱশেষত নয়ডা আৰক্ষীয়ে আটক কৰে ৰাজমিস্ত্ৰীজনক।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।