চলন্ত স্কুটীতে লেপটপ লৈ কামত ধৰিলে যুৱকে, ভাইৰেল আলোকচিত্ৰ

নিউজ ডেস্ক। এই গতিময় পৃথিৱীত নিৰ্দিষ্ট সময়সীমা মতে কাম শেষ কৰিব নোৱাৰিলেই সকলো শেষ।

যিকোনো মূল্যত সময়ৰ আগতেই সমাপ্ত কৰিব লাগিব কাম। আনকি কামটো কৰিবলৈ যাওঁতে যদি আপোনাৰ মৃত্যুও হয়, কাৰো একো লোকচান নহয়।

এই কথাৰ প্ৰকৃত ছবিখনেই যেন দেখা গ’ল বাংগালুৰু চহৰৰ ৰাজপথত।

শেহতীয়াকৈ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে এখন বিশেষ ছবি। য’ত স্কুটি চলাই গৈ থকাৰ সময়তে এজন যুৱকে লেপটপটো উলিয়াই লৈ কাম কৰি থকা দেখা গৈছে।

যুৱকজনৰ এনে কাৰ্যই হতবাক কৰিছে নেট ব্যৱহাৰকাৰীক। এই ঘটনাটোৱে সৃষ্টি কৰিছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ।

হর্সমিত সিং নামৰ এজন ব্যক্তিয়ে সামাজিক মাধ্যমত ফটোখন শ্বেয়াৰ কৰি উল্লেখ কৰা মতে, এয়া বেংগালুৰু চহৰৰ এখন উৰণীয়া সেঁতুত নিশা ১১ বজাৰ দৃশ্য।

ব্যস্ত ৰাজপথৰ হাজাৰ হাজাৰ বাহনৰ মাজতে, ব‍্যক্তিজনে তেওঁৰ জীৱনলৈ অহা বিপদাশংকা স্বত্তেও স্কুটি চলাই থাকোঁতেই লেপটপত কাম কৰি আছিল।

ছবিখনৰ সৈতে এটা দীঘলীয়া কেপশ্যনত হৰ্সমিতে লিখিছে, “বাংগালুৰু চহৰখনে চৰম পৰ্যায় পাৰ কৰিছে। চহৰখনৰ অন্যতম ব্যস্ত ফ্লাই অভাৰত লেপটপত এজন যুৱকে স্কুটি চলাই থাকোঁতেই কাম কৰি আছে।”

তাৰ পিছতে তীব্ৰ সমালোচনাৰ সুৰত হৰ্সমিতে পুনৰ লিখিছে, “যদি আপুনি এজন বছ হিচাপে কৰ্মচাৰীসকলক সময়সীমাৰ বাবে ভয় খুৱাই ৰাখে, তেন্তে পুনৰ চিন্তা কৰক। ‘ইটছ্ আৰ্জেণ্ট’ বা ‘ডু ইট নাও’ বুলি কোৱাৰ আগতে দুবাৰ চিন্তা কৰক। বিশেষকৈ যদি আপুনি এজন ক্ষমতাশালী ব্যক্তি, আপোনাৰ কথাই কৰ্মীসকলৰ ওপৰত কিমান প্ৰভাৱ পেলায় সেই বিষয়ে চিন্তা কৰি অলপ সংযত হ’ব।”

বাংগালুৰুৰ এই ছবিখনে সামাজিক মাধ্যম ব‍্যৱহাৰকাৰীৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

সময়সীমা আদিৰ ওপৰত হৰ্ষমিতৰ সুৰক কিছুমানে সমালোচনা কৰিছে, আন একাংশই আকৌ স্কুটি চালকজনক সমালোচনা কৰিছে।

লগতে চাওকঃ

পথৰ ওপৰতে গাড়ী ৰখাই চালকে হঠাতে খুলি দিলে গাড়ীৰ দৰ্জা, ঘটিল ভয়ংকৰ দুৰ্ঘটনা, CCTV কেমেৰাত বন্দী সমগ্ৰ দৃশ্য…

বহী পুনৰীক্ষণঃ মেট্ৰিকত স্থান লাভ কৰিলে প্ৰাৰ্থনা- অবিনাশে…