চাঞ্চল্যকৰ! পথৰ দাঁতিত ৰখাই থোৱা বাহনৰ ভিতৰত উদ্ধাৰ ২৮ বৰ্ষীয় চিৰঞ্জীৱ গগৈৰ মৃতদেহ…

নিউজ ডেস্কঃ ডিমৌৰ ৰাজমাই শেনছোৱা আলিৰ সমীপত শুকুৰবাৰে বিয়লি ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ ৰখাই থোৱা এখন বাহনৰ ভিতৰত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, এএছ ০৪টি ২৫৪৯ নম্বৰৰ এখন টাটা টিয়াগ’ বাহনৰ ভিতৰত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ।

উদ্ধাৰ হোৱা মৃতদেহটো থাওৰাৰ বামুণবাৰীৰ প্ৰয়াত জিতু গগৈৰ পুত্ৰ চিৰঞ্জীৱ গগৈ (২৮)ৰ বুলি চিনাক্ত কৰা হৈছে।

জনবসতিহীন এলেকাত ৰখাই থোৱা বাহনখনৰ পিছফালে শুই থকা অৱস্থাত উদ্ধাৰ হয় যুৱকজন।

স্থানীয় লোকে সন্দেহবশতঃ গাড়ীখনৰ কাষ চাপি গৈ যুৱকজনক প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকক খবৰ দিয়াত ঘটনাস্থলীত পৰিয়ালৰ লোক উপস্থিত হৈ দিচাং ৰজাবাৰীস্থিত স্বৰ্গদেউ চুকাফা চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

ইতিমধ্যে ডিমৌ আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে।

জানিব পৰা মতে, শুকুৰবাৰে পুৱা কোনো বন্ধুৰ সৈতে নিজৰ টাটা টিয়াগ’ বাহনখন লৈ ঘৰৰ পৰা ওলাই আহিছিল চিৰঞ্জীৱ গগৈ।

কিন্তু তাৰ পিছত কিদৰে যুৱকজনৰ মৃতদেহ নিজৰ গাড়ীৰ ভিতৰতে উদ্ধাৰ হ’ল তাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।