চাঞ্চল্যকৰ! পিতৃ-মাতৃ কামলৈ ওলাই যোৱাৰ পিছতে সন্ধানহীন একমাত্ৰ কন্যা পাহি, বিচাৰি হাহাকাৰ পৰিয়ালৰ…

নিউজ ডেস্কঃ পিতৃ-মাতৃ কামলৈ যোৱাৰ পিছতে সন্ধানহীন হোৱা এগৰাকী কিশোৰীক বিচাৰি হাহাকাৰ কৰিছে পৰিয়ালটোৱে।

চৰাইদেউৰ সাপেখাতীৰ লংপতীয়াৰ কিশোৰীগৰাকীৰ নিৰুদ্দেশে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত।

জানিব পৰা মতে, লংপতীয়াৰ নিৱাসী সুৰেন গগৈ আৰু দ্বীপশিখা গগৈৰ একমাত্ৰ কন্যা পাহি গগৈক বুধবাৰে ঘৰত অকলে এৰি কামলৈ ওলাই গৈছিল পিতৃ-মাতৃ দুয়োজন।

কিন্তু ঘৰলৈ উভতি আহি তেওঁলোকে কন্যাক পাহিক নেদেখি হাহাকাৰ লাগে। চৌদিশে বিচাৰ খোচাৰ কৰিও কন্যাৰ কোনো সন্ধান নাপাই অৱশেষত আৰক্ষীৰ কাষ চাপে।

আৰক্ষীয়ে এতিয়ালৈকে সন্ধান উলিয়াব পৰা নাই কিশোৰীগৰাকীৰ। যাৰ বাবে কিশোৰীগৰাকীক বিচাৰি চিন্তিত হৈ পৰিছে পিতৃ-মাতৃ।