চালকৰ তৎপৰতাৰ বাবেই ৰে’লপথত ৰৈ থকা বনৰীয়া হাতীৰ প্ৰাণৰক্ষা!

নিউজ ডেস্ক। অসমৰ লগতে দেশৰ বিভিন্ন ৰাজ্যত সময়ে-সময়ে ৰে’লৰ খুন্দাত বনৰীয়া হাতী হতাহত হােৱাৰ বাতৰিয়ে উদ্বিগ্ন কৰি তােলে প্ৰকৃতি প্ৰেমীসকলক।

এনে অধিকাংশ ঘটনাত মৃত্যু ঘটিছে গজৰাজৰ।

এনে ঘটনাৰ বাবে মূলতঃ ৰে’ল বিভাগকে জগৰীয়া কৰা হয়, কাৰণ বনাঞ্চলৰ মাজেৰে তীব্ৰ গতিত ৰে’লৰ চলােৱাৰ ফলতে এনে শােকাৱহ ঘটনা সংঘটিত হয়।

ইয়াৰ বাবে আনকি বহু সময়ত বন বিভাগেও সংশ্লিষ্ট ৰে’ল কৰ্তৃপক্ষৰ বিৰুদ্ধে নিজাববীয়াকৈ গােচৰ ৰুজু কৰিছে।

ইপিনে, ৰে’ল বিভাগেও ৰে’ল চলাচলৰ সময়ত বনৰীয়া হাতীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য কৰিয়েই কেতবােৰ বিভাগীয় নীতি-নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ ফলতে বহু সময়ত ৰােধ হৈছে এনে দুৰ্ঘটনা।

শেহতীয়াকৈ উত্তৰ পূব সীমান্ত ৰে’ল কৰ্তৃপক্ষই এনে দুটাকৈ ঘটনাৰ ভিডিঅ’ প্ৰকাশ কৰিছে য’ত ৰে’ল চালকৰ তৎপৰতাৰ বাবেই বনৰীয়া হাতীৰ প্ৰাণৰক্ষা পৰিছে।

এটা ভিডিঅ’ প্ৰত্যক্ষ কৰা হৈছে যে বনাঞ্চলৰ মাজেৰে গৈ থকা ৰে’লে ৰেলপথত প্ৰকাণ্ড এটা বনৰীয়া হাতী ৰে’লৰ সন্মুখৰ ফালে আহি থকা দেখি জৰুৰীভাৱে ৰখাই দিলে ৰে’ল আৰু হাতী পাৰ হৈ যোৱা পাছতহে ৰেলৰ যাত্ৰা পুনৰ আৰম্ভ কৰে চালকে।

চালকৰ এনে কাৰ্যক এতিয়া প্ৰশংসা কৰিছে সকলোৱে।

দৃশ্যটোত দেখা অনুসৰি, ০৭৫৪১ নম্বৰৰ ৰেলখন গৈ আছিল গন্তব্য স্থানলৈ। ৰেলখনৰ চালক আছিল ক্ৰমে আৰ কুমাৰ আৰু সহ চালক জি কে দাস। তেনেতে তেওঁলোকে তেনেই ওচৰত প্ৰত্যক্ষ কৰে যে এটা প্ৰকাণ্ড হাতী ৰেলপথটোত ৰেলখনৰ সন্মুখৰ দিশে আহি আছে।

লগে লগে চালকদ্বয়ে জৰুৰীভাৱে ব্ৰেক মাৰি নিৰ্দিষ্ট দূৰত ৰেলখন ৰখাই দিয়ে আৰু যেতিয়া হাতীটো ৰে’লপথ পাৰ হৈ বনাঞ্চলৰ ভিতৰলৈ সোমাই যায়, তেতিয়া পুনৰ তেওঁলোকে যাত্ৰা আৰম্ভ কৰে।

এই ঘটনাটো হয় উত্তৰ বংগৰ দুৱাৰ্চ অঞ্চলত।

অনুৰূপ ধৰণে, উত্তৰ পূব সীমান্ত ৰে’লৰ অন্তৰ্গত আলিপুৰদুৱাৰ জাঞ্চনৰ ৰে’ল সংমণ্ডল প্ৰাধিকাৰীয়ে টুইটাৰত এনে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছ য’ত ৰে’লপথ অতিক্ৰম কৰিছে বনৰীয়া হাতীৰ লগতে পােৱালি হাতীয়ে।

কিন্তু সৌভাগ্যবশতঃ চালকৰ তৎপৰতাৰ বাবে সম্ভাব্য বিপদৰ পৰা ৰক্ষা পৰে হাতীকেইটা। বৰ্তমান এই দৃশ্য দুটা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। সকলোৱে প্ৰশংসা কৰিছে ৰে’লৰ চালকসকলক।

লগতে চাওকঃ

১৫ ফুট গভীৰ কুঁৱাত আবদ্ধ হৈ পৰিল হাতী পোৱালি, উদ্ধাৰৰ বাবে চলিল তীব্ৰ অভিযান

Leave a Comment