চৰকাৰ বিৰােধী ধৰ্ণা-প্ৰতিবাদত অংশ ল’লে নাপাব চৰকাৰী চাকৰি!

নিউজ ডেস্ক। প্ৰতিবাদ ৰোধৰ বাবে বিহাৰ চৰকাৰৰ এক বিতৰ্কিত পদক্ষেপ। যিসকল লোকে প্ৰতিবাদ কৰিব তেওঁলোকে লাভ নকৰিব চৰকাৰী সুবিধা। অৰ্থাৎ পথ অৱৰোধ, চৰকাৰক সমালোচনা কৰি চিত্ৰ অংকন আদি কৰিলে লাভ নকৰিব চাকৰি।

এই সন্দৰ্ভত জাননী জাৰি কৰিছে বিহাৰ আৰক্ষীয়ে। যেন ভয় ভাবুকিৰে নাইকিয়া কৰিব বিচাৰিছে প্ৰতিবাদ। যাৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক হিটলাৰী শাসন চলোৱা বুলি সমালোচনা কৰিছে বহুতে।

মঙ্গলবাৰে এই সন্দৰ্ভত এক নতুন জাননী জাৰি কৰি বিহাৰ আৰক্ষী সঞ্চালক প্ৰধান এছ কে সিংঘালে কয় যে, যিসকলে ৰাজপথত প্ৰতিবাদ, ধর্ণা বা পথ অৱৰোধৰ দৰে কাৰ্য কৰে। অৰ্থাৎ যিবোৰৰ পৰা হিংসা হোৱাৰ সম্ভাৱনা থাকে। তেওঁলোকৰ শিক্ষাগত প্ৰমাণ-পত্ৰ বা ব্যক্তিত্ব পত্ৰত সেই বিষয়ে সন্নিৱিষ্ট কৰিব। যাতে ভৱিষ্যতে সেই সকলে চৰকাৰী চাকৰি লাভ কৰিব নোৱাৰে।

উল্লেখনীয় যে চৰকাৰী চাকৰি, বাহনৰ অনুজ্ঞা-পত্ৰ, পাছপৰ্ট লাভৰ বাবে আৰক্ষী প্ৰমানীকৰণ (Police Verification) ৰ নিতান্তই প্ৰয়োজন কৰা হৈছে এই জাননীত। এতিয়াৰে পৰা প্ৰতিবাদ কৰা সকলে লাভ নকৰিব আৰক্ষীৰ প্ৰমাণীকৰণৰ প্ৰতিবেদন।

আৰ জে ডি দলৰ নেতা তথা বিহাৰ বিধানসভাৰ বিৰোধী দলৰ নেতা তেজশ্বী যাদৱে চৰকাৰৰ এই পদক্ষেপক মূচুলিনী আৰু হিটলাৰৰ শাসন ব্যৱস্থাৰ লগত তুলনা কৰিছে।

এই জাননীখনত এই কথাও উল্লেখ কৰা আছে যে যদি কোনো লোকে সামাজিক মাধ্যমত চৰকাৰী বিষয়াৰ বিৰুদ্ধে প’ষ্ট দিয়ে। তেন্তে তাক চাইবাৰ ক্রাইম হিচাপে বিবচনা কৰাৰ লগতে আইনৰ আওতালৈ অনা হ’ব।

লগতে চাওকঃ

মহিলা আৰক্ষী বিষয়াৰ মানৱীয় পদক্ষেপ! বৃদ্ধৰ মৃতদেহ তুলি লৈ গ’ল কান্ধত, কৰিলে সৎকাৰ

সাগৰৰ গভীৰতাত সম্পন্ন হ’ল বিবাহ! প্ৰকৃতি সংৰক্ষণৰ বাৰ্তা নৱ দম্পতীৰ

ভয়ংকৰ কাণ্ড! পলিঅ’ৰ পৰিৱৰ্তে শিশুক খুৱালে হেণ্ড চেনিটাইজাৰ!

গুৱাহাটীৰ পৰা নিয়া পেকেট লাঞ্চ খাই ডিফুৰ চৰকাৰী অনুষ্ঠানত মৃত ১, অসুস্থ শতাধিক

Leave a Comment