ছােনিয়া গান্ধীয়ে ল’লে, আপুনিও লওক ক’ভিডৰ প্ৰতিষেধক -ৰাহুল গান্ধীলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আহ্বান

নিউজ ডেস্ক। কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবি শংকৰ প্ৰসাদৰ মাজত দীৰ্ঘদিন চলি আহিছে ৰাজনৈতিক তৰ্ক-বিতৰ্ক। সুযোগ পালেই ইজনে আনজনক কৰি আহিছে কটাক্ষ।

এইবাৰ পুনৰ ৰাহুল গান্ধীক এক বিশেষ আহ্বান জনালে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।

অলপতে ৰাহুল গান্ধীয়ে দেশৰ জনতাক কভিড প্ৰতিষেধক প্ৰদানৰ নীতি সন্দৰ্ভত চৰকাৰক কৰিছিল সমালোচনা।

ইয়াৰোপৰি তেওঁ কভিডত মৃত্যু হোৱা লোকৰ পৰিয়ালক সাহাৰ্য প্ৰদান কৰাৰ কথা কৈছিল। সেয়েহে তাৰ প্ৰত্যুত্তৰ হিচাপে সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৰাহুল গান্ধীলৈ নিক্ষেপ কৰে কিছু বাক্যবান।

সোমবাৰে মন্ত্ৰীজনে ৰাহুল গান্ধীক আহ্বান জনায় কয়, “ৰাহুল গান্ধীয়ে প্ৰতিষেধক প্ৰদান কেন্দ্ৰৰ ওপৰত প্ৰশ্ন তুলিছে, গতিকে তেওঁ ভাইৰাছৰ বিৰুদ্ধে যুঁজত সহযোগ কৰক। আজিও দেশে নাজানে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিজেই প্ৰতিষেধক গ্ৰহণ কৰিলে নে নকৰিলে। আপুনি যদি এতিয়াও কভিড-১৯ প্ৰতিষেধক গ্ৰহণ কৰা নাই, তেন্তে আপোনালৈ মোৰ বিনম্ৰ অনুৰোধ যে আপুনি প্ৰতিষেধক গ্ৰহণ কৰক।”

উল্লেখ্য যে যোৱা সপ্তাহত কংগ্ৰেছে ঘোষণা কৰিছিল যে কংগ্ৰেছ প্ৰধান ছোনিয়া গান্ধীয়ে কভিড প্ৰতিষেধকৰ দুয়ো পালি গ্ৰহণ কৰিলে। কিন্তু তাৰ বিপৰীতে ৰাহুল গান্ধীয়ে যোৱা মে’ মাহত কভিডত আক্ৰান্ত হৈয়ো কভিড প্ৰতিষেধক গ্ৰহণ কৰাৰ খবৰ জানিব পৰা হোৱা নাই।

অলপতে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি কংগ্ৰেছ নেতাজনে কৈছিল যে, “মোদী চৰকাৰে মৃতকৰ পৰিয়াললৈ যি সাহাৰ্য প্ৰদান কৰিছে সেইয়া যথেষ্ট নহয়। জনসাধাৰণৰ প্ৰতি সেৱা কৰাৰ মন মোদী চৰকাৰৰ নাই।”

Leave a Comment