ভাল খবৰ! হােম গাৰ্ড বৰছিং বে’ক কনিষ্টবল হিচাপে নিযুক্তি, কেবিনেটত সিদ্ধান্ত

নিউজ ডেস্ক। যি সময়ত অসম আৰক্ষীৰ বহু উচ্চ পদস্থ বিষয়া দুৰ্নীতি-উৎকােচৰ গােচৰ অভিযুক্ত হৈ ৰঙাঘৰৰ আলহী হ’বলগীয়া হৈছে, তেনে সময়তে কৰ্তব্যনিষ্ঠা আৰু সততাৰ পৰিচয় দি ৰাজ্যজুৰি উচ্চ প্ৰশংসিত হৈছে কাৰ্বি আংলঙৰ ডিলাই থানাত কৰ্তব্যৰত গৃহৰক্ষী জােৱান বৰছিং বে’।

এই সততাৰ পুৰষ্কাৰ হিচাপে বৃহস্পতিবাৰে অসম চৰকাৰৰ কেবিনেটে জােৱানজনক হােম গাৰ্ডৰ পৰা কনিষ্টবল পদত নিযুক্তি দিয়ে।

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যােতি মহন্তই টুইটাৰত এই সিদ্ধান্তৰ কথা অৱগত কৰে।

উল্লেখ্য যে প্ৰায় ১২ কােটি টকা মূল্যৰ নিষিদ্ধ দ্ৰব্য সৰবৰাহ কৰা চক্ৰটােৰ লাখ লাখ টকাৰ উৎকােচ প্ৰত্যাখ্যান কৰি নিজৰ কৰ্তব্য নিষ্ঠাৰে পালন কৰিছিল জােৱানজনে।

বুধবাৰে জােৱানজনক সম্বৰ্ধনা জনােৱাৰ লগতে ১ লাখ টকা নগদ ধন পুৰষ্কাৰ হিচাপে প্ৰদান কৰিছে ডিজিপি ভাস্কৰজ্যােতি মহন্তই।

Leave a Comment