জম্মু-কাশ্মীৰত সাংবাদিকৰ পৰা উদ্ধাৰ হেণ্ড গ্রেনেড, গ্ৰেপ্তাৰ

নিউজ ডেস্ক। জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত মংগলবাৰে বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱাৰ কেইঘন্টামানৰ পিছতেই সাংবাদিকৰ বেগত উদ্ধাৰ হ’ল হেণ্ড গ্রেনেড।

আৰক্ষীয়ে গ্রেনেড সহ গ্ৰেপ্তাৰ কৰে সাংবাদিকজনক।

মংগলবাৰে আৰক্ষীয়ে জনোৱা অনুসৰি এক স্থানীয় সংবাদ সংস্থাৰ সাংবাদিক হিচাপে কৰ্মৰত সাংবাদিকজন।

সাংবাদিকজনক আদিল ফাৰুক ভট বুলি জানিব পৰা যায়। তেওঁ খ্ৰী পাম্পৰেৰ বাসিন্দা।

আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে জনোৱা অনুসৰি, “তালাচীৰ সময়ত দুটা সজীৱ হেণ্ড গ্রেনেড উদ্ধাৰ কৰা হয় সাংবাদিক জনৰ বেগৰ পৰা। তেওঁৰ চালচলনত সন্দেহ কৰা হৈছিল। তেওঁক বৰ্তমান সোধা-পোচা কৰি থকা হৈছে আৰু বিষয়টো তদন্ত কৰি থকা হৈছে। ইয়াৰোপৰি ২০১৯ চনত সাংবাদিকজনক সন্ত্ৰাসবাদীক সামগ্ৰী যোগান ধৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছিল। যেতিয়া তেওঁ অৱন্তিপুৰাৰ ইছলামিক তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানত অধ্যয়ন কৰি আছিল।”

উল্লেখ্য যে মংগলবাৰে শ্ৰীনগৰৰ আমিৰা কদল অঞ্চলৰ ব্যস্ত পথত সন্ত্ৰাসবাদীয়ে গ্রেনেড বিস্ফোৰণ সংঘটিত কৰে। মূলত সেনাক লক্ষ্য কৰি এই বিস্ফোৰণ সংঘটিত কৰে। য’ত ১০ জন সাধাৰণ লোক আহত হয়।

Leave a Comment