তীব্ৰবেগী বাহনে মহটিয়ালে বাইকসহ পথচাৰীক, ৯ মাহৰ গৰ্ভৱতীসহ নিহত ৩

নিউজ ডেস্ক। এক শোকাৱহ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী ৯ মহীয়া গৰ্ভৱতী মহিলা-স্বামীসহ ৩ আন এগৰাকী মহিলাই।

এই ঘটনা মংগলবাৰে দুপৰীয়া সংঘটিত হয় তামিলনাডুৰ মায়ীলাডুথুৰাই জিলাৰ চিৰ্কাঝিত।

জানিব পৰা মতে, কান্নীয়াকুদি গাৱঁৰ এক দম্পতী এখন মটৰ চাইকেলত আহি আছিল। দম্পতীদ্বয় আছিল পুৰুষোত্তমন (৩৮) আৰু তেওঁৰ পত্নী টানি ঝবানি (২৮)।

গৰ্ভৱতী পত্নীক ভাইথেশ্বৰণ চৰকাৰী চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰাবৰ বাবে লৈ আহিছিল স্বামীয়ে। যেতিয়া তেওঁলোকে চিকিৎসালয়ৰ পৰা ঘূৰি আহি কাৰকৈল গাঁও পাইছিল, তেতিয়াই এখন দ্ৰুতবেগী বাহনে খুন্দা মাৰে তেওঁলোকৰ মটৰ চাইকেলত।

বাহনৰ খুন্দাত দুয়ো তেওঁলোকৰ মটৰ চাইকেলৰ পৰা উফৰি পৰে আৰু ঘটনাস্থলীতে দুয়োৰে মৃত্যু হয়।

লগে লগে গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই। যাৰ ফলত গাড়ীখনে গৈ পথত খোজকাঢ়ি আহি থকা আন দুগৰাকী মহিলাক খুন্দিয়াই।

সেই দুই মহিলাক ক্ৰমে উদয়মপালয়মৰ থাইয়ালনায়াগী (৫০) আৰু ৰাণী (৫৫) বুলি জানিব পৰা যায়।

থাইয়ালনায়াগী ঘটনাস্থলীতে নিহত হোৱাৰ বিপৰীতে ৰাণীক চিৰ্কাঝি চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। কিন্তু পৰৱৰ্তী সময়ত তেওঁক উন্নত চিকিৎসাৰ বাবে চিদাম্বৰম চৰকাৰী চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়।

ঘটনা সংঘটিত কৰা গাড়ীখনৰ চালক কঅৰুণ কুমাৰ (৩২) বুলি জানিব পৰা যায়। তেওঁ গাড়ী ৰখাই সেই স্থানৰ পৰা পলায়ন কৰে। ইয়াৰ পিছতেই অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। স্থানীয় লোকে গাড়ীখন পথৰ কাষৰ এটা পুখুৰীৰ কাষলৈ নি ভাঙি পেলাই।

আনকি পথ অৱৰোধৰ কাৰ্যসূচীও লয় আৰু আৰক্ষীক তাৎক্ষণিকভাৱে চালকক গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন কৰে।

পৰৱৰ্তী সময়ত আৰক্ষীয়ে চালকজনক চিনাক্ত কৰি আটক কৰে যদিও গ্ৰেপ্তাৰ নকৰে। কাৰণ চালকজনে এক জটিল স্বাস্থ্য অৱস্থাৰ বাবে ঔষধৰ দোকানলৈ আহিছিল বুলি জানিব পৰা যায়।

সেয়েহে আৰক্ষীয়ে কয় যে তেওঁৰ স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে গ্ৰেপ্তাৰ কৰা হ’ব। কিন্তু তেওঁৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হয়। আৰক্ষীয়ে পৰৱৰ্তী তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।

Leave a Comment