তামোল গছৰ ঢকুৱাৰ থাল-বাটি প্ৰস্তুত কৰি স্বাৱলম্বী যুৱক

নিউজ ডেস্ক। যি সময়ত ৰাজ্যৰ লক্ষ লক্ষ যুৱক-যুৱতীয়ে কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ ঢাপলি মেলিছে তেনে সময়তে তামোল গছৰ ঢকুৱাৰে থাল-বাটি প্ৰস্তুত কৰি স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছে গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তৰ ৰেচু-বেলপাৰা গাঁৱৰ একাংশ নিবনুৱা যুৱকে ।

‘মা লক্ষ্মী ট্ৰেডাৰ্চ’ নামেৰে এটি দহ জনীয়া গোট খুলি তেওঁলোকে তামোল গছৰ ঢকুৱাৰ পৰা মেচিনেৰে বিভিন্ন আকৃতিৰ থাল-বাটি প্ৰস্তুত কৰি গুৱাহাটী, মেঘালয়ৰ শ্বিলং, উইলিয়াম নগৰ, তুৰা আদি ঠাইলৈ যোগান ধৰি আৰ্থিকভাৱে স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে।

যিটো সময়ত বিয়া-বাৰু, সভা-সমিতি সমূহত প্লাষ্টিকৰ থাল-বাটি, গিলাচ আদি ব্যৱহাৰ কৰি পৰিৱেশ প্ৰদূষণ কৰিছে সেইটো সময়ত তামোল গছৰ ঢকুৱাৰে থাল বাটি প্ৰস্তুত কৰি ইয়াক ব্যৱহাৰৰ উপযোগী কৰাত পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰতো নিশ্চয় সহায়ক হ’ব।

উল্লেখ্য যে দহ জনীয়া গোটটোৱে চৰকাৰী সাহায্য অবিহনে ব্যক্তিগত বেঙ্কৰ পৰা ঋণ লৈ কৰ্ণাটকৰ পৰা মেচিনটো ক্ৰয় কৰে আৰু এই ব্যৱসায় আৰম্ভ কৰি সফল হ’বলৈ সক্ষম হৈছে।

অকল থাল-বাটি প্ৰস্তুত কৰিয়ে হাত সাৱতি বহি থকা নাই ‘মা লক্ষ্মী ট্ৰেডাৰ্চ’ গোটৰ যুৱক সকলে তেওঁলোকে আমি সদায় ব্যৱহাৰিক চেণ্ডেল প্ৰস্তুত কৰি অসমৰ লগতে বহিঃৰাজ্যত ৰপ্তানি কৰি জনপ্ৰিয়তা তথা লাভবান হ’বলৈ সক্ষম হৈছে ৷

চৰকাৰে এইসকল শিক্ষিত যুৱক তথা ‘মা লক্ষ্মী ট্ৰেডাৰ্চ’ গোটক যদি গুৰুত্ব প্ৰদান কৰে তেন্তে ৰাজ্যৰ অৰ্থনৈতিক ক্ষেত্ৰত যথেষ্ট অৰিহনা যোগাবলৈ সক্ষম হ’ব বুলি সচেতন মহলে মন্তব্য কৰিছে ৷

Leave a Comment