যুৱ সাংবাদিক মিন্টু তামুলীৰ আকস্মিক বিয়ােগ

নিউজ ডেস্ক। অৰুণাচল প্ৰদেশত কৰ্মৰত যুৱ সাংবাদিক মিন্টু তামুলীৰ আকস্মিক বিয়ােগত মৰ্মাহত হৈছে ৰাজ্যখনৰ সাংবাদিকসকল।

মাত্ৰ বছৰ পূৰ্বে নিজ মাতৃক হেৰুওৱা সাংবাদিক মিন্টু তামুলীৰ মৃত্যুৰ খবৰে অসমৰ সংবাদ মহলতাে গভীৰ শােকৰ ছাঁ পেলাইছে।

অতি কম সময়তে সংবাদজগতৰ চিনাকি মুখ হৈ পৰা তামুলীৰ মৃত্যুৰ সময়ত বয়স আছিল মাত্ৰ ৩২ বছৰ।

জানিব পৰা মতে বৃহস্পতিবাৰে বিয়লি হৃদক্ৰিয়া বন্ধ হৈ ইটানগৰত মিন্টু তামুলীয়ে অকাল মৃত্যুক সাবটি লয়।

উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানক প্ৰতিনিধিত্ব কৰা তামুলীয়ে অসমৰাে একাধিক বৈদ্যুতিন মাধ্যমৰ হৈ সাংবাদিকতা কৰিছিল।

ইয়াৰ উপৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিষ্ঠিত বৈদ্যুতিন মাধ্যমৰ সৈতেও জড়িত আছিল প্ৰয়াত সাংবাদিকগৰাকী।

সংবাদকৰ্মীজনৰ দেহাৱসানত বিভিন্ন দল-সংগঠনৰ লগতে গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু তথা কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে।

মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে টুইট কৰি বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

Leave a Comment