নিউজ ডেস্ক। নিজৰ মৰমৰ পোহনীয়া জন্তুটোৰ কাৰণে সকলোৱেই কৰিব পাৰে কষ্ট অথবা ত্যাগ। নিজে নাখাইয়ো খুৱাব পাৰে মৰমৰ জন্তুক।
এইবাৰ এনে এক দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিলে, যিটো দেখিলে আপুনিও ভাবিবলৈ বাধ্য হ’ব যে কিমান মৰম থাকিলে নিজৰ জীৱনৰ কথা পাহৰিয়ো কোনোৱে উদ্ধাৰ কৰিব পাৰে পোহনীয়া জন্তুক।
তেনে এক দৃশ্য দেখা পোৱা গ’ল আমেৰিকাত। এগৰাকী ১৭ বছৰীয়া যুৱতীয়ে পোহনীয়া কুকুৰক বচাবৰ বাবেই হাতেৰে ঠেলি পঠিয়ালে ভালুকক। আৰু উদ্ধাৰ কৰি আনিলে কুকুৰক। সেই ভয়ংকৰ দৃশ্য এতিয়া সৰ্বত্ৰে ভাইৰেল।
দৃশ্যটোত দেখা অনুসৰি, এজনী মুগা বৰণৰ ভালুক ঘৰৰ সীমাৰ দেৱালত বগাই আহিছে। ভালুকজনীৰ লগত আছে দুটা পোৱালিয়ো। তেনেতে ভালুকক প্ৰত্যক্ষ কৰি ঘৰৰ চৌহদত থকা এটা ডাঙৰ কলা ৰঙৰ কুকুৰে ভুকিবলৈ আৰম্ভ কৰে। লগতে আন কেইবাটাও পোৱালি কুকুৰেও ভুকিবলৈ লয়।
ভালুকজনীয়ে দেৱালৰ ওপৰৰ পৰাই আক্ৰমণ কৰে কুকুৰকেইটাক। আটাইকেইটা কুকুৰে ভুকা শুনি ঘৰৰ ভিতৰৰ পৰা আহে এগৰাকী যুৱতী। আৰু যুৱতী গৰাকীয়ে সেই দৃশ্য দেখি দৌৰি গৈ ঠেলা মাৰি সিপাৰলৈ পেলাই দিয়ে ভালুকজনীক। আৰু কুকুৰ কেইটাক ঘৰৰ ভিতৰলৈ খেদি আনে আৰু এটা পোৱালিক নিজে দাঙি লৈ ভিতৰলৈ দৌৰি আহে যুৱতী গৰাকী।
Get this: A mama bear and her two cubs walk along the fence in the backyard of a home in California. Some dogs run out and the mama bear goes to defend her babies. Then a 17yo girl runs out & pushes the bear off the ledge in order to protect her babies: the puppies. pic.twitter.com/AJkuNfyHNX
— David Begnaud (@DavidBegnaud) June 1, 2021
অৱশ্যে পিছত আকৌ ভালুকজনী উঠি আহে দেৱাল খনলৈ। এই দৃশ্যই এতিয়া ভাইৰেল হৈ পৰে সৰ্বত্ৰে।
জানিব পৰা মতে, ১৭ বছৰীয়া সেই যুৱতী গৰাকীৰ নাম হেইলী। তেওঁ সংবাদ মাধ্যমত কয় যে- “সেই সময়ত মই ভিতৰত আছিলো। কুকুৰে ভুকুতে প্ৰথমতে মই আন কুকুৰক দেখি সিহঁতে ভুকা বুলি ভাবিছিলো। কিন্তু বেছিকৈ ভুকাত মই বাহিৰলৈ যাওঁ। গৈ দেখো যে এজনী ভালুকে আক্ৰমণ কৰিছে কুকুৰ কেইটাক। সেইয়া দেখি মই দৌৰি গৈ ঠেলা মাৰি দেৱালৰ পৰা পেলাই দিওঁ ভালুকজনীক। আৰু সিহঁতক লৈ আহো ভিতৰলৈ। সেই সময়ত মই কি কৰিছিলো একো গম পোৱা নাছিলো। পিছতহে ভাবিছো যে ই কিমান ভয়ংকৰ আছিল।”
হেইলীৰ মাতৃয়েও কন্যাৰ সেই সাহসক প্ৰশংসা কৰিছে। অৱশ্যে মাতৃ আৰু হেইলীয়ে কাকোৱেই এনে কাম আগলৈ নকৰিবলৈ অনুৰোধ কৰে। কেতিয়াবা এনে কামে জীৱন কাঢ়ি নিব পাৰে বুলিও তেওঁলোকে কয়।
উল্লেখ্য যে সামাজিক মাধ্যমৰ ব্যৱহাৰকাৰী সকলে হেইলীৰ সেই সাহসক প্ৰশংসা কৰি কৰিছে বহুতো মন্তব্য। বহুতে আকৌ ভালুকজনীয়ে নিজৰ সন্তানক কুকুৰে আক্ৰমণ কৰাৰ ভয়তহে তেনে কৰা বুলি কয় আৰু নিজৰ প্ৰকৃতি পৰিহাৰ কৰি হেইলীক আক্ৰমণ নকৰা বুলি কয়।
লগতে চাওকঃ