দুৰ্ঘটনাত আহত হৈ AMCH ত চিকিৎসাধীন ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা ফুটবলাৰ চাবিনা মিঞ্জৰ মৃত্যু

নিউজ ডেস্ক। অৱশেষত মৃত্যুৰে সৈতে যুঁজ দি হাৰ মানিলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা ফুটবলাৰ তথা ডিব্ৰুগড় জিলাৰ মৰাণ-খােৱাঙৰ বাসিন্দা চাবিনা মিঞ্জে।

উল্লেখ্য যে কিছুদিন পূৰ্বে এক ভয়ংকৰ পথ দুর্ঘটনাত আহত হৈ ডিব্ৰুগড় AMCH ত চিকিৎসাধীন হৈ আছিল চাবিনা।

কিন্তু শনিবাৰে শেষ নিশ্বাস ত্যাগ কৰে প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে।

জানিব পৰা মতে, খোৱাঙৰ শালমাৰি চাহ বাগিছাৰ বাসিন্দা ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা ফুটবল খেলুৱৈগৰাকীয়ে মৰাণত এক পথ দুৰ্ঘটনাত ভৰিত গুৰুতৰভাৱে আঘাত পাইছিল।

ইয়াৰ পাছতে উন্নত চিকিৎসাৰ বাবে চাবিনাক অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়।

ক্ৰীড়ামন্ত্ৰী বিমল বৰাই হাস্পতাললৈ গৈ খেলুৱৈগৰাকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ লৈ যোৱাৰ বাবেও যো-জা চলাইছিল।

কিন্তু স্বাস্থ্যৰ অৱস্থা অধিক গুৰুতৰ হৈ পৰাত অন্য ৰাজ্যলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লােৱা নাছিল চিকিৎসকে।

অৱশেষত শনিবাৰে তেওঁ অসম চিকিৎসা মহাবিদ্যলয়ত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰাত ক্ৰীড়া প্ৰেমীৰ মাজত শোকৰ ছাঁ পৰিছে।

Leave a Comment