দ্ৰুত গতিত বাঢ়িছে ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা, পুনৰ প্ৰাণ হেৰুৱালে ৫੦ জন লােকে

নিউজ ডেস্ক। ৰাজ্যত ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহতা বৃদ্ধিৰ মাজতে শনিবাৰে পুনৰ ৰাজ্যজুৰি আক্ৰান্ত হ’ল ৫ সহস্ৰাধিক লােক।

বিগত ২৪ ঘন্টাত ৰাজ্যজুৰি ক’ভিডত প্ৰাণ গ’ল ৫੦ জনৰ।

উল্লেখ্য যে শুকুৰবাৰে ৰাজ্যজুৰি ক’ভিডৰ সংক্ৰমণত সৰ্বাধিক ৪৭ জন লােকে প্ৰাণ হেৰুৱাইছিল।

এই সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত প্ৰকাশ কৰা অনুসৰি, দিনটােত নতুনকৈ ৫,৭৫৬ জন লােক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে।

ইয়াৰে ১,৫৪৩ জন কেৱল গুৱাহাটী মেট্ৰ’ জিলাৰ। শুকুৰবাৰে এই সংখ্যা আছিল ১,৫৫১ জন।

উল্লেখ্য যে দিনটােত ৬৫,১৪੦ টা ক’ভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল। আনহাতে, সংক্ৰমণৰ হাৰ শুকুৰবাৰৰ ৮.২৪ শতাংশৰ পৰা শনিবাৰে ৮.৮৪ শতাংশলৈ বৃদ্ধি পাইছে।

ৰাজ্যজুৰি মৃত ৫੦ জনৰ ভিতৰত ১৬ জন গুৱাহাটী মেট্ৰ’ জিলাৰ। দিনটােত ৰাজ্যৰ সৰ্বমুঠ ১৯ খন জিলাত ক’ভিডৰ বাবে ৰােগীৰ মৃত্যু ঘটে।

ৰাজ্যত সক্ৰিয় ক’ভিড ৰােগীৰ সংখ্যা ৩৬,৭৯৯ লৈ বৃদ্ধি পাইছে। দিনটােত ক’ভিডৰ পৰা সুস্থ হৈ থকা ৩,੦৫৩ জন লােকক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়।

লগতে চাওকঃ

কোৰোনাত আক্ৰান্ত হ’ল একে পৰিয়ালৰ ২১ জন! ৬ মহীয়া কেঁচুৱাৰ পৰা ৮০ বছৰীয়া বৃদ্ধলৈকে আক্ৰান্ত সকলো

Leave a Comment