নিউজ ডেস্ক। ব্যস্ত পথত গাড়ী ৰখােৱাৰ লগতে আকস্মিকভাৱে গাড়ীৰ দৰ্জা খুলি দিয়াৰ বাবেই সংঘটিত হ’ল এক ভয়ংকৰ পথ দুৰ্ঘটনা।
হঠাৎ খুলি দিয়া গাড়ীৰ দৰ্জাত খুন্দা মাৰি কৰুণভাৱে মৃত্যুক সাৱটিলে এগৰাকী স্কুটী আৰোহীয়ে।
এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত।
এই ভয়াৱহ দুৰ্ঘটনাৰ দৃশ্য CCTV কেমেৰাত বন্দী হৈছে।
জানিব পৰা মতে, বুধবাৰে লক্ষ্ণৌৰ আলমবাগৰ ছোটা বৰহা অঞ্চলত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।
এজন গাড়ী চালকে পিছফালে নচোৱাকৈয়ে গাড়ীৰ দুৱাৰখন খুলি দিয়াত পিছফালৰ পৰা আহি থকা এজন স্কুটী আৰোহীয়ে প্ৰচণ্ড জোৰে খুন্দা মাৰে।
গুৰুতৰভাৱে আহত স্কুটী আৰোহীজনক হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও বৃহস্পতিবাৰে বিয়লি তেওঁৰ মৃত্যু ঘটে।
আৰক্ষীৰ মতে, বুধবাৰে বিয়লি আলামবাগৰ ছোটা বঢ়াৰ বাসিন্দা ৪৫ বছৰীয়া অটো চালক অনিল গৌতমে এখন স্কুটীৰে ঘৰৰ পৰা ওলাই আহিছিল।
সেই সময়তে পথৰ দাঁতিত ৰখাই থোৱা এখন চাৰিচকীয়া বাহনৰ চালকে গাড়ীৰ দুৱাৰখন খুলি দিয়ে। যাৰ ফলত তাত খুন্দা মাৰি পথৰ ওপৰত চিটিকি পৰে অনিল গৌতম।
লগে লগে তেওঁক ট্ৰমা চেণ্টাৰলৈ লৈ যোৱা হৈ যদিও অধিক ৰক্তক্ষৰণৰ বাবে বৃহস্পতিবাৰে বিয়লি তেওঁৰ মৃত্যু ঘটে।
এই ঘটনাৰ পিছতে মৃত লোকজনৰ পত্নীয়ে অজ্ঞাত বাহন চালকজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে।
सड़क पर रुकी कार का अचानक गेट खुलने से टकरा गया स्कूटी सवार, उछलकर दूर पड़ा, मौत#ViralVideo #VideoViral #Lucknow @Live_Hindustan pic.twitter.com/wiwgTZoiXd
— Hindustan UP-Bihar (@HindustanUPBH) July 15, 2022
প্ৰত্যক্ষদৰ্শী একাংশই মন্তব্য কৰা মতে, দুৰ্ঘটনাৰ সময়ত স্কুটী আৰোহী অনিল গৌতমে হেলমেট পৰিধান কৰা নাছিল বাবেই তেওঁৰ আঘাত গুৰুতৰ হৈ পৰিছিল।
তেওঁ হেলমেট পৰিধান কৰা হ’লে জীৱন ৰক্ষা পৰিলেহেঁতেন বুলিও একাংশই মত পোষণ কৰিছে।
লগতে চাওকঃ
3 thoughts on “পথৰ ওপৰতে গাড়ী ৰখাই চালকে হঠাতে খুলি দিলে গাড়ীৰ দৰ্জা, ঘটিল ভয়ংকৰ দুৰ্ঘটনা…”
Comments are closed.