পথৰ ওপৰত গড়কাপ্তানী বিভাগে পেলাই থোৱা মাটিৰ দমত খুন্দা মাৰি মৃত্যুক সাৱটিলে নীলােৎপলে…

নিউজ ডেস্কঃ বানে ছিগা পথৰ মেৰামতিৰ নামত পেলাই থোৱা মাটিৰ দমত খুন্দা মাৰি মৃত্যুক সাৱটি ল’বলগীয়া হ’ল এজন যুৱকে।

বিগত তিনিদিন ধৰি হাস্পতালত চিকিৎসাধীন হৈ থাকি দেওবাৰে যুৱকজনৰ মৃত্যুৰ বাতৰিয়ে সৃষ্টি কৰিছে শোকাকুল পৰিৱেশৰ।

সমান্তৰালভাৱে কোনো আগতীয়া সতৰ্কবাণী অবিহনে এনেদৰে পথৰ ওপৰত মাটি পেলাই থোৱা গড়কাপ্তানী বিভাগৰ ওপৰতো ক্ষোভ ব্যক্ত কৰিছে বহুতে।

জানিব পৰা মতে, যোৱা ১৪ জুলাইৰ নিশা কৰ্তব্যস্থলীৰ পৰা ঘৰলৈ উভতিছিল মঙলদৈৰ জনাৰামচৌকাৰ কেওটপাৰা গাঁৱৰ হোদাপাৰা চুবুৰীৰ প্ৰাক্তন আলফা নেতা তথা সৰবৰহী নাগৰিক দেৱেন মেধিৰ একমাত্ৰ পুত্ৰ সন্তান নিলোৎপল মেধি (বুবু) নামৰ ২৮ বৰ্ষীয় যুৱকজনে।

মঙলদৈৰ এটা ডিলাৰত কৰ্মৰত যুৱকজনে অইনদিনাৰ দৰে সেইদনাও বাইকেৰে আহি থকা সময়তে এমপিকে পথৰ জনাৰাম চৌকাৰ সমীপৰ হৰিণখোজাত বানে ছিগা এছোৱাত পেলাই থোৱা মাটিৰ দমত খুন্দা মাৰি গুৰুতৰভাৱে আহত হয়।

পৰৱৰ্তী সময়ত যুৱকজনক আমিনগাঁৱৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও হাস্পতালত ৩ দিন চিকিৎসাধীন হৈ থাকি দেওবাৰে মৃত্যু ঘটে যুৱকজনৰ।

কোনো আগতীয়া সতৰ্কীকৰণ অবিহনেই পথৰ ওপৰত এনেদৰে গড়কাপ্তানী বিভাগে মাটি পেলাই থোৱাৰ বাবেই নিলোৎপল দুৰ্ঘটনাত পতিত হোৱাৰ অভিযোগ তুলিছে পৰিয়াল তথা অঞ্চলবাসীয়ে।

যুৱকজনৰ মৃত্যুৰ বাতৰি লাভ কৰাৰ পিছতে গভীৰ শোকৰ ছাঁ পৰে মঙলদৈত।

ইফালে জানিব পৰা মতে, দেওবাৰে যুৱকজনৰ মৰোণত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছত সোমবাৰে মৃতদেহ স্বগৃহলৈ অনা হয়।

লগতে চাওকঃ

উৎকট গৰমৰ পৰা অলপ পৰিত্ৰাণ! বাক্সাৰ দাৰাগাঁৱলৈ ঢাপলি মেলিছে অগণন পৰ্যটকে