পুনৰ চৰ্চাত ‘লাডেন’! এই বিশেষ কাৰণত চৰ্চালৈ আহিছে ওচামা বিন লাডেনৰ পুত্ৰ…

নিউজ ডেস্ক। এইবাৰ শিৰোনাম দখল কৰিছে একালৰ বিশ্বত্ৰাস হিচাপে পৰিচিত সন্ত্ৰাসবাদী ওচামা বিন লাডেনৰ পুত্ৰই।

অৱশ্যে কোনো হীন কৰ্মৰ বাবে তেওঁ দখল কৰা নাই শিৰোনাম। তাৰ পৰিৱৰ্তে পুত্ৰ ওমৰ বিন লাডেনে এক ভাল কামৰ বাবে নিজৰ সুকীয়া পৰিচয়েৰে দখল কৰিছে শিৰোনাম।

শেহতীয়াকৈ তেওঁৰ এটা সংবাদ গোষ্ঠীৰ সৈতে হোৱা সাক্ষাৎকাৰ ভাইৰেল হৈ পৰিছে।

কভিড মহামাৰীৰ সময়ত সকলোৱে নিজৰ পৰিয়ালৰ লগত কটাইছিল। তাৰ পৰিৱৰ্তে বহুতে নিজৰ ন ন প্ৰতিভাৰে বিকশিত হৈছিল। তেনেদৰে ওমৰ বিন লাডেনেও নিজৰ ভালপোৱা কামেৰে কটাইছিল সময়।

1614573642207-memory

তেওঁ অৱশ্যে পিতৃৰ কৰ্ম পথেৰে নগৈ মাতৃৰ আদৰ্শেৰেহে আগবাঢ়িল। তেওঁৰ মাতৃ আছিল এগৰাকী কলাপ্ৰেমী। চিত্ৰাংকন আৰু ৰং ভালপাইছিল মাতৃয়ে। সেই অনুসৰি তেওঁ আৰু তেওঁৰ ভগ্নীয়েও ভাল পাইছিল এই বিদ্যা।

সেয়েহে লকডাউনৰ সময়ছোৱাত ওমৰ বিন লাডেনে অংকন কৰিলে চিত্ৰ। পূৰালে নিজৰ চখ।

ওমৰ বিন লাডেনৰ শিল্পকৰ্ম

VICE নামৰ সংবাদ গোষ্ঠীটোত দিয়া সাক্ষাৎকাৰটোত তেওঁ কয় যে, “চিত্ৰাংকন আৰু ৰঙৰ প্ৰয়োজনীয়তা মোৰ তেজত আছে। মোৰ মাতৃ, ভগ্নী আৰু এজন খুৰাও ৰং-তুলিকাৰ প্ৰতি আকৰ্ষিত। শৈশৱকালৰ পৰাই মই চিত্ৰাংকন ভাল পাওঁ। স্কুলীয়া জীৱনৰ মোৰ এখন ছবি এতিয়াও বেৰত ওলমি আছে। মই শিশুকালত শান্তি হেৰোৱালো। আনন্দৰ যিবোৰ দিন আছিলে সেইবোৰ একো নুবুজিলোৱেই। যি সমূহ ডাঙৰ হৈহে উপলব্ধি কৰিছো। আৰু বিশ্বই আমাক কেনেদৰে চাইছিল বুজি পালো। মোৰ এই অন্ধকাৰ পথ অৱসানৰ বাবে এতিয়া মই ৰং-তুলিকাৰ দ্বাৰা পোহৰ দেখা পাইছো। মোৰ বিশ্বাস যে ইয়াৰ দ্বাৰা মোৰ জীৱনলৈ পুনৰ পোহৰ আহিব।”

ওমৰ বিন লাডেনৰ শিল্পকৰ্ম

উল্লেখ্য যে শৈশৱ কালতো তেওঁ এক অকল্পনীয় পৰিৱেশত কটাইছিল। যুদ্ধ আৰু সন্ত্ৰাসৰ মাজত কটাইছিল দিন। বৰ্তমান ওমৰে পত্নী জাইনা মহম্মদ আল চাবহৰ সৈতে আছে নৰ্মানড্ৰীত বাস কৰে।

1614573541294-tora-bora-untouchable

লগতে চাওকঃ

কামৰূপ জিলা প্ৰশাসনৰ ‘ব্ৰেণ্ড এম্বাছেডৰ’ ‘ৰাকু দা’! চাওক সজাগতা মূলক ভিডিঅ’-ফটাে

গাড়ী নহয়, ‘বিলাসী’ চোৰৰ লক্ষ্য দামী গাড়ীৰ চকা! CCTV ত বন্দী চােৰৰ কাণ্ড

বিধানসভা নিৰ্বাচনঃ প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ বিজেপিৰ

মৰ্মান্তিক! প্ৰেম বিবাহৰ দুদিন পিছতেই ক’ভিড-১৯ পজিটিভ ন-কইনা, মৃত্যু

Leave a Comment