শােকাৱহ! পথাৰৰ মাজত খন্দা গাঁতত যুৱতীৰ সলিল সমাধি

নিউজ ডেস্ক। পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত তথা পূব কামৰূপ বন সংমণ্ডলৰ অধীনৰ বৰিহাট অঞ্চলৰ কাশী গংগা (কাঁহি গংগা) পথাৰত কােনাে লােকে খন্দা দ গাঁতত পৰিল এজনী যুৱতীৰ সলিল সমাধি ঘটে।

বিৱৰণী মতে, শিকাৰহাটী নিৱাসী শিল্পী ৰত্নেশ্বৰ দাস আৰু ৰঞ্জিতা দাসৰ কনিষ্ঠা কন্যা জুৰি দাসে (২৫) সােমবাৰে পুৱা মাকৰ সৈতে পথাৰৰ ভূঁই ৰুবলৈ গৈছিল।

ঘটনাক্ৰমে পুখুৰীৰ যুঁৱলিত পৰি যুৱতীগৰাকী নিখোজ হৈ থকাত হুৱাদুৱা লাগে। পাচত স্থানীয় লোকে বিচাৰ-খোচাৰ কৰাত যুৱতীগৰাকীক পুখুৰীৰ পৰা মৃত অৱস্থাত উদ্ধাৰ কৰা হয়।

শোকাৱহ খবৰ বিয়পি পৰাৰ পাছতে অঞ্চলটো লোকাৰণ্য হৈ পৰে। পলাশবাৰী আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে আৰক্ষী প্ৰশাসন আৰু বন বিভাগৰ কমিছনৰাজৰ বাবে একাংশ ব্যৱসায়ীয়ে অঞ্চলটোত জধে-মধে এক্সকেভেটৰেৰে ভূমি খনন অব্যাহত ৰাখাই নহয়, খেতিপথাৰৰ মাজে মাজে খন্দা এনেকুৱা দ’ পুখুৰীত মাজে সময়ে এনে দুৰ্ঘটনা সংঘটিত হৈ আহিছে।

অতি দক্ষ শিপিনী, কৰ্মপটু যুৱতীগৰাকীৰ শোকাৱহ মৃত্যুৰ উচিত তদন্ত কৰাৰ লগতে দুখীয়া পৰিয়ালটোলৈ সহায়ৰ হাত আগবঢ়ালৈ চৰকাৰক আহ্বান জনাইছে সচেতন লোকে।

Leave a Comment