মৃত্যুৰ পাছতাে ৪ জনৰ জীৱন পােহৰাই তুলিলে অভিনেতা পুনীত ৰাজকুমাৰে

নিউজ ডেস্ক। যোৱা ২৯ অক্টোবৰত হৃদ ৰোগত আক্ৰান্ত হৈ আকস্মিক মৃত্যু হৈছিল কানাড়া অভিনেতা পুনীত ৰাজকুমাৰৰ। যাৰ বাবে সমগ্ৰ দেশতে পৰিছিল শোকৰ ছাঁ।

তেওঁৰ মৃত্যুৰ পিছতেই তেওঁৰ পৰিয়ালে তেওঁৰ চকু দান কৰাৰ সিদ্ধান্ত লৈছিল। সেই অনুসৰি তেওঁৰ চকু চাৰিজন লোকক দান কৰা হৈছিল।

সেই সকলৰ ভিতৰত আছিল এগৰাকী মহিলা আৰু তিনিজন পুৰুষ।

তেওঁলোকক বেংগালুৰুৰ নাৰায়ণ নেত্ৰালয়ৰ চিকিৎসকসকলে একেদিনাই দৃষ্টি শক্তি প্ৰদান কৰে।

FC4-Sqfh-Vc-AIYPMU

অভিনেতা পুনীত ৰাজকুমাৰৰ কৰ্ণিয়া সংগ্ৰহ কৰা চিকিৎসকসকলে কয় যে তেওঁলোকে কৰ্ণিয়াবোৰ কাটিছিল আৰু চাৰিজন অন্ধ ৰোগীৰ ক্ষেত্ৰত ইয়াক সংৰােপণ কৰা হৈছিল।

১ নৱেম্বৰত বাংগালুৰুত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি নাৰায়ণ নেত্ৰালয়ৰ অধ্যক্ষ তথা পৰিচালনা সঞ্চালক ড০ ভুজং চেট্টীয়ে প্ৰকাশ কৰে যে, “প্ৰয়াত অভিনেতাজনৰ প্ৰতিটো চকু দুজন ৰোগীৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হৈছিল। অতুলনীয় কথাটো হ’ল যে আমি কৰ্ণিয়াৰ উৎকৃষ্ট আৰু গভীৰ স্তৰবোৰ পৃথক কৰি দুজন ৰোগীৰ চিকিৎসাৰ বাবে প্ৰতিটো চকু ব্যৱহাৰ কৰিছিলো।”

লগতে চাওকঃ নিৰাপত্তা কৰ্মীৰ সাহসীকতাৰ বাবে ব্যৰ্থ হ’ল ডকাইতি কাণ্ড, দৃশ্য বন্দী CCTV কেমেৰাত

চিকিৎসকসকলৰ মতে, মাইক্ৰ’চাৰ্জাৰীৰ শেহতীয়া প্ৰযুক্তিয়ে একেদিনাই চাৰিজন লোকক দৃষ্টি প্ৰদান কৰাটো সম্ভৱ কৰি তুলিছিল। সকলো ৰোগী কৰ্ণাটকৰ আছিল। ইয়াৰ অৰ্থ হৈছে যে দৃষ্টিশক্তিৰ দুৰ্বলতাৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি কৰ্ণিয়াৰ বিভিন্ন টুকুৰা একাধিক লোকক দান কৰিব পাৰি।

FC3-SIKq-UYAMSKz-L

চিকিৎসক সকলে লগতে কয় যে, কৰ্ণিয়াৰ সন্মুখৰ অংশ ‘কৰ্ণিয়া বুটাম’ ক্ৰমান্বয়ে কেৰাটোকনাছ আৰু কৰ্ণিয়াডিষ্ট্ৰোফিত ভুগি থকা দুজন যুৱ ৰোগীক সংৰূপন কৰা হৈছিল।

কেৰাটোকনাছ হৈছে এক চকুৰ ৰোগ যি কৰ্ণিয়াৰ গাঁথনি প্ৰভাৱিত কৰে। যাৰ ফলত মানুহে দৃষ্টিশক্তি হেৰুৱায়। ইয়াক “ডিপ এণ্টেৰিয়ৰ লেমেলাৰ কেৰাটোপ্লাষ্টি” নামেৰে জনাজাত এটা প্ৰক্ৰিয়াৰ জৰিয়তে কৰা হৈছিল।

Leave a Comment