বিবাহ বাৰ্ষিকীত শ্বহীদ স্বামীৰ সৈতে বিশেষ ‘ছেলফি’ পত্নীৰ! ভাইৰেল ফটাে

নিউজ ডেস্ক। এক বিশেষ ছেলফি। যিখন ছেলফি শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

EZ5ql-NJU0-AETIGE

ছেলফিখন ভাইৰেল হোৱাৰ মূল কাৰণটো হ’ল শ্বহীদ স্বামীৰ আৱক্ষ মূৰ্তিৰ সৈতে বিবাহ বাৰ্ষিকীৰ দিনত ছেল্ফি উঠিছে এগৰাকী মহিলাই।

এক আৱেগিক মুহূৰ্তৰ এনে ছেলফি পূৰ্বতে হয়তাে অধিকাংশ সামাজিক মাধ্যমৰ ব্যৱহাৰকৰীয়েই প্ৰত্যক্ষ কৰা নাই।

B8b-KFzi-Cc-AACa-Ln

জানিব পৰা মতে, মহিলা গৰাকীৰ নাম প্ৰিয়ংকা ৰায়। তেওঁৰ স্বামী আছিল গোৰ্খা ৰাইফলছৰ কৰ্ণেল এম এন ৰায়।

B8i-Vkg-GCEAEIAXi

২০১৫ চনত তেওঁ নিজৰ স্বামীক হেৰুৱাইছিল। উগ্ৰপন্থীৰ সৈতে যুঁজ দি জম্মু-কাশ্মীৰত শ্বহীদ হৈছিল কৰ্ণেল এম এন ৰায়।

সেয়েহে কিছুদিন পূৰ্বে বিবাহ বাৰ্ষিকীত শ্বহীদ স্বামীক স্মৰণ কৰি স্বামীৰ আৱক্ষ মূৰ্তিৰ সৈতে এখন ছেল্ফি উঠে।

Et-AOtk-QUw-AAng3-I

এই দৃশ্য বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

টুইটাৰত এই ফটোখন শ্বেয়াৰ কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “এই ছেল্ফি ক্লিক কৰিবলৈ সাহস, ত্যাগ, সংকল্প আৰু গ্লেমাৰৰ প্ৰয়োজন।”

উল্লেখ্য যে শ্বহীদ কৰ্ণেল এম এন ৰায়ে দেশৰ বাবে কৰা চৰম ত্যাগ আৰু তেওঁক শেষকৃত্যৰ সময়ত তেওঁৰ জীয়ৰীৰ বিশেষ মুহূৰ্তও সামাজিক মাধ্যমত ভাইৰেল হৈছিল।

আনকি এই ঘটনাই গুৰুত্বসহকাৰে স্থান লাভ কৰিছে বলিউডৰ ছুপাৰহিট ছবি ‘উৰি’ত।

Leave a Comment