ৰে’লত অন্তর্বাস পৰিধান কৰি মুক্ত বিচৰণ বিধায়কৰ! তদন্ত ঘােষণা

নিউজ ডেস্ক। এগৰাকী জনপ্ৰতিনিধিৰ কৰ্মকাণ্ডই শেহতীয়াকৈ চৰ্চা বিষয় হৈ পৰিছে সামাজিক মাধ্যমত।

যাত্ৰীৰে পৰিপূৰ্ণ ৰে’লত অন্তৰ্বাস পৰিধান কৰি মুক্তমনে বিচৰণ কৰি চৌদিশে সমালােচিত হৈছে এগৰাকী বিধায়ক।

কটু সমালােচনাৰ পাছতে এই ঘটনাক লৈ ঘােষণা কৰা হৈছে তদন্তও।

তেওঁ হ’ল বিহাৰৰ শাসকীয় দল জেডিইউৰ ভাগলপুৰ জিলাৰ গোপালপুৰ সমষ্টিৰ বিধায়ক গোপাল মণ্ডল।

পাটনাৰ পৰা নতুন দিল্লী যোৱাৰ সময়ত তেজস ৰাজধানী এক্সপ্ৰেছৰ এচি ফাৰ্ষ্ট ক্লাছ শ্ৰেণীত অন্তর্বাস পিন্ধি তেওঁক ঘূৰি ফুৰা দেখা যায়।

E-VMdr-WVk-Agll4-I

ঘটনাটো সংঘটিত হয় বৃহস্পতিবাৰে। এই দৃশ্য বৰ্তমান ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

বিধায়কজনৰ এই কাণ্ড দেখি তীব্ৰ আপত্তি কৰিছিল সহযাত্ৰী সকলে। সৃষ্টি হয় তুমুল বাকবিতণ্ডা।

পূৰ্ব মধ্য ৰেল বিভাগৰ মুখ্য জনসংযোগ বিষয়াই কয়, “সহযাত্ৰী সকলে বিধায়কৰ আচৰণ সম্পৰ্কে অভিযোগ কৰিছিল। তেওঁলোকে ৰেল আৰক্ষী আৰু টিটিইক কৰিছিল অভিযোগ। কিন্তু বিধায়কজনে এই সন্দৰ্ভত অদ্ভূত যুক্তিহে প্ৰদান কৰে।”

E-WDbnz-Uc-AA4-Gj-copy

বিধায়ক জনে কয়, “মোৰ পেটৰ অসুখ হৈছিল। সেয়েহে তেনেদৰে কাপোৰ খুলি ৰাখিব লগা হৈছিল।”

উল্লেখ্য যে বৃহস্পতিবাৰে পাটনা-নতুন দিল্লীৰ তেজস এক্সপ্ৰেছৰে এ-১ ক’চত দিল্লীলৈ গৈছিল বিধায়কজন। ৰে’ল চলাৰ কিছু সময়ৰ পিছতেই যাত্ৰীয়ে প্ৰত্যক্ষ কৰে সেই দৃশ্য।

তেওঁ মাত্ৰ গেঞ্জী আৰু আণ্ডাৰপেণ্ট পিন্ধি ঘূৰি ফুৰিছিল কোঠাৰ এঠাইৰ পৰা আন ঠাইলৈ। স্বাভাৱিকতে এই দৃশ্য দেখি অস্বস্তিত পৰিছিল যাত্ৰীসকল।

প্ৰতিবাদো কৰে তেওঁলোকে। কিন্তু বিধায়কজনে নিচাৰ ৰাগিত যাত্ৰী সকলক গালি-গালাজ আৰু অশালীন ব্যৱহাৰহে কৰে।

ইয়াৰ পিছতেই ৰেল আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু আন যাত্ৰীৰ অভিযোগৰ পিছতেই বিধায়কজনক আন কোঠালৈ লৈ যায়।

ইপিনে, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে সমগ্ৰ ঘটনাক লৈ এক তদন্ত অব্যাহত থকা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

Leave a Comment