বিয়াত বহিয়েই পুনৰ ক’ভিড ৰােগীৰ চিকিৎসাত নামিল এগৰাকী মহিলা চিকিৎসক

নিউজ ডেস্ক। দেশত কাল কোৰোনাই লৈছে ভয়ংকৰ ৰূপ। আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে দ্ৰুতগতিত।

এনে সময়ত আহৰি নাইকীয়া হৈছে ক’ভিড যোদ্ধা সকলৰ। বিশেষকৈ প্ৰথম শাৰীৰ যোদ্ধা হিচাপে বিবেচিত হোৱা চিকিৎসক সকলে উশাহ লবলৈয়ো পোৱা নাই অকণমান সময়।

বহুতো চিকিৎসকে পিতৃ-মাতৃ অথবা আত্মীয়ৰ মৃত্যু হোৱা সত্ত্বেও অব্যাহত ৰাখিছে মানৱ সেৱা। দুখ, শোক আৰু কষ্টক নেওচি তেওঁলোকে কৰি গৈছে নিজৰ কৰ্তব্য।

এইবাৰ তেনে এক উদাহৰণ পুনৰ দাঙি ধৰিলে এগৰাকী মহিলা চিকিৎসকে। গাৰ পৰা মাহ হালধিৰ গোন্ধ যাবলৈ নাপাওতেই ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবে কৰিলেগৈ দায়িত্ব সম্পাদন। অৰ্থাৎ নিজৰ বিবাহ অনুষ্ঠানৰ পাছতে ৰোগীক সেৱা কৰাৰ বাবেই কৰ্তব্যত যোগদান কৰিলে চিকিৎসক গৰাকীয়ে। ঘটনাটো আহমেদাবাদৰ।

জানিব পৰা মতে চিকিৎসক গৰাকীৰ নাম হল ডাঃ আৰতি। তেওঁ চিকিৎসক হিচাপে কৰ্তব্য কৰে আহমেদাবাদ অসামৰিক চিকিৎসালয়ত। কিন্তু পূৰ্ব নিৰ্ধাৰিত সময় অনুসৰি তেওঁৰ বিবাহ সম্পন্ন হৈছিল। নিজৰ বিয়াৰ বাবে তেওঁ লৈছিল কেইদিনমানৰ ছুটী।

বিবাহ ঠিক মতেই সম্পন্ন হৈ গ’ল। কিন্তু বিবাহৰ দুদিন পিছতে তেওঁক চিকিৎসালয় কৰ্তৃপক্ষই ফোন কৰি জনালে যে চিকিৎসালয়ত ৰোগীক সেৱা কৰিবলৈ চিকিৎসক কৰ্মচাৰীৰ অভাৱ হৈছে। গতিকে যিমান পাৰে সোনকালেই তেওঁ কৰ্তব্যত যোগদান কৰিব লাগে।

কৰ্তৃপক্ষৰ সেই ফোনকল লাভ কৰিয়েই আৰতিয়ে পিছদিনাই কৰ্তব্যত যোগদানৰ সিদ্ধান্ত লয়। অৰ্থাৎ বিবাহৰ চতুৰ্থ দিনা গাৰ পৰা মাহ হালধিৰ গোন্ধ যাবলৈ নাপাওতেই হাতৰ মেহেণ্ডিৰ ৰঙেৰেই যোগদান কৰেগৈ কৰ্তব্যত আৰু আৰতিৰ এই কাৰ্যক এতিয়া সকলোৱে কৰিছে উচ্চ প্ৰশংসা। এই কথা বিয়পি পৰিছে সৰ্বত্ৰে।

উল্লেখ্য যে আৰতিয়ে চিকিৎসালয় খনৰ ডায়েটিচিয়ান হিচাপে কৰ্মৰত। কোৰোনা ৰোগীৰ আৰোগ্য লাভৰ ক্ষেত্ৰত পুষ্টিগত খাদ্য খোৱা অতিকে জৰুৰী। তেওঁ ৰোগীৰ পৰিপুষ্টিৰ দিশটো চোৱাচিতা কৰে।

লগতে চাওকঃ

নিজে কৃত্ৰিম অক্সিজেন লৈ জীয়াই থাকিও আনক যােগান ধৰিছে প্ৰাণবায়ু!

Leave a Comment