ৰাজপথত ফুট অভাৰব্ৰীজৰ তলত আবদ্ধ হৈ পৰিল বিমান! দৃশ্য ভাইৰেল

নিউজ ডেস্ক। এক আচৰিত দৃশ্য। যান-বাহন চলা ৰাজপথত দেখা গ’ল বিমান। আপুনি বিশ্বাস কৰিবলৈ টান পাইছে যদিও সেইয়া সঁচা।

তেনে এক দৃশ্যই বৰ্তমান ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

দৃশ্যটো দেখা পোৱা গৈছে দিল্লী বিমানবন্দৰৰ সমীপৱৰ্তী দিল্লী-গুৰুগ্ৰাম ঘাইপথত। য’ত এয়াৰ ইণ্ডিয়াৰ এখন বিমান ফুট অভাৰব্ৰীজৰ তলত আৱদ্ধ হৈ পৰে।

বহুতে আচৰিত হৈছে যে বিমানখন কেনেকৈ সেই স্থানত আবদ্ধ হ’ল।

সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হোৱা ফুটেজত দেখা গৈছে যে বিমানখন দিল্লী বিমানবন্দৰৰ ওচৰৰ এখন ফুট অভাৰব্ৰীজৰ তলত আৱদ্ধ হৈ আছে।

অৱশ্যে বিমানখনৰ পাখি নাছিল। বিমানখনে পথটোৰ সকলো যান-বাহন অৱৰোধ কৰা নাছিল।

ভিডিঅ’টোত আন বাহনসমূহ ঘাইপথৰ এফালে পাৰ হৈ যোৱা দেখা যায়। আনহাতে আনটো ফাল বিমানৰ দ্বাৰা অৱৰোধ হৈ থকা দেখা যায়।

চাওক ভিডিঅঃ

এই সন্দৰ্ভত এয়াৰ ইণ্ডিয়াই এক বিবৃতিত কয় যে, “বিমানখন পঞ্জীয়নমুক্ত কৰা হৈছে আৰু বিক্ৰী কৰা হৈছে। এই ঘটনা শনিবাৰে নিশা সংঘটিত হয়। যেতিয়া ক্ৰেতাই বিমানখন ক্ৰয় কৰি লৈ গৈ আছিল তেতিয়াই ই ফুট অভাৰব্ৰীজৰ তলত আৱদ্ধ হৈ পৰিছিল। এয়াৰ ইণ্ডিয়াৰ সৈতে বিমানখনৰ কোনো সম্পৰ্ক নাই।”

দিল্লী বিমানবন্দৰৰ এজন বিষয়াই এই সন্দৰ্ভত নিশ্চিত কৰে যে, “বিমানখন বিমানবন্দৰৰ অন্তৰ্ভুক্ত নাছিল।

ভিডিঅ’টোত ইয়াক কোনো পাখি অবিহনে চলাই নিয়া দেখা গৈছে। এইখন এখন বাতিল কৰা বিমান যেন লাগিছে আৰু চালকজনে ইয়াক চলাই নিওঁতে ত্ৰুটিৰ বিচাৰ কৰিব পাৰে।”

Leave a Comment