ভাৰতীয় জাতীয় মহিলা ফুটবল দলৰ বাবে মণিপুৰৰ ১০ গৰাকী মহিলা খেলুৱৈ নিৰ্বাচিত

নিউজ ডেস্ক: উত্তৰ পূৱবাসীৰ বাবে এক ভাল খবৰ। অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনে ভাৰতীয় জাতীয় ফুটবল দলৰ বাবে মণিপুৰৰ পৰা মুঠ ১০ গৰাকী মহিলা ফুটবলাৰ বাছনি কৰে।

ক্ৰীড়া ক্ষেত্ৰত আন এক গুৰুত্বপূৰ্ণ অৱদান হিচাপে বিবেচিত এই খেলুৱৈ কেইগৰাকীক ১৬ আগষ্টৰ পৰা জামছেদপুৰত অনুষ্ঠিত হ’বলগীয়া জ্যেষ্ঠ মহিলা ৰাষ্ট্ৰীয় প্ৰশিক্ষণ শিবিৰৰ চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

ইফালে, পৰৱৰ্তী এছিয়ান ফুটবল কনফেডাৰেচনে মহিলা এছিয়ান কাপ ২০২২ত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ শিবিৰৰ পৰা ১০ গৰাকী মহিলা ফুটবলাৰক নিৰ্বাচিত কৰিছে।

উল্লেখ্য যে জ্যেষ্ঠ মহিলা দলৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত মুখ্য প্ৰশিক্ষক থমাছ ডেনাৰবিয়ে জামছেদপুৰত শিবিৰ পাতিব লগীয়া ৩০ গৰাকী সম্ভাৱ্য খেলুৱৈৰ এখন তালিকা প্ৰস্তুত কৰে।

সেই তালিকাত আছেঃ গলৰক্ষক- অদিতি চৌহান, চৌমীয়া নাৰায়নস্বামী, এম লিন্থৈংগাম্বি দেৱী, শ্ৰেয়া হুদা।

ডিফেণ্ডাৰঃ জাবামানি টুদু, আশালতা দেৱী, চুইটি দেৱী, হেমাম শিল্কী দেৱী, মাইকেল কাষ্টানহা, ঋতু ৰাণী, ৰঞ্জন চানু সৰখাইবাম, ডব্লিউ লিন্থৈংগাম্বি দেৱী, কৃতিনা দেৱী থৌনাওজাম, অঞ্জু তামাঙ, আছেম ৰজা দেৱী।

মিডফিল্ডাৰঃ ইন্দুমাথি কাঠিৰেচান, সংগীতা বাছফৰ, মাৰ্টিনা থকচম, দাংমেই গ্ৰেছ, সৌম্য গুগোলথ, সুমিথ্ৰা কামাৰাজ, মাৰিয়াম্মাল বালামুৰুগান, সঞ্জু, মানস মনিশা।

ফৰৱাৰ্ডঃ ৰেণু, কৰিশ্মা শিৰভৈকাৰ, সন্ধিয়া ৰঙ্গনাথন, সুমাতি কুমাৰী, দয়া দেৱী, প্যাৰী সাসা।

ডেনাৰবিয়ে নিৰ্বাচিত কৰা ৩০ গৰাকী খেলুৱৈৰ উপৰিও বালা দেৱীক নিৰ্বাচিত কৰিছে। যি বৰ্তমান চিকিৎসাধীন হৈ বিৰাম অৱস্থাত আছে।

তেওঁ চিকিৎসাৰ অৱস্থা মূল্যাঙ্কন কৰিবলৈ শিবিৰত যোগদান কৰিব। আনহাতে ডালিমা চিব্বাৰে প্ৰথম ১০ দিনৰ বাবে প্ৰশিক্ষণ ল’ব। তাৰ পিছত তেওঁ তেওঁৰ পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি কানাডাত লীগ ফুটবল খেলিবলৈ উভতি যাব।

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এই কৃতিত্ব অৰ্জন কৰাৰ বাবে খেলুৱৈসকলক অভিনন্দন জনাইছে৷ মুখ্যমন্ত্ৰীয়ে টুইট কৰি কয়, “আমাৰ ছোৱালীসকলৰ বাবে এইয়া গৌৰৱৰ মুহূৰ্ত। অল ইণ্ডিয়া ফুটবল ফেডাৰেচনে আগন্তুক এছিয়ান ফুটবল ফেডাৰেচনে অনুষ্ঠিত কৰা মহিলা এছিয়ান কাপ ২০২২ৰ প্ৰস্তুতিৰ বাবে ১৬ আগষ্টৰ পৰা জামছেদপুৰত অনুষ্ঠিত হ’বলগীয়া জ্যেষ্ঠ মহিলা ৰাষ্ট্ৰীয় প্ৰশিক্ষণ শিবিৰৰ চূড়ান্ত তালিকাত ১০ গৰাকী মণিপুৰী খেলুৱৈক অন্তৰ্ভুক্ত কৰিছে৷ সকলো অংশগ্ৰহণকাৰীলৈ মোৰ শুভেচ্ছা জনালো।”

Leave a Comment