মৰ্মান্তিক! বিবাহৰ এমাহ পূৰ্বে পথ দুৰ্ঘটনাত প্ৰেমিক যুগলৰ মৃত্যু

নিউজ ডেস্ক। এক কৰুণ ঘটনা। এক প্ৰেম কাহিনীৰ শােকাৱহ পৰিসমাপ্তি।

অহা মাহত বিবাহপাশত আবদ্ধ হ’বলগীয়া প্ৰেমিক যুগলৰ শৰাইঘাট দলঙত পথ দুৰ্ঘটনাত প্ৰাণহানি।

নিহত প্ৰেমিক যুগলদ্বয় হৈছে দৰং জিলাৰ ছিপাঝাৰৰ মৰােৱাচুকীৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে স্বাধীনতা দিৱসৰ নিশা ঘৰৰ পৰা এএছ ০১ বি এফ ০৩৮০ নম্বৰৰ এখন ছুইফট ডিজায়াৰ বাহনেৰে গুৱাহাটী অভিমুখে ফুৰিবলৈ আহিছিল এই প্ৰেমিক যুগল।

কিন্তু তেওঁলােকৰ এই যাত্ৰাই হৈ পৰিল শেষ যাত্ৰা।

শৰাইঘাট দলঙত উঠাৰ লগে লগে গাড়ীখনে ৰেলিঙত খুন্দিয়াই ৫০ ফুট তলত পৰে।

ইয়াৰ ফলত চূৰ্ণ বিচূৰ্ণ হৈ পৰে বাহনখন, থিতাতে মৃত্যু হয় ছিপাঝাৰৰ মৰােৱাচুকীৰ ৰুমীজা বেগম (২৬) আৰু ফকৰুল ইছলাম (৩২)ৰ।

আত্মীয়ই প্ৰকাশ কৰা অনুসৰি, অহা মাহত বিবাহ সম্পন্ন হোৱাৰ কথা আছিল নিহত দুই যুৱক-যুৱতীৰ।

এই শোকাৱহ ঘটনাই শোকস্তব্ধ কৰি তুলিছে ছিপাঝাৰৰ মৰোৱাচুকীবাসীক।

দুয়োৰে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰে আমিনগাঁও আৰক্ষীয়ে।

Leave a Comment