মুম্বাইত মীৰাবাই চানুৱে সাক্ষাৎ কৰিলে শচীন তেণ্ডুলকাৰক

নিউজ ডেস্ক। টকিঅ’ অলিম্পিকত ৰূপৰ পদক প্ৰাপক মীৰাবাই চানুৱে সাক্ষাৎ কৰে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰক।

বুধবাৰে পুৱা চানুৱে ক্ৰিকেটাৰ গৰাকীক সাক্ষাৎ কৰে মুম্বাইস্থিত তেওঁৰ বাসভৱনত। য’ত চানুক শুভেচ্ছা জনায় মাষ্টাৰ ব্লাষ্টাৰ গৰাকীয়ে।

এক দৃশ্যত দেখা অনুসৰি চানুৱে তেণ্ডুলকাৰক তেওঁৰ অলিম্পিক মেডেলটো দেখুৱায়।

তেণ্ডুলকাৰক সাক্ষাৎ কৰা দুখন ফটো টুইটাৰত শ্বেয়াৰ কৰে অলিম্পিক পদক বিজয়ী চানুৱে।

টুইটাৰত চানুৱে লিখে- “পুৱাই শচীন তেণ্ডুলকাৰ ছাৰক লগ কৰি ভাল লাগিল। তেওঁৰ জ্ঞান গম্ভীৰ কথা আৰু অনুপ্ৰেৰণা সদায় মোৰ লগত থাকিব। সঁচাকৈ অনুপ্ৰেৰণামূলক।”

আনহাতে মীৰাবাই চানুৰ টুইটাৰ শ্বেয়াৰ কৰি তেণ্ডুলকাৰে লিখে- “পুৱা লগ পাই মইয়ো সমানে সুখী মীৰাবাই চানু। মণিপুৰৰ পৰা টকিঅ’লৈ তোমাৰ অনুপ্ৰেৰণামূলক যাত্ৰাৰ বিষয়ে কথা পাতি ভাল লাগিল। আগন্তুক সময়ত আগুৱাই যাবলৈ তুমি স্থান পাইছা, কঠোৰ পৰিশ্ৰম কৰি যোৱা।”

উল্লেখ্য যে টকিঅ’ অলিম্পিক ২০২০ ত ভাৰোত্তোলনৰ ৪৯ কিলো শাখাত মীৰাবাই চানুৱে লাভ কৰিছিল ৰূপৰ পদক।

এইবাৰ অলিম্পিকত তেওঁৱেই ভাৰতৰ প্ৰথমটো পদক লাভ কৰিছিল। অলিম্পিকত ভাৰোত্তোলনত ২১ বছৰৰ পিছত ভাৰতলৈ

দ্বিতীয়বাৰৰ বাবে পদক আনিবলৈ সক্ষম হয় মীৰাবাই চানুৱে। ইয়াৰ পূৰ্বে ভাৰোত্তোলনত ছিডনী অলিম্পিক ২০০০ ত ভাৰতলৈ ব্ৰঞ্জৰ পদক আনিছিল কৰ্ণম মল্লেশ্বৰীয়ে।

Leave a Comment