সমাপ্ত হোৱা নাই শিক্ষা, মাত্ৰ ২১ বছৰ বয়সতেই গাঁও পঞ্চায়তৰ সভানেত্ৰী হ’ল এগৰাকী যুৱতী

নিউজ ডেস্ক। যোৱা কিছুদিনৰ নিৰ্বাচন সমূহ সঁচাই যেন কিছু ব্যতিক্ৰম। বিশেষকৈ নিৰ্বাচনৰ ফলাফলত দেখা পোৱা গৈছে যে বহুতো কম বয়সীয়া নতুন মুখে লোকসভা, বিধানসভা অথবা স্থানীয় পঞ্চায়ত আৰু পৌৰ নিগমৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি বিজয়ী হবলৈ সক্ষম হৈছে।

নতুন প্ৰজন্মৰ ৰাজনীতিৰ প্ৰতি আকৰ্ষণ বঢ়াটো নিশ্চয় কৈ এক সুখবৰ। সেই অনুসৰি যোৱা কেইবাটাও নিৰ্বাচনত কম বয়সীয়া নতুন মুখে বিভিন্ন নিৰ্বাচনত লাভ কৰিছিল সফলতা। যিসমূহ খবৰ দেশত বিয়পি পৰিছিল।

ঠিক তেনেদৰে এইবাৰ সদ্য ঘোষিত উত্তৰ প্ৰদেশ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত এগৰাকী ২১ বছৰীয়া যুৱতীয়ে বিজয়ী হবলৈ সক্ষম হল গাঁও পঞ্চায়তৰ সভানেত্ৰী পদত, যিয়ে এতিয়া সৰ্বত্ৰে লাভ কৰিছে চৰ্চা।

২১ বছৰীয়া এই যুৱতী গৰাকীৰ নাম আৰোশী সিং।

দেশৰ আইন অনুসৰি কোনো লোকে যদি গাঁও পঞ্চায়তৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বিচাৰে, তেন্তে তেওঁৰ ন্যূনতম বয়স হব লাগিব ২১ বছৰ। সেই অনুসৰি আৰোশীৰ বয়সো হৈছে মাত্ৰ ২১ বছৰ। যিয়ে ২১ বছৰ বয়সতে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াই বিপুল ভোটত বিজয় সাব্যস্ত হবলৈ সক্ষম হৈছে।

তেওঁ গোন্দাৰ ৱাজেৰগঞ্জ মৌজাৰ চেহেৰিয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী পদত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। তেওঁৰ বিৰুদ্ধে আছিল তিনিজন প্ৰাৰ্থী। তিনিওজনক হৰুৱাই তেওঁ ৩৬৮ টা ভোট লাভেৰে নিৰ্বাচনত জয়ী হয়।

জানিব পৰা মতে আৰোশীৰ মাতৃ গৰিমা সিং ন্যায়িক আদালতৰ জিলা বিচাৰপতি হিচাপে কৰ্মত আৰু পিতৃ ধৰ্মেন্দ্ৰ সিং লক্ষ্ণৌৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত ষ্টেন’গ্ৰাফাৰ পদত কৰ্মৰত। আনহাতে আৰোশীয়েও আইনৰ শিক্ষা গ্ৰহণ কৰি আছিল লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ অধীনৰ চিটি ল’ কলেজত।

তেওঁ আছিল বি এ এল এল বিৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী। ঘৰৰ পৰা তেওঁৰ কলেজৰ দূৰত্ব প্ৰায় ১৫০ কিমি। তথাপিও তেওঁ শিক্ষা গ্ৰহণৰ লগে লগে গাঁৱত আহি কৰিছিল কিছু কাম। গাৱঁৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিবলৈ তেওঁ কৰিছিল কিছু কাম। কোৰোনা কালত তেওঁ গাঁৱৰ জনসাধাৰণৰ বাবে লৈছিল কিছু পদক্ষেপ।

আৰোশীয়ে দেশৰ ৰাজনীতিৰ গুৰুত্বপূৰ্ণ পদত আৰোহণ কৰাৰ দেখিছে সপোন। এখন নতুন ভাৰত গঢ়াৰ সপোন দেখিছে তেওঁ। সেই লক্ষ্য আৰু উদ্দেশ্য লৈ তেওঁ কয় যে গাৱঁত যাতে পৰ্যাপ্ত ইণ্টাৰনেট সেৱা সকলোৱে লাভ কৰে, তাৰ ওপৰত তেওঁ দিব গুৰুত্ব।

লগতে চাওকঃ

৯০ ফুট দ গাঁতত সোমাই পৰিল ৪ বছৰীয়া শিশু! তাৰ পাছত চলিল শ্বাসৰূদ্ধকৰ উদ্ধাৰ অভিযান

Leave a Comment