৯০ ফুট দ গাঁতত সোমাই পৰিল ৪ বছৰীয়া শিশু! তাৰ পাছত চলিল শ্বাসৰূদ্ধকৰ উদ্ধাৰ অভিযান

নিউজ ডেস্ক। অসমীয়াত এষাৰ কথা আছে যে ‘ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে’। এই আপ্তবাক্য শাৰীয়েই যেন পুণৰ সত্যতা প্ৰমাণ হল এটি ৪ বছৰীয়া দেৱ শিশুৰ ক্ষেত্ৰত। যি ৯০ ফুট গভীৰ এক গাঁতত পৰিও ১৮ ঘণ্টা সময় গাঁতত থাকি উদ্ধাৰ হল জীৱন্তে।

এই ঘটনাটো সংঘটিত হয় বৃহস্পতিবাৰে ৰাজস্থানৰ জালোৰ জিলাৰ লাছৰি গাঁৱত।

ঘটনা অনুসৰি বৃহস্পতিবাৰৰ দুপৰীয়া ১০:৩০ মান বজাত কৃষি পামৰ বাবে খন্দা এটা উন্মুক্ত ৯০ ফুট গভীৰ গাঁতত পৰি গৈছিল অনিল দেৱাসী নামৰ ৪ বছৰীয়া শিশুটি। ঘটনাৰ পিছতেই স্থানীয় আৰক্ষী উপস্থিত হয়হি যদিও পৰ্যাপ্ত সুবিধা নোহোৱাৰ বাবে উদ্ধাৰ কৰিব পৰা নাছিল শিশুটিক। সেয়েহে আৰক্ষীয়ে খবৰ দিছিল এন ডি আৰ এফ আৰু এছ ডি আৰ এফ বাহিনীক। আৰু ৮ ঘণ্টাৰ পিছত উদ্ধাৰকাৰী দল উপস্থিত হৈ কেইবাঘণ্টা জোৰা অভিযানৰ মূৰত নিশা ২:৩০ বজাত জীৱন্তে উদ্ধাৰ কৰিলে শিশুটিক।

স্থানীয় সাচুৰে থানাৰ আৰক্ষী বিষয়া প্ৰবীণ কুমাৰ আচাৰ্যই কয়, এনে ধৰণৰ উদ্ধাৰ অভিযানৰ বাবে প্ৰয়োজনীয় প্ৰযুক্তিৰ অভাৱ হোৱাত শিশুটিক উদ্ধাৰ কৰাত কিছু পলম হয়। সেয়েহে এন ডি আৰ এফ আৰু এছ ডি আৰ এফ বাহিনীক শিশুটি উদ্ধাৰৰ বাবে খবৰ দিয়া হৈছিল। কিন্তু উদ্ধাৰকাৰী দল লাছৰি গাৱঁত উপস্থিত হোৱালৈ সময় লাগিছিল প্ৰায় ৮ ঘণ্টা। উদ্ধাৰকাৰী দল উপস্থিত হৈয়েই আৰম্ভ কৰে অভিযান।

প্ৰথমতে তেওঁলোকে শিশুটিৰ অৱস্থিতি জানিবলৈ ৯০ ফুট গভীৰ গাঁতটোৰ ভিতৰলৈ কেমেৰা প্ৰেৰণ কৰে। দলটোৱে প্ৰতি মূহুৰ্ততে শিশুটিৰ লগত যোগাযোগ অব্যাহত ৰাখিছিল যাতে সি টোপনি যাব নোৱাৰে। শিশুটোৱে উশাহ লোৱাত কষ্ট নাপাবলৈ তেওঁলোকে এডাল পাইপৰ সহায়ত অক্সিজেন যোগান ধৰিছিল আৰু খাবলৈ খাদ্য যোগান ধৰিছিল। তেনেদৰেই অভিযান চলাই নিশা প্ৰায় ২:৩০ বজাত ১৮ ঘণ্টা আৱদ্ধ হৈ থকা শিশুটিক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় দলটোৱে।

আৰক্ষী বিষয়াজনে লগতে কয় যে, শিশুটিৰ পিতৃ নাগৰাম দেৱাসীয়ে দুদিন পূৰ্বে খন্দাইছিল সেই গাঁতটো। পিতৃয়ে গাঁতটো ঢাকি ৰাখিছিল যদিও বৃহস্পতিবাৰে দুপৰীয়া অনিলে খেলি থাকোতে আতৰাই লয় ঢাকনিখন। পৰৱৰ্তী সময়ত সি গাঁতটো জুমি চাওঁতেই হঠাতে পিছলি পৰি সোমাই পৰে গাঁতটোত।

উল্লেখ্য যে এই দৃশ্য প্ৰত্যক্ষ কৰে এজন গাঁৱৰ লোকে। লগে লগে তেওঁ চিঞৰ মাৰে আৰু ঘটনাস্থলীত বহুতো লোকৰ সমাগম হয়। ঘটনাৰ পিছতেই স্থানীয় লোকে প্ৰশাসনক খবৰ দিয়ে।

Leave a Comment