নিউজ ডেস্ক। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আন এক সাফল্য ভাৰতীয় মহিলা ক্ৰিকেট দলৰ।
সপ্তম বাৰলৈ এছিয়া কাপ মহিলা ক্ৰিকেটৰ খিতাপ জয় ভাৰতীয় দলৰ।
বাংলাদেশৰ চিলেটত অনুষ্ঠিত এছিয়া কাপৰ ফাইনেল খেলখনত ভাৰতীয় মহিলা দলে একপক্ষীয় ভাৱে জয়লাভ কৰিবলৈ সক্ষম হয় ৷

শ্ৰীলংকাৰ দলটোৱে ফাইনেলত প্ৰথমে বেটিং কৰে আৰু ৯ উইকেটত মাত্ৰ ৬৫ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

ইয়াৰ প্ৰত্যুত্তৰত ভাৰতীয় মহিলা দলে ৮.৩ অভাৰত ২ টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয়।
Team India
— AsianCricketCouncil (@ACCMedia1) October 15, 2022is your 2022 #WomensAsiaCup Champions
#ACC #AsiaCup2022 @BCCIWomen pic.twitter.com/q330gZYNAG
ফাষ্ট বলাৰ ৰেণুকা সিঙে ৫ ৰাণত ৩ টা উইকেট দখল কৰিবলৈ সক্ষম হয়।
আনহাতে, স্মৃতি মান্ধানাই অপৰাজিত ৫১ ৰাণ সংগ্ৰহ কৰে।
উল্লেখ্য যে এই পৰ্যন্ত ৮ বাৰলৈ অনুষ্ঠিত হােৱা এছিয়া কাপ মহিলা ক্ৰিকেটৰ খিতাপ ৭ বাৰেই জয় কৰিছে ভাৰতীয় মহিলা ক্ৰিকেট দলে।