ৰসগোল্লা বিতৰণ কৰি বিপদত পৰিল দুই যুৱক! আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

নিউজ ডেস্ক। ৰসগোল্লা বিতৰণৰ বাবে দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। স্বাভাৱিকতে প্ৰশ্নৰ উত্থাপন হ’ব যে কি কাৰণত ৰসগোল্লা সহ দুজন লোকক কৰা হ’ল গ্ৰেপ্তাৰ?

আচলতে ক’ভিড বিধি ভংগ কৰাৰ বাবে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

লোক দুজনৰ পৰা ২০ কিলো ৰসগোল্লাও জব্দ কৰিছে আৰক্ষীয়ে। এই ঘটনাটো ঘটিছে বুধবাৰে উত্তৰ প্ৰদেশৰ হাপুৰত।

হাপুৰ আৰক্ষীয়ে সামাজিক মাধ্যমত জনোৱা অনুসৰি, সদ্য ঘোষিত উত্তৰ প্ৰদেশৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত অত্যুৎসাহী হৈ দুয়োজন লোকে বিতৰণ কৰিছিল ৰসগোল্লা। ভিৰ কৰি বহুত লোকে সেই ৰসগোল্লা খাবলৈ সমবেত হৈছিল।

ক’ভিড বিধি অনুসৰি বহুতো লোক সমবেত হোৱাত নিষেধাজ্ঞা আৰোপ কৰা আছে ৰাজ্যত। সেয়েহে প্ৰশাসনে জাৰি কৰা কভিড বিধি ভংগৰ বাবে দুয়োজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

উল্লেখ্য যে সদ্য ঘোষিত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল আৰু উত্তৰ প্ৰদেশৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছত বিজয় সমদল বা বিজয় উৎসৱ পালনত বাধা আৰোপ কৰিছিল দেশৰ নিৰ্বাচন আয়োগে। কিন্তু সেই বিধি ভংগ কৰাত গ্ৰেপ্তাৰ হ’ব লগীয়া হয় দুয়োজন লোক।

হাপুৰ আৰক্ষীয়ে টুইটাৰত লিখে যে, “হাপুৰ গ্ৰাম্য আৰক্ষীয়ে কভিড-১৯ বিধি ভংগকাৰী দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। ১৪৪ ধাৰা বলৱৎ হৈ থকা সময়ত তেওঁলোকে ৰসগোল্লা বিতৰণ কৰি থকাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকৰ পৰা ২০ কিলো ৰসগোল্লা জব্দ কৰা হৈছে।”

লগতে চাওক

সমাপ্ত হোৱা নাই শিক্ষা, মাত্ৰ ২১ বছৰ বয়সতেই গাঁও পঞ্চায়তৰ সভাপতি হ’ল এগৰাকী যুৱতী

Leave a Comment