ৰাইজে উদ্ধাৰ কৰা বনৰীয়া হাতী পোৱালিৰ কৰুণ মৃত্যু

নিউজ ডেস্ক। ৰাজ্যৰ বন্যপ্ৰাণীৰ বিভিন্ন কাৰণত অস্বাভাৱিক মৃত্যুৰ ঘটনা অব্যাহত আছে।

কিছুদিন পূৰ্বে নগাঁৱত বজ্ৰপাতৰ ফলত ১৮ টাকৈ বনৰীয়া হাতীৰ একেলগে মৃত্যু ঘটাৰ পাছত এইবাৰ কামৰূপ জিলাৰ ছয়গাঁঁৱত এটা এমহীয়া হাতী পােৱালিৰ মৃত্যু ঘটে।

উল্লেখ্য যে দুদিন পূ্ৰ্ব কামৰূপ জিলাৰ পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত ছয়গাঁৱৰ জালুকবাৰীৰ সমীপত অতি দুৰ্গম মৰা বুঢ়াপাহাৰত শিলৰ ফাঁকত আবদ্ধ হৈ থকা হাতী পােৱালিটাে উদ্ধাৰ কৰা হৈছিল।

স্থানীয় ৰাইজৰ লগতে বন বিভাগ আৰু নিখিল ৰাভা ছাত্ৰ সন্থাৰ কৰ্মীয়ে উদ্ধাৰ কৰিছিল এই হাতী পােৱালিটাে। কিন্তু শােকাৱহভাৱে এদিন পাছতে কণমানি হাতী পোৱালিটোৰ মৃতদেহ পাহাৰখনত স্থানীয় লোকে প্ৰত্যক্ষ কৰে।

আঘাতপ্ৰাপ্ত পোৱালিটাে পুনৰ জাকত প্ৰৱেশ কৰি সুস্থ হৈ উঠিব বুলি উদ্ধাৰকাৰী দলটােৱে অনুমান কৰিছিল যদিও সেয়া হৈ নুঠিল। যাৰ ফলত কৰুণভাৱে মৃত্যুক আঁকােৱালি ল’লে এই এমহীয়া হাতী পােৱালিটাে।

Leave a Comment