নিউজ ডেস্ক। ৰাজ্যত ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহতা বৃদ্ধিৰ মাজতে শনিবাৰে পুনৰ ৰাজ্যজুৰি আক্ৰান্ত হ’ল ৫ সহস্ৰাধিক লােক।
বিগত ২৪ ঘন্টাত ৰাজ্যজুৰি ক’ভিডত প্ৰাণ গ’ল ৫੦ জনৰ।
উল্লেখ্য যে শুকুৰবাৰে ৰাজ্যজুৰি ক’ভিডৰ সংক্ৰমণত সৰ্বাধিক ৪৭ জন লােকে প্ৰাণ হেৰুৱাইছিল।
এই সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত প্ৰকাশ কৰা অনুসৰি, দিনটােত নতুনকৈ ৫,৭৫৬ জন লােক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে।
ইয়াৰে ১,৫৪৩ জন কেৱল গুৱাহাটী মেট্ৰ’ জিলাৰ। শুকুৰবাৰে এই সংখ্যা আছিল ১,৫৫১ জন।
Summary of 08/5/2021
— Himanta Biswa Sarma (@himantabiswa) May 8, 2021
Today’s Total 5756
Overall Positivity Percentage (5756 cases out of 65140 test done = 8.84%)
Kamrup(M) 1543
death 50
Recovery rate is 86.24%
উল্লেখ্য যে দিনটােত ৬৫,১৪੦ টা ক’ভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল। আনহাতে, সংক্ৰমণৰ হাৰ শুকুৰবাৰৰ ৮.২৪ শতাংশৰ পৰা শনিবাৰে ৮.৮৪ শতাংশলৈ বৃদ্ধি পাইছে।
ৰাজ্যজুৰি মৃত ৫੦ জনৰ ভিতৰত ১৬ জন গুৱাহাটী মেট্ৰ’ জিলাৰ। দিনটােত ৰাজ্যৰ সৰ্বমুঠ ১৯ খন জিলাত ক’ভিডৰ বাবে ৰােগীৰ মৃত্যু ঘটে।
ৰাজ্যত সক্ৰিয় ক’ভিড ৰােগীৰ সংখ্যা ৩৬,৭৯৯ লৈ বৃদ্ধি পাইছে। দিনটােত ক’ভিডৰ পৰা সুস্থ হৈ থকা ৩,੦৫৩ জন লােকক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়।
লগতে চাওকঃ