নিউজ ডেস্ক। আজি বিশ্বনাথত অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধিনত ইলেকট্ৰিক বাছ তথা ইলেকট্ৰনিক বাছ চাৰ্জিং ষ্টেচনৰ শুভ উদ্ধোধন কৰা হয় ।
উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো গুৱাহাটীত আৰু দ্বিতীয়টো ষ্টেচন আজি বিশ্বনাথ চাৰিআলিত মুকলি কৰা হয় । ২ ঘণ্টা চাৰ্জ কৰি ১২০ কিলোমিটাৰ অতিক্ৰম কৰিব পৰা এই বাছত যাত্ৰা কৰিব পাৰিব ২৭ গৰাকী যাত্ৰীয়ে ।
প্ৰদুষণ মুক্ত এখন সুস্থ সমাজ সুস্থ পৰিৱেশ গঢ়ি তোলাৰ বাবে লোৱা এই পদক্ষেপক আদৰণি জনায় সকলোৱে ।
প্ৰায় ১কোটি ৭৮ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা এই চাৰ্জিং ষ্টেচন শুভ উদ্বোধন কৰে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসে ।
এই অনুষ্ঠানত লগতে উপস্থিত থাকে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰায় সহ বহু কেইজন বিশিষ্ট ব্যক্তি ।