ফাৰ্মাচীৰ অনুজ্ঞাপত্ৰৰ বাবদ ঘােচ লৈ গ্ৰেপ্তাৰ ঔষধ পৰিদৰ্শক জাহ্নৱী কলিতা

নিউজ ডেস্ক। দুৰ্নীতি নিবাৰকৰ ধাৰাবাহিক অভিযানৰ পাছতাে অভ্যাস সলনি হােৱা নাই একাংশ দুৰ্নীতিপৰায়ণ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ। পুনৰ কামৰ বিনিময়ত উৎকােচ দাবী কৰি ৰঙাঘৰৰ আলহী হ’বলগা হ’ল এগৰাকী চৰকাৰী কৰ্মচাৰী। এইবাৰ অভিযান চলিল যােৰহাট স্থিত জ্যেষ্ঠ ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ত। ফাৰ্মাচীৰ অনুজ্ঞাপত্ৰৰ বিনিময়ত উৎকােচ লৈ গ্ৰেপ্তাৰ ঔষধ পৰিদৰ্শক জাহ্নৱী কলিতা। জাহ্নৱী কলিতাক হাতে-লােটে গ্ৰেপ্তাৰ কৰে ভিজিলেন্সৰ অভিযানকাৰী দলে। … Read more

পুনৰ মুকলি আকাশৰ তলত ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হোৱা ৩ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী…

নিউজ ডেস্ক। পুনৰ মুকলি আকাশৰ তললৈ আহিল উৎকােচ লৈ দুৰ্নীতি নিবাৰকৰ হাতত হাতে-লােটে গ্ৰেপ্তাৰ হােৱা ৩ দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰী। দুৰ্নীতি নিবাৰক শাখৰ অভিযানত গ্ৰেপ্তাৰ বৰণ কৰা এজন আবকাৰী অধীক্ষকৰ লগতে উপায়ুক্ত কাৰ্যালয়ৰ এজন উপ-পঞ্জীয়ক আৰু ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ এজন লাট মণ্ডলে লাভ কৰিলে জামিন। এই তিনি বিষয়া-কৰ্মচাৰীসকল হৈছেঃ মৰিগাঁও জিলাৰ আবকাৰী বিষয়া বৰষা বৰা … Read more

সকাহ! ভিক্টৰ দাসৰ জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

নিউজ ডেস্ক। অৱশেষত ভিক্টৰ দাসলৈ সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। ভিক্টৰ দাসক অন্তৱৰ্তীকালীন জামিন প্ৰদান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। শুকুৰবাৰে দিনৰ ১১ বজাৰ পৰা ভিক্টৰ দাসৰ জামিন আৱেদনৰ শুনানি গ্ৰহণ কৰি আদালতে ভিক্টৰ দাসৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে। আদালতে লগতে আৰক্ষীক অহা ২৯ ছেপ্টেম্বৰত কেছ ডায়েৰী দাখিলৰ নিৰ্দেশ দিয়ে। উল্লেখ্য যে, অলপতে অনুষ্ঠিত হোৱা অসম চৰকাৰৰ তৃতীয় … Read more

মৰ্মান্তিক! পথৰ ওপৰত বিচ্ছিন্ন হৈ পৰি থকা বিদ্যুতৰ তাঁৰত লাগি গৃহৰক্ষী জােৱানৰ কৰুণ মৃত্যু

নিউজ ডেস্ক। পুনৰ বিদ্যুৎ বিভাগৰ মৰণফান্দত পৰিল প্ৰাণ গ’ল এজন লােকৰ। এসপ্তাহ পূৰ্বে হাইলাকান্দিত পথৰ ওপৰত বিচ্ছিন্ন হৈ পৰি থকা বিদ্যুতৰ তাঁৰত লাগি শিশুসহ একে পৰিয়ালৰ চাৰিজনৰ মৃত্যুৰ ঘটনাৰ পিছত এইবাৰ চৰাইদেউত সংঘটিত হ’ল অনুৰূপ ঘটনা। সাপেখাতী বৰুৱানগৰ কছাৰীপথাৰত পথৰ ওপৰত পৰি থকা বিদ্যুতৰ তাঁৰৰ সংস্পৰ্শলৈ আহি প্ৰাণ গ’ল এগৰাকী গৃহৰক্ষী জােৱানৰ। জানিব পৰা মতে, … Read more

এইবাৰ ভিক্টৰ দাসৰ বাসগৃহত আৰক্ষীৰ অভিযান, জব্দ লেপটপ

নিউজ ডেস্ক। অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নামত এটা মধ্যভােগী চক্ৰই বিভিন্ন পৰীক্ষাৰ্থীৰ পৰা ধনদাবী কৰা বুলি অভিযােগ তুলি গ্ৰেপ্তাৰ হােৱা ভিক্টৰ দাসৰ ঘৰত এইবাৰ চলিল মহানগৰ আৰক্ষীৰ অভিযান। ভিক্টৰ দাসৰ দদৰা স্থিত বাসগৃহত উপস্থিত হয় পাণ বজাৰ আৰক্ষীৰ এটা অভিযানকাৰী দল। জানিব পৰা মতে, এই অভিযানত আৰক্ষীয়ে এটা লেপটপৰ লগতে বিভিন্ন সামগ্ৰী … Read more

এইবাৰ জল সম্পদ বিভাগৰ চাকৰিৰ নামত ধন সংগ্ৰহ কৰা ৭ দালালক আটক মহানগৰ আৰক্ষীৰ

নিউজ ডেস্ক। অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নামত এট প্ৰৱঞ্চকৰ দল সক্ৰিয় হৈ থকা বুলি অভিযােগ তুলি ভিক্টৰ দাস নামৰ এজন যুৱকক পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সময়তে এইবাৰ জল সম্পদ বিভাগৰ চাকৰিৰ নামত ধনৰ লেনদেন কৰা এটা প্ৰৱঞ্চকৰ দল জালত পৰিল মহানগৰ আৰক্ষীৰ। জলসম্পদ বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ ন্যায়ালয়ত বিবেচনাধীন এক গােচৰৰ আলম লৈ … Read more

হেলমেট পৰিধান নকৰিলে ষ্টাৰ্ট নহয় বাইক! নতুন উদ্ভাৱনেৰে চমক এজন যুৱকৰ…

নিউজ ডেস্ক। অভাৱেই আৱিস্কাৰৰ মূল। এই কথাকেই যেন পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে এজন যুৱকে। নিজৰ ভাতৃক এক পথ দুৰ্ঘটনাত অকালতে হেৰুওৱা যুৱকজনে উদ্ভাৱন কৰিলে এক নতুন প্ৰযুক্তি। বাইকৰ আৰােহীয়ে হেলমেট পৰিধান নকৰা পৰ্যন্ত ষ্টাৰ্ট নহয় বাইক। উল্লেখ্য যে কিছুদিন পূৰ্বে সুনীল আহৰৱাৰ নামৰ ১৯ বছৰীয়া যুৱকজনৰ ভাতৃয়ে হেলমেট পৰিধান নকৰা বাবে মূৰত আঘাত প্ৰাপ্ত হৈ … Read more

আকাশমাৰ্গত পেৰাচ্যুটৰ বিজুতি, বিমানৰ পৰা জাঁপ দিয়া সেনা বাহিনীৰ কমাণ্ডােৰ শােকাৱহ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। বিমানৰ পৰা জাঁপ দিয়াৰ সময়ত প্ৰশিক্ষণৰত ভাৰতীয় সেনাৰ কমাণ্ডােৰ মৃত্যু। আকাশ মাৰ্গত পেৰাচ্যুট খোল নোখোৱাৰ বাবেই এনেদৰে শ্বহীদ হ’বলগীয়া হ’ল সুৰজপাল পচৌৰী নামৰ সেনাৰ কমাণ্ডােজনে। জানিব পৰা মতে, লাডাখৰ লেহত সংঘটিত হয় এই ঘটনা। শ্বহীদ জোৱানগৰাকীৰ ঘৰ উত্তৰ প্ৰদেশৰ হাথৰছ জিলাৰ নন্দৰাম নাগৰীয়া গাঁৱত। শনিবাৰে দুপৰীয়া সংঘটিত হয় এই ঘটনা। … Read more

পুনৰ ঘােচকাণ্ড! এইবাৰ একেলগে ধৰা পৰিল বন বিভাগৰ দুই কৰ্মচাৰী…

নিউজ ডেস্ক। পুনৰ ঘােচ লৈ হাতে–লোটে ধৰা পৰিল দুই চৰকাৰী কৰ্মচাৰী। এইবাৰ ভিজিলেন্সৰ অভিযান চলিল কোকৰাঝাৰৰ গোসাঁইগাঁৱত। বন বিভাগৰ ফৰেষ্টাৰ কামিনী নাৰ্জাৰী আৰু ফৰেষ্ট গাৰ্ড প্ৰবীণ ব্ৰহ্মক এজন লােকৰ পৰা গােচৰ মীমাংসাৰ বিনিময়ত নগদ ধন উৎকােচ হিচাপে লৈ থকা অৱস্থাত ধৰে দুৰ্নীতি নিবাৰক শাখাই। দুয়ােজনক সম্প্ৰতি কাৰ্যালয়তে জেৰা চলাইছে ভিজিলেন্সৰ অভিযানকাৰী দলে।

পুনৰ ঘােচ লৈ গ্ৰেপ্তাৰ চৰকাৰী কৰ্মচাৰী, এইবাৰ জালত পৰিল লাট মণ্ডল

নিউজ ডেস্ক। ভিজিলেঞ্চৰ অভিযানত নিতৌ চৰকাৰী কাৰ্যালয়ত ঘােচ লৈ বিষয়া-কৰ্মচাৰী হাতে-লােটে ধৰা পৰাৰ পিছতাে সহজ ধনৰ লালসা হ্ৰাস পােৱা নাই একাংশৰ। পূৰ্বৰ দৰেই দৰমহা বহিৰ্ভূত অতিৰিক্ত টকা উপাৰ্জনৰ বাবে সাধাৰণ লােকক হাৰাশাস্তি কৰিছে একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে। বুধবাৰে পুনৰ ঘােচ লৈ ভিজিলেঞ্চৰ জালত পৰিল এজন চৰকাৰী কৰ্মচাৰী। এইবাৰ অভিযান চলিল দৰং জিলাৰ পাথাৰিঘাট চক্ৰ বিষয়াৰ কাৰ্যালয়ত। … Read more