বিবাহ চলি থাকোতেই মৃত্যু হ‘ল কইনাৰ, খুলশালীৰ লগত বিবাহ সম্পন্ন হ‘ল দৰাৰ

নিউজ ডেস্ক। এক শোকজনক তথা আচৰিত ঘটনা। বিবাহৰ দিনা সুকলমে চলি আছিল বিবাহৰ সকলাে নীতি-নিয়ম। ৰীতি অনুসৰি প্ৰায়সমূহ কাৰ্য সম্পন্ন হৈছিল বিবাহৰ। কিন্তু বিবাহৰ শেষৰটো ৰীতি সম্পন্ন হোৱাৰ প্ৰাক মূহুৰ্তত ঘটিল এক শােকাৱহ ঘটনা। হঠাৎ মৃত্যু হ’ল ন-কইনাৰ। তেনে অৱস্থাত দোমোজাত পৰিল সকলো আৰু শেষত কইনাৰ ভগ্নী অৰ্থাৎ খুলশালীৰ সৈতে বিবাহ সম্পন্ন হ’ল ভিনদেউ অৰ্থাৎ … Read more

অকালতে স্বৰ্গগামী হ’ল পঞ্চদশ অসম বিধানসভাৰ আন এজন সদস্য

নিউজ ডেস্ক। যেন কালিকা লাগিল পঞ্চদশ অসম বিধানসভাত! প্ৰথমটাে অধিৱেশনৰ পাছতে মাত্ৰ এসপ্তাহতে দুজনকৈ নৱ নিৰ্বাচিত জনপ্ৰতিনিধিয়ে অকালতে হেৰুৱালে প্ৰাণ। ক’ভিড-১৯ত আক্ৰান্ত আন কেবাজনাে। প্ৰথমে গােঁসাইগাঁও বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত বিপিএফৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীয়ে ক’ভিড-১৯ত আক্ৰান্ত হৈ যােৱা ২৬ মে’ৰ পুৱা ক’ভিডত প্ৰাণ হেৰুৱালে। ইয়াৰ দুদিন পিছতে শনিবাৰে পুনৰ তামুলপুৰ বিধান সভা সমষ্টিৰ বিধায়ক লেহোৰাম … Read more

ক’ভিড-১৯ত আক্ৰান্ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰা

নিউজ ডেস্ক। ক’ভিড-১৯ৰ সংক্ৰমণত আক্ৰান্ত হৈছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰা। শুকুৰবাৰে তেওঁ ক’ভিড-১৯ৰ পৰীক্ষাৰ ফলাফল পজিটিভ আহে। শুকুৰবাৰে নিশা ১੦.੦৯ মিনিটত টুইট কৰি ৰিপুন বৰাই এই কথা প্ৰকাশ কৰিছে। I have been tested positive for #covid , all those in close proximity to me in the last one week are … Read more

ট্ৰাক চালকৰ উপস্থিত বুদ্ধিৰ বাবেই সম্ভাব্য দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল বহু যান-বাহন

নিউজ ডেস্ক। এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল এখন বৃহৎ ট্ৰাক। সামগ্ৰী ভৰ্তি এখন বৃহৎ ট্ৰাকৰ ব্ৰেক বিকল হোৱাৰ বাবেই বিপৰীত মুখে তিনি কিলোমিটাৰ পথ চলাই লৈ গ’ল চালকে। অৱশেষত এখন মুকলি পথাৰত ট্ৰাকখন ৰখাবলৈ সক্ষম হয় চালকজন। এই ঘটনা সংঘটিত হয় মহাৰাষ্ট্ৰৰ জালনা-চিলোদ পথত। আৰু এই দৃশ্য এতিয়া সামাজিক মাধ্যমত দ্ৰুত গতিত হৈ … Read more

৪.৪২% লৈ নামিল সংক্ৰমণৰ হাৰ, হ্ৰাস পােৱা নাই দৈনিক মৃত্যুৰ পৰিসংখ্যা

নিউজ ডেস্ক। পুনৰ কাল ক’ৰাণাই ৰাজ্যত ৮੦ জনৰ প্ৰাণ কাঢ়ি নিলে। শুকুৰবাৰে প্ৰকাশিত তথ্যত প্ৰকাশ পাইছে এই সংখ্যা। দিনটােত ৰাজ্যজুৰি নতুনকৈ ৫,৪৩৬ জনক ক’ভিড-১৯ পজিটিভ হিচাপে চিনাক্ত কৰা হৈছে। ৰাজ্যত একেৰাহে ৩ দিনলৈ ৫ শতাংশৰ তলত অৱস্থান কৰিছে ক’ভিড-১৯ৰ সংক্ৰমণৰ হাৰে। কিন্তু চিকিৎসকৰ বাবে এতিয়াও ক’ভিড-১৯ ৰােগীৰ দৈনিক মৃত্যুৰ পৰিসংখ্যা চিন্তাৰ কাৰণ হিচাপে বিবেচিত হৈছে। শুকুৰবাৰে … Read more

মৰ্মান্তিক! বিদ্যুৎস্পৃষ্ট হৈ কলেজীয়া ছাত্ৰৰ শােকাৱহ মৃত্যু

নিউজ ডেস্ক। ৰাজ্যত নিতৌ ক’ভিড-১৯ৰ সংক্ৰমণত শিশুৰ পৰা বৃদ্ধলৈকে বহু লােক আক্ৰান্ত হােৱাৰ লগতে মৃত্যু ঘটিছে বহু সংখ্যক লােকৰ। এনে ঘটনাই ৰাজ্যবাসীক শোকাৰ্ত কৰি তােলাৰ সময়তে সংঘটিত হ’ল আন এক শােকাৱহ ঘটনা। মহাবিদ্যালয় বন্ধ হৈ থকাৰ মাজতে আৰ্থিক দুৰৱস্থাৰ বাবে অস্থায়ীভাৱে এটা তৈল কােম্পানীত কাম কৰি থকা অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ কৰুণভাৱে মৃত্যু হ’ল মৰাণ মহাবিদ্যালয়ৰ … Read more

মৰ্মান্তিক! ক’ভিডে নিঃশেষ কৰি পেলালে এখন ঘৰ, নিঠৰুৱা হ’ল পিতৃ-মাতৃ

নিউজ ডেস্ক। একমাত্ৰ পুত্ৰৰ জীৱন ক’ভিডে কাঢ়ি নিয়াৰ পিছদিনাই অনন্তলৈ যাত্ৰা জীয়ৰীৰাে। চৰম শোকত ভাগি পৰিল বৃদ্ধ পিতৃ-মাতৃ। সান্ত্বনা দিবলৈও যেন ভাষা নাই কাৰো মুখত। চৰম দুৰ্যােগৰ সন্মুখীন হ’ল শিক্ষক-শিক্ষয়িত্ৰী দম্পতীহাল। জ্যেষ্ঠ ভাতৃৰ মৃত্যুৰ পিছদিনাই ভগ্নীৰাে মৃত্যুৰ খবৰে বাকৰুদ্ধ কৰি তুলিছে পৰিয়ালৰ লগতে সকলাে আত্মীয়-শুভাকাংক্ষীক। সেমেকাই তুলিছে এই শােকাৱহ খবৰ পােৱা প্ৰতিজনৰে চকু। এই দুৰ্ভগীয়া … Read more

পুনৰ ৮৩ জনক আপােনজনৰ কাষৰ পৰা চিৰদিনলৈ কাঢ়ি নিলে নিষ্ঠুৰ ক’ভিডে

নিউজ ডেস্ক। মাৰাত্মক ৰূপ ধাৰণ কৰা ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণত আপােনজনক হেৰুৱাই কান্দােনত ভাগি পৰিছে শ শ লােক। ৰাজ্যত একেৰাহে দুটা দিনত ৫ শতাংশৰ তললৈ অৱস্থান কৰিছে ক’ভিড-১৯ৰ সংক্ৰমণৰ হাৰে। কিন্তু চিকিৎসকৰ বাবে এতিয়াও ক’ভিড-১৯ ৰােগীৰ দৈনিক মৃত্যুৰ পৰিসংখ্যা চিন্তাৰ কাৰণ হিচাপে বিবেচিত হৈছে। বৃহস্পতিবাৰে প্ৰকাশ পােৱা তথ্য অনুসৰি, ৰাজ্যত সংক্ৰমণৰ হাৰ ৪.৭৮ শতাংশলৈ অৱনমিত হৈছে। দিনটােত … Read more

বিমানত বিবাহ অনুষ্ঠিত কৰিবলৈ গৈ আইনৰ ৰোষত পৰিল ন-দম্পতী!

নিউজ ডেস্ক। দেশত বৰ্তমানেও অব্যাহত আছে কোৰোনাৰ সংহাৰ। যাৰফলত দেশৰ প্ৰায় সংখ্যক ৰাজ্যতে বলৱৎ হৈ আছে লকডাউন। তেনে সময়ত সকলো ধৰ্মীয় অথবা মাংগলিক অনুষ্ঠান আয়োজনত চৰকাৰে বাহাল ৰাখিছে কিছু নীতি-নিৰ্দেশনা। নিৰ্দিষ্ট সংখ্যক লোকেৰে অনুষ্ঠান আয়োজন কৰিবলৈ নিৰ্দেশ দিছে চৰকাৰে। সেই অনুসৰি তামিলনাডুৰ চৰকাৰেও ৫০ জন লোকেৰে অনুষ্ঠিত কৰিবলৈ দিছে বিবাহ অনুষ্ঠান। কিন্তু ৫০ জন লোকেৰে … Read more

প্ৰয়াত মাতৃলৈ শ্ৰদ্ধা জনাই আৰক্ষী বিষয়াই আৰোহণ কৰিলে এভাৰেষ্টৰ শিখৰ

নিউজ ডেস্ক। নৱী মুম্বাইৰ আৰক্ষীৰ এজন আৰক্ষী বিষয়াই আৰোহণ কৰিলে মাউণ্ট এভাৰেষ্টৰ শিখৰ। তেওঁ হ’ল অতিৰিক্ত আৰক্ষী পৰিদৰ্শক সম্ভজী গুৰাৱ। এভাৰেষ্ট আৰোহণ কৰা তেওঁ হৈছে মহাৰাষ্ট্ৰৰ তৃতীয়জন আৰক্ষী। যোৱা ২৩ মে’ত বিষয়াজনে আৰোহণ কৰে এভাৰেষ্ট। তেওঁ এই সফলতা নিজ মাতৃৰ নামত উৎসৰ্গা কৰিছে। ২০১৮ চনত মৃত্যু হৈছিল তেওঁৰ মাতৃৰ। সেয়েহে তেওঁ এভাৰেষ্টৰ শিখৰত খোজ দিয়াৰ … Read more