পুনৰ ঘােচকাণ্ড! ১੦ হাজাৰ টকাৰ ঘােচ লৈ গ্ৰেপ্তাৰ আৰক্ষী চক্ৰ পৰিদৰ্শক, দেহৰক্ষী…

নিউজ ডেস্ক। পুনৰ কলংকিত হ’ল খাকী পােছাক। এইবাৰ মধ্যভােগীৰ জৰিয়তে ঘােচ লৈ দুৰ্নীতি নিবাৰক হাতত ধৰা পৰিল এগৰাকী আৰক্ষী চক্ৰ পৰিদৰ্শকৰ লগতে তেওঁৰ দেহৰক্ষীও। দুৰ্নীতি নিবাৰক জালত পৰিল দৰং জিলাৰ খাৰুপেটীয়া আৰক্ষী চক্ৰ বিষয়া অচ্যুত দত্ত আৰু তেওঁৰ দেহৰক্ষী দিগন্ত বৰুৱা। জানিব পৰা মতে, দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে ১০ হাজাৰ টকা উৎকোচ লৈ থকা … Read more

কৰ্তব্যৰত অৱস্থাত ঢলি পৰি আকস্মিক মৃত্যু মহিলা গৃহৰক্ষী জােৱান ৰঞ্জিতাৰ…

নিউজ ডেস্ক। কৰ্তব্য সম্পাদনৰ মাজতে আকস্মিকভাৱে ঢলি পৰি অকাল মৃত্যুক আঁকােৱালি ল’লে অসম আৰক্ষীৰ এগৰাকী মহিলা গৃহৰক্ষী জােৱানে। মৃত গৃহৰক্ষীৰ নাম হৈছে ৰঞ্জিতা বসুতমাৰী (৩৫), ঘৰ চিৰাং জিলাৰ কাশীকোত্ৰাত। জানিব পৰা মতে, চিৰাং জিলাৰ কাজলগাঁৱত কৰ্তব্যৰত অৱস্থাত উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ ৰঞ্জিতা বসুমতাৰীৰ মৃত্যু হয়। জানিব পৰা মতে, সোমবাৰে নিশা দহ বজাত কাজলগাঁৱৰ সাৰ্বজনীন … Read more

গােচৰ ৰুজু নকৰাৰ বিনিময়ত ৪੦ হাজাৰ টকাৰ ঘােচ লৈ গ্ৰেপ্তাৰ আবকাৰীৰ কনিষ্টবল

নিউজ ডেস্ক। চৰকাৰী কাৰ্যলয়সমূহত নিতৌ অব্যাহত আছে ভিজিলেন্সৰ অভিযান। অৱশ্যে এনে অভিযানৰ পাছতাে সহজ ধনৰ মােহ এৰিব নাই একাংশ চৰকাৰী কৰ্মচাৰীয়ে। এনে সহজ ধন ঘটিবলৈ গৈয়ে পুনৰ ভিজিলেন্সৰ হাতত ধৰা পৰিল ওদালগুৰিৰ আবকাৰী বিভাগৰ এগৰাকী কনিষ্টবল। এই কনিষ্টবলগৰাকীৰ নাম তৰুণ বসুমতাৰী। জানিব পৰা মতে, এজন ভুক্তভােগীৰ পৰা আবকাৰী আইন উলংঘনৰ গােচৰ ৰুজু নকৰাৰ বাবদ ৪੦ … Read more

গুৱাহাটীৰ দীপশিখাৰ উপৰি শ্বিলঙৰ যুৱ পৰ্বতাৰােহীৰাে উত্তৰাখণ্ডত মৃত্যু, মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক। উত্তৰাখণ্ডৰ হিমস্খলনত সন্ধানহীন হৈ থকা গুৱাহাটীৰ দীপশিখা হাজৰিকাৰ উপৰি মেঘালয়ৰ ৰাজধানী শ্বলিঙৰ যুৱ পৰ্বতাৰোহী টিকলু জ্যৰৱাৰৰ মৃতদেহ উদ্ধাৰ। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই টুইটযোগে এই কথা জানিবলৈ দি লিখিছে, “অত্যন্ত দুখৰ কথা যে উত্তৰাখণ্ডত হিমস্খলনৰ ফলত নিৰুদ্দেশ হোৱা শ্বিলঙৰ পৰ্বতাৰোহীৰ এটা দলৰ সৈতে নিৰুদ্দেশ হোৱা টিকলু জ্যৰৱাৰ মৃতদেহ উদ্ধাৰ হৈছে।” Extremely sad to share … Read more

ঘােচ লৈ ভিজিলেঞ্চৰ হাতত গ্ৰেপ্তাৰ হোৱা লাট মণ্ডল ৰঞ্জিত মহন্তৰ জামিন মঞ্জুৰ…

নিউজ ডেস্ক। চৰকাৰী কাৰ্যালয়ত দুৰ্নীতিৰ আশ্ৰয় লৈ ৰঙাঘৰৰ আলহী হােৱা ইজনৰ পিছত সিজন ঘােচখােৰ কৰ্মচাৰীয়ে লাভ কৰিছে জামিন। এইবাৰ উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ হোৱা লাট মণ্ডল ৰঞ্জিত মহন্তৰ জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। উল্লেখ্য যে যােৱা ২৩ ছেপ্টেম্বৰত নগাঁও সদৰ ৰাজহ চক্ৰ কাৰ্যালয়ত এজন লােকৰ পৰা কামৰ বিনিময়ত নগদ ৫ হেজাৰ টকা উৎকোচ লৈ … Read more

আৰক্ষীৰ বৰ্বৰতা! পিতৃৰ সৈতে বাইকত উঠি অহা ৬ বছৰীয়া কণমানজনীক লাঠীৰে প্ৰচণ্ড প্ৰহাৰ কৰি ফালিলে মূৰ…

নিউজ ডেস্ক। পুনৰ আৰক্ষীৰ নিষ্ঠুৰতা। বাইকৰ তালাচীৰ নামত লাঠীৰে কােবাই মূৰ ফালিলে পিতৃৰ সৈতে বাইকত উঠি অহা এগৰাকী ৬ বছৰীয়া কণমানিজনীৰ। বিনা কাৰণেতে লাঠীৰে নিৰ্মম প্ৰহাৰ কৰিলে কণমানিজনীৰ পিতৃ-মাতৃকাে। এই ঘটনা সংঘটিত হ’ল ধুবুৰী জিলাৰ শালকোচাত। জানিব পৰা মতে, চাপৰ-মৌৱাটাৰীৰ ইয়াকুৰ আলীয়ে নয়াহাটৰ শহুৰৰ ঘৰ পৰা পত্নী আৰু ছয় বছৰীয়া কন্যাৰ সৈতে নিজৰ বাইকেৰে ঘৰলৈ … Read more

প্ৰকৃতি প্ৰেমী পূৰ্ণিমা দেৱী বৰ্মনলৈ ২০২২ বৰ্ষৰ ‘দ্য ৱৰ্ল্ড ফিমেল ৰেঞ্জাৰ এৱাৰ্ড’

নিউজ ডেস্ক। অসমবাসীলৈ আন এক ভাল খবৰ কঢ়িয়ালে ‘হাড়গিলা বাইদেউ’ হিচাপে খ্যাত ডঃ পূৰ্ণিমা দেৱী বৰ্মনে। ডঃ পূৰ্ণিমা দেৱী বৰ্মনক ‘দ্য ৱৰ্ল্ড ফিমেল ৰেঞ্জাৰ এৱাৰ্ড, ২০২২’ বঁটাৰ বাবে নিৰ্বাচন আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সংস্থা ‘হাউ মেনী এলিফেণ্টছৰ’। বিলুপ্তপ্ৰায় হাড়গিলা সন্দৰ্ভত জন সচেতনতা সৃষ্টিৰ ক্ষেত্ৰত আগবঢ়ােৱা অৱদানৰ বাবে ড০ পূৰ্ণিমা দেৱী বৰ্মনক এই বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে। … Read more

প্ৰতিমা বিসৰ্জনৰ সময়তে নৈৰ প্ৰচণ্ড ঢলত উটি গ’ল অৰ্ধ শতাধিক লােক…

নিউজ ডেস্ক। দুৰ্গা পূজাৰ আনন্দ উল্লাসৰ মাজতে প্ৰতিবেশী ৰাজ্য পশ্চিমবংগৰ জলপাইগুৰিত সংঘটিত হ’ল এক ভয়ংকৰ ঘটনা। দেৱীৰ প্ৰতিমা বিসৰ্জনৰ মাজতে নিশা হঠাতে নৈত অহা প্ৰচণ্ড ধলত উটি গ’ল অৰ্ধশতাধিক লোক। এই পৰ্যন্ত ৯ জন লোকৰ মৃতদেহ উদ্ধাৰ হােৱা বুলি জানিব পৰা গৈছে। এই পৰ্যন্ত ৪০ জনৰো অধিক লোক সন্ধানহীন হৈ থকা বুলি প্ৰকাশ কৰিছে স্থানীয় … Read more

শোকাবহ! গীত পৰিৱেশনৰ সময়তে হঠাৎ ঢলি পৰিল তেজস্বিতা, অকালতে বিদায় ল’লে প্ৰতিভাৱান কণ্ঠশিল্পী গৰাকীয়ে

নিউজ ডেস্ক। গীতৰ জৰিয়তে পৰিচয় গঢ়া মাজুলীৰ প্ৰতিভাৱান কণ্ঠশিল্পী তেজস্বিতা বৰুৱাই গীত গাই গায়েই গুচি গ’ল ইহ জগতৰ পৰা! বুধবাৰে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মোত্সৱৰ অনুষ্ঠানত সংগীত পৰিবেশন কৰি থাকোতেই মৃত্যুক সাৱটি লয় কণ্ঠশিল্পীগৰাকীয়ে। এই ঘটনাই শোকৰ বন্যা নমাইছে মাজুলীৰ লগতে সংগীত জগতখনত। উল্লেখ্য যে, মাজুলীৰ দৰিয়াগাঁও নামঘৰত বুধবাৰে অনুষ্ঠিত হৈছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোত্সৱ। সেই … Read more

মৰ্মান্তিক! মাতৃৰ সৈতে নৱৰাত্ৰীৰ গৰৱা নৃত্য উপভোগ কৰি থকাৰ সময়তে হঠাৎ গুলীবিদ্ধ হৈ মৃত্যু এটি ১১ বছৰীয়া কণমানিৰ…

নিউজ ডেস্ক। মাতৃৰ সৈতে একেলগে বহি নৱৰাত্ৰীৰ গৰৱা উপভোগ কৰি থকাৰ সময়তে আকস্মিকভাৱে গুলী লাগি মৃত্যু এগৰাকী ১১ বছৰীয়া কিশোৰীৰ। এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ইন্দোৰৰ হীৰা নগৰত। হীৰা নগৰ আৰক্ষী এলেকাত অনুষ্ঠিত নৱৰাত্ৰীৰ গৰৱা নৃত্য পৰিৱেশন অনুষ্ঠান চাই থকা সময়তে মূৰত হঠাৎ গুলী লগা কিশোৰীগৰাকীৰ মৃত্যু ঘটে হাস্পতালত। মঙলবাৰে নিশা সংঘটিত হোৱা এই … Read more