শোকাবহ! মাতৃৰ গাড়ীৰ চেপাত প্ৰাণ গ’ল চোতালত খেলি থকা ৩ বছৰীয়া কন্যাৰ…

নিউজ ডেস্কঃ চোতালতে গাড়ী চলাবলৈ শিকি আছিল মাতৃয়ে। চোতালৰ এটা ফালে খেলি আছিল ৩ বছৰীয়া কন্যা মৰিয়মে। কিন্তু নতুনকৈ গাড়ী চলাবলৈ শিকা মাতৃয়ে গাড়ীৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাত গাড়ীত তলত পিষ্ট হৈ প্ৰাণ গ’ল কণমানিটিৰ। এই শোকাবহ ঘটনা সংঘটিত হৈছে কেৰালাৰ কাঝিকোডৰ কোডুৱল্লীত। কোডুৱল্লীৰ ইংগাপুঝাৰ নিৱাসী নাজিৰৰ পত্নী লুবনা ফেবিনিয়ে শুকুৰবাৰে পুৱা চোতালক গাড়ী চলাবলৈ … Read more

ভৰিৰ বিষত ভুগি থকা স্বাস্থ্যকৰ্মীৰ স্বামীক আজব পৰামৰ্শ চিকিৎসকৰ, সামাজিক মাধ্যমত ভাইৰেল প্ৰেচক্ৰিপশ্যন…

নিউজ ডেস্কঃ চিকিৎসকে প্ৰেছক্ৰিপশ্যনত ৰোগীৰ বাবে দৰৱ বা আন পৰামৰ্শ লিখা আপুনি নিশ্চয় দেখিছে। কিন্তু এইবাৰ ৰোগীৰ বাবে নহয়, বৰং ৰোগীৰ স্বামীৰ বাবেহে প্ৰেছক্ৰিপশ্যনত নাভূত নাশ্ৰুত পৰামৰ্শ লিখিলে এজন চিকিৎসকে। শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এজন চিকিৎসকৰ এখন আজৱ প্ৰেছক্ৰিপশ্যন। প্ৰেছক্ৰিপশ্যনখন ভাইৰেল হৈ পৰাৰ পিছতে স্বাস্থ্য বিভাগে নিলম্বন কৰিছে অভিযুক্ত চিকিৎসকজনক। সমান্তৰালভাৱে আৰক্ষীয়ে আৰম্ভ … Read more

উৎকােচ লৈ ভিজিলেন্সৰ হাতত গ্ৰেপ্তাৰ যােৰহাটৰ লাট মণ্ডল আব্দুল বাকি শ্বেখ

নিউজ ডেস্ক। পুনৰ সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত গ্ৰেপ্তাৰ হ’ল ঘােচখােৰ চৰকাৰী কৰ্মচাৰী। যােৰহাট ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত পুৱাই চলিল ভিজিলেন্সৰ অভিযান। মাটি সংক্ৰান্তীয় কামৰ বিনিময়ত এজন লােকৰ পৰা উৎকোচ লৈ হাতে-লােটে ধৰা পৰিল যােৰহাট ৰাজহ চক্ৰ কাৰ্যালয়ত কৰ্মৰত লাট মণ্ডল মােঃ আব্দুল বাকি শ্বেখ। জানব পৰা মতে, মাটি সংক্ৰান্তীয় কামৰ বাবদ এজন ভুক্তভােগীৰ … Read more

মৰ্মান্তিক! পিতৃৰ সৈতে নাওখেল চাবলৈ আহি নৈত সলিল সমাধি ৬ বছৰীয়া কন্যা শিশুৰ

নিউজ ডেস্ক। এক কৰুণ ঘটনা। পিতৃৰ সৈতে নাওখেল উপভােগ কৰিবলৈ আহি শােকাৱহ মৃত্যুক আঁকােৱালি ল’লে এগৰাকী ৬ বছৰীয়া কন্যা শিশুৱে। নাওখেল চােৱাৰ সময়তে অকস্মাতে পিতৃৰ পৰা বিচ্ছিন্ন হৈ পৰাৰ পিছতে সলিল সমাধি ঘটে শিশুটিৰ। উল্লেখ্য যে বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত ঔডুবিত চম্পাৱতী নৈৰ সুঁতিত খাদিজা পাৰবিন নামৰ ৬ বছৰীয়া কণমানি কন্যা শিশুৰ মৃতদেহ উদ্ধাৰ … Read more

আচৰিত! পানী নহয়, দমকলেৰে হোৰাহোৰে ওলাল অবৈধ দেশী সুৰা…

নিউজ ডেস্কঃ দমকলৰ পৰা পানী নহয়, হোৰাহোৰে ওলাল অবৈধ ভেজাল সুৰা। মাটিৰ তলত গাত খান্দি জমা কৰি ৰখা অবৈধ সুৰাৰ ভাণ্ডাৰ হেণ্ড পাম্পৰ জৰিয়তে বাহিৰ কৰে আৰক্ষীয়ে। অবৈধ ভেজাল সুৰাৰ এনে বজাৰ উৎখাত কৰিবলৈ সক্ষম হয় মধ্যপ্ৰদেশ আৰক্ষীয়ে। মধ্যপ্ৰদেশৰ গুণা জিলাৰ চাঞ্চোড়া আৰু ৰাঘোগড় গাঁৱত আৰক্ষীয়ে অবৈধ ভেজাল সুৰাৰ বিৰুদ্ধে অভিযান চলাইছিল বুধবাৰে। এই অভিযানতে … Read more

মন্দিৰৰ পৰা হনুমানৰ গদা চুৰি কৰি অনুশোচনাত দগ্ধ চোৰ! ওভতাই দিবলৈ আহি পৰিল বিপদত…

নিউজ ডেস্কঃ হনুমান মন্দিৰৰ পৰা ৰামভক্ত হনুমাৰৰ অস্ত্ৰ এটা ৰূপৰ গদা চোৰ কৰি ওভতাই দিবলৈ আহিহে বিপদত পৰিল এটা চোৰ। মহাৰাষ্ট্ৰৰ নাগপুৰত সংঘটিত এই চাঞ্চল্যকৰ ঘটনাই তীব্ৰ চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমতো। দৰাচলতে যোৱা ৮ অক্টোবৰত নাগপুৰৰ কানহানত অৱস্থিত এটা প্ৰাচীন হনুমান মন্দিৰৰ পৰা এটা ৰূপৰ গদা চুৰি কৰি নিছিল এটা গভাইত চোৰে। কিন্তু গদাটো … Read more

ভয়ংকৰ! ঐশ্বৰ্য-বিভূতিৰ আশাত ৰাজপথত লটাৰী বিক্ৰী কৰা দুগৰাকী মহিলাক নৰবলি দম্পতীৰ, টুকুৰা টুকুৰকৈ কাটি কৰিলে ভক্ষণ

নিউজ ডেস্কঃ আধুনিক যুগৰ আধুনিকতাৰ মাজতো কেৰালাত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা। ব্লেক মেজিকত অন্ধবিশ্বাসী এহাল দম্পতী আৰু এজন ব্যক্তিয়ে ঐশ্বৰ্য-বিভূতি লাভৰ বাবে বলি দিলে দুগৰাকীকৈ মহিলাক। এই চাঞ্চল্যকৰ কাণ্ড আৰক্ষীৰ তদন্তত পোহৰলৈ অহাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভাগৱল সিং, তেওঁৰ পত্নী লাইকা আৰু মহম্মদ শ্বফী নামৰ হত্যাকাৰী কেইজনক। জানিব … Read more

আকৌ কেজৰিৱালৰ চমক! স্কুল ৰেংকিং তালিকাৰ শীৰ্ষ ১০ত স্থান দিল্লীৰ ৫ বিদ্যালয়ৰ নাম, পিছ পৰি ৰ’ল অসম…

নিউজ ডেস্কঃ অসম আৰু দিল্লীৰ গুণগত শিক্ষাৰ মানদণ্ডক লৈ চলি থকা বিতৰ্কৰ মাজতে আকৌ শিক্ষা খণ্ডত নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ল দিল্লীৰ চৰকাৰী বিদ্যালয়ে। সদ্য প্ৰকাশিত ২০২২-২৩ বৰ্ষৰ স্কুল ৰেংকিঙৰ তালিকাৰ শীৰ্ষ ১০ত সৰ্বাধিক বিদ্যালয়ৰ নাম অন্তৰ্ভূক্ত কৰি পুনৰ এবাৰ চমক সৃষ্টি কৰিবলৈ সক্ষম হ’ল অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দিল্লীৰ আপ চৰকাৰে। লক্ষণীয়ভাৱে অসমৰ মন্ত্ৰী-বিধায়কে … Read more

পথ দুৰ্ঘটনাৰ পিছত চিকিৎসাধীন হৈ থকা ব্যক্তিক তেজ দি মহানুভৱতাৰ পৰিচয় দিলে এগৰাকী আৰক্ষী বিষয়াই

নিউজ ডেস্কঃ পথ দুৰ্ঘটনাত পতিত হৈ চিকিসাধীন হৈ থকা এগৰাকী ব্যক্তিক ৰক্তদান কৰি মহানুভৱতাৰ পৰিচয় দিলে ডিব্ৰুগড়ৰ বকতা নেমুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই। বৰ্তমান ডিব্ৰুগড়ৰ ডমানি হাস্পতালত চিকিৎসাধীন হৈ থকা দুৰ্ঘটনাগ্ৰস্ত লোকজনক মঙলবাৰে ৰক্তদান কৰে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰমানন্দ শইকীয়াই। উল্লেখ্য যে, সোমবাৰে চেপন-চূনাপাৰা পথত সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত … Read more

শোকাবহ! মিনি ট্ৰাকৰ প্ৰচণ্ড খুন্দাত মৃত্যু SDRFৰ জোৱান কেশৱ থাপাৰ…

নিউজ ডেস্কঃ বিশ্বনাথ জিলাৰ গহপুৰৰ পুৰুপবাৰীত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত এগৰাছী এছডিআৰএফ জোৱানৰ অকাল মৃত্যুৱে শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত। বাইক আৰু মিনি ট্ৰাকৰ সংঘৰ্ষত মৃত্যু ঘটে এছডিআৰএফৰ জোৱানগৰাকীৰ। জানিব পৰা মতে, কেশৱ থাপা নামৰ এছডিআৰএফৰ জোৱানগৰাকীয়ে বাইকেৰে গৈ থকা সময়তে পুৰুপবাৰীত এখন মিনি ট্ৰাকে তেওঁক প্ৰচণ্ড জোৰে খুন্দা মাৰে। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত জোৱানজনক … Read more