মহিলাৰ বেশত দুৰ্ধৰ্ষ ডকাইত! লুটপাতৰ বাবে আৰক্ষীৰ গাড়ী ৰখাই সােমাল লকআপত

নিউজ ডেস্ক। মহিলাৰ বেশত দীৰ্ঘদিন ধৰি কৰিমগঞ্জৰ ৰাজপথত ডকাইতি কৰি যুৱকৰ দল এটা অতি নাটকীয়ভাৱে আৰক্ষীৰ জালত পৰিল। উল্লেখ্য যে দীঘল চুলিৰ যুৱতীৰ বেশ ধৰি ৩ জনীয়া যুৱকৰ দল এটা নিশাৰ অন্ধকাৰত কৰিমগঞ্জৰ ৰাজপতত ডকাইতিকাণ্ড সংঘটিত কৰি আহিছে। নিশা হ’লেই এই যুৱকৰ দলটো ৰাজপথত নামি পৰে। এই ডকাইতৰ দলটোৰ এজনৰ চুলি যুৱতীৰ দৰে দীঘলকৈ আছে। … Read more

খালী হাতেৰে ৬ ফুট দীঘল অজগৰ ধৰিলে আৰক্ষী জোৱানে, ভিডিঅ’ ভাইৰেল

নিউজ ডেস্ক। খালী হাতেৰে ৬ ফুট দীঘল অজগৰ উদ্ধাৰ কৰি চৰম সাহসিকতাৰ পৰিচয় দিলে মুম্বাই আৰক্ষীৰ কনিষ্টবল মুৰুলিধৰ যাদৱে। মুম্বাইৰ ধাৰাভিত তেওঁ উদ্ধাৰ কৰে অজগৰ ডাল। তাৰ পিছতে সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈ পৰে এই কথা। অজগৰ উদ্ধাৰৰ এই দৃশ্য বন্দী হয় এক মোবাইল কেমেৰাত। অত্যন্ত সাৱধানতাৰে কাঠৰ ফাঁকত থকা অজগৰডাল ধৰি আনে তেওঁ। অৱশ্যে এই … Read more

ক’ভিড-১৯ৰ নিৰ্মূলকৰণত ভাৰতে নিৰ্ণায়ক ভূমিকা লৈছেঃ বিশ্ব স্বাস্থ্য সংস্থা

ইন্টাৰনেশ্যনেল ডেস্ক। ক’ভিড-১৯ সংক্ৰান্তীয় যুদ্ধ জয়ৰ ক্ষেত্ৰত বিশ্বৰ অন্যান্য দেশ সমূহৰ ভিতৰত ভাৰত বহু আগত আছে। নতুন বছৰৰ আৰম্ভণিতে ক’ভিড ভেকচিন কভিশিল্ড আৰু কভেক্সিনে ভাৰতক কৰণাৰ সৈতে মোকাবিলা কৰাত আৰু সহায় কৰিছে। মহামাৰীক ৰােধ কৰাৰ বাবে ভাৰতৰ এই বলিষ্ঠ পদক্ষেপত মুগ্ধ হৈছে বিশ্ব স্বাস্থ্য সংস্থা (WHO)। মঙ্গলবাৰে পুৱাই বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেদ্ৰছ আডানাম … Read more

ক’ভিড-১৯ৰ প্ৰতিষেধক নলয় যোগগুৰু বাবা ৰামদেৱে!

নিউজ ডেস্ক। ভাৰতত ক’ৰনাৰ ভেকচিন প্ৰদানৰ কাম আৰম্ভ হোৱাৰ সময়তে ভাৰত চৰকাৰে দেশীয়ভাৱে প্ৰস্তুত হোৱা দুবিধ ভেকচিনকো ‘বেকআপ’ হিচাপে ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিছে। ইয়াৰ পাছতে বিৰোধী দল কংগ্ৰেছৰ বহু নেতাই বিষয়টোক লৈ বিবাদ আৰম্ভ কৰিছে। উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টীৰ মুৰব্বী অকিলেশ যাদৱেও ক’ৰনাৰ ভেকচিনক ‘বিজেপিৰ ভেকচিন’ বুলি কৈ ইয়াক ল’বলৈ অস্বীকাৰ কৰিছিল। … Read more

মৰ্মান্তিক! দুৰ্ঘটনাত যোৰহাটৰ একেটা পৰিয়ালৰ দুজনসহ মুঠ ৪জনৰ মৃত্যু

নিউজ ডেস্ক। ককায়েকৰ চিকিৎসাৰ বাবে ভাতৃয়ে গাঁৱৰে এজনৰ গাড়ী এখন লৈ পুৱা যোৰহাটৰ পৰা গুৱাহাটীলৈ গৈ থকা অৱস্থাত নেলীত সংঘটিত এক ভয়ানক পথ দুৰ্ঘটনাত ঘটনাস্থলীতে দুজনৰ মৃত্যু হোৱাৰ লগতে দুৰ্ঘটনাত আহত চালকজনক গুৱাহাটীলৈ চিকিৎসাৰ বাবে লৈ যোৱা অৱস্থাতে মৃত্যু হয়। ঘটনাৰ বিবৰণী মতে, যোৰহাটৰ উপকণ্ঠৰ চিৰতীয়া গাঁৱৰ বাসিন্দা বৃত্তিত পুৰোহিত কাৰ্তিক শৰ্মাৰ (৪৮) চিকিৎসাৰ বাবে … Read more

খেয়ালি প্ৰকৃতি! ডিমা হাছাওত তুষাৰপাত আৰম্ভ

নিউজ ডেস্ক। নতুন বছৰৰ আৰম্ভণিতে ডিমা হাছাও পৰ্যটনৰ কাৰণে আহিছে ভাল খবৰ। সেউজীয়া পাহাৰত এতিয়া তুষাৰপাত। হাফলঙৰ পৰা ৭৫ কিলোমিটাৰ নিলগৰ লাইছং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত জেমি নগা অধ্যুষিত কেপেইল’ গাঁৱত আৰম্ভ হৈছে এই তুষাৰপাত। ডিমা হাছাও জিলাৰ মাহুৰ থানাৰ অন্তৰ্গত কেপেইল’ গাঁৱত বিগত প্ৰায় সপ্তাহ ধৰি তুষাৰপাত হৈ আছে। তুষাৰপাতৰ কাৰণেই এতিয়া বৰফে আৱৰি ৰাখিছে … Read more

উত্তৰ প্ৰদেশৰ গজিয়াবাদত শ্মশানৰ ছাদ খহি মৃত ২৪, ঠিকাদাৰক গ্ৰেপ্তাৰ

নেশ্যনেল ডেস্ক। উত্তৰ প্ৰদেশৰ গাজিয়াবাদ জিলাত মুৰাদনগৰ এলেকাত থকা এখন শ্মশানত দেওবাৰে সংঘটিত হয় এটা শোকাৱহ ঘটনা। শ্মশান ঘাটৰ গেলাৰীৰ এখন ছাদ অকস্মাতে খহি কেইবাজনো লোকৰ ওপৰতে পৰে। ইয়াৰ ফলত এই বাতৰি লিখা পৰলৈকে ২৪ জন লোকৰ মৃত্যু হৈছে আৰু আন কেইবাজনো লোক আহত হয়। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ধাৰাষাৰ বৰষুণৰ বাবেই ছাদখন খহি পৰে। … Read more

২০ বছৰত ৪০ বাৰতকৈ অধিক বদলি হৈছে কৰ্ণাটকৰ IPS বিষয়া ডি ৰূপা

নিউজ ডেস্ক। ৰাষ্ট্ৰপতিৰ পদক প্ৰাপ্ত এগৰাকী আই পি এছ বিষয়াক ২০ বছৰীয়া চাকৰি কালত ৪০ বাৰতকৈ অধিক বদলি কৰা হৈছে। কৰ্ণাটকৰ গৃহ সচিব ৰূপে কৰ্মৰত ডি ৰূপা নামৰ আই পি এছ বিষয়াগৰাকীয়ে তেওঁৰ দুটা দহকৰ কাৰ্যকালত দুকুৰিবাৰতকৈ অধিক বদলি হ’বলগীয়া হৈছে। শেহতীয়াভাৱে ডি ৰূপাক ওপৰৱালা বিষয়াই কৰা ভুল ৰাজহুৱাভাৱে আঙুলিয়াই দিয়াৰ ফলশ্ৰুতিত বদলি হ’বলগীয়া হৈছে। … Read more

ভেক্চিন পাৰ্শ্বক্ৰিয়া হ’লে দিয়া হ’ব ক্ষতিপূৰণ!

নিউজ ডেস্ক। ভাৰতৰক মহা ঔষধ নিয়ন্ত্ৰকে ইতিমধ্যে ছিৰাম ইনষ্টিটিউটৰ ভেকচিন কভিশ্বিল্ড আৰু ভাৰত বায়’টেকৰ ভেকচিন কভেক্সিনৰ টিকাকৰণত অনুমোদন জনাইছে অৱশ্যে এই সিদ্ধান্তক লৈ সৃষ্টি হৈছে বিতৰ্কৰ। বিশেষকৈ কভেক্সিনৰ টিকাকৰণৰ অনুমতিক লৈ কেইবাজনো ৰাজনৈতিক নেতাই প্ৰশ্নৰ আৱতাৰণা কৰিছে। কিয়নো এই ভেকচিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষা এতিয়াও চলি আছে। এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ … Read more

বৰনদীত নাও বুৰি কথমপি প্ৰাণৰক্ষা শিশুসহ অৰ্ধশতাধিকৰ

নিউজ ডেস্ক। বগামাটিৰ বৰনদীত সংঘটিত হ’ল এটা শিহৰণকাৰী নাও দুৰ্ঘটনা। বগামাটিৰ বনভোজস্থলীত আনন্দ-উল্লাসৰ মাজতে বনভোজকাৰী দলৰ শিশু-পুৰুষ-মহিলাসহ অৰ্ধশতাধিক লোক থকা নাও এখন ডুবি যায় বৰনদীৰ পানীত। বনভোজকাৰীসকলে নদীখন ইপাৰ-সিপাৰ হ’বলৈ নাওখনত উঠিছিল। অধিক যাত্ৰী কঢ়িওৱাৰ বাবে নাওখন পানীত ডুব যায়। নাওখন বৰনদীৰ মাজভাগত ডুব যোৱাত যাত্ৰীসকলৰ মাজত হাহাকাৰ লাগে। লগে লগে নৈৰ পাৰত থকা অন্য … Read more