‘ইশ্বৰ’ৰ ৰূপত ২ ডিচেম্বৰত ছবি গৃহলৈ পুনৰ আহি আছে সদ্যপ্ৰয়াত অভিনেতা নিপন গোস্বামী…

নিউজ ডেস্কঃ ছবি প্ৰেমীৰ বাবে সুঃখবৰ। পুনৰ আহি আছে অভিনেতা নিপন গোস্বামী। দশক দশক ধৰি অভিনয়ৰে মুগ্ধ কৰি ৰখা অসমীয়া চলচ্ছিত্ৰৰ বলিষ্ঠ অভিনেতাগৰাকীয়ে শেষ সময়ত অভিনয় কৰা এখন ছবি মুক্তি পাব ২ ডিচেম্বৰত। ৰাজ্যৰ ছবিগৃহত অহা ২ ডিচেম্বৰ অৰ্থাৎ শুকুৰবাৰে মুক্তি পাবলগীয়া এই ছবিখন হৈছে ৰুবুল দাস পৰিচালিত আৰু দীনেশ দাস প্ৰযোজিত ‘ইশ্বৰ’। এই ছবিখনৰ … Read more

ডক্টৰেট হ’ল অভিনেত্ৰী গায়ত্ৰী মহন্ত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পি এইচ ডি ডিগ্ৰী লাভ

নিউজ ডেস্ক। ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ আৰু অভিনেত্ৰী গায়ত্ৰী মহন্তৰ পৰিয়াললৈ আহিল আন এক সুখবৰ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট (PhD) ডিগ্ৰী লাভ কৰিলে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত পি এইচ ডি ডিগ্ৰী লাভ কৰে গায়ত্ৰী মহন্তই। ফেচবুক পোষ্টৰ জৰিয়তে এই কথা শ্বেয়াৰ কৰি গায়ত্ৰী মহন্তক শুভেচ্ছা জ্ঞাপন কৰিছে স্বামী পবিত্ৰ মাৰ্ঘেৰিটাই। নৃত্য, অভিনয়ৰ … Read more

ভাল খবৰ! ৰাষ্ট্ৰপতিৰ পৰা খেলৰ দ্বিতীয় সৰ্বোচ্চ সন্মান অৰ্জুন বঁটা গ্ৰহণ অসম কন্যা নয়নমণি শইকীয়াৰ…

নিউজ ডেস্কঃ অসমৰ ক্ৰীড়াবিদ নয়নমণি শইকীয়াৰ অৰ্জুন বঁটা গ্ৰহণ। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা গ্ৰহণ ভাৰতত ক্ৰীড়াৰ দ্বিতীয় সৰ্বোচ্চ সন্মান অৰ্জুন বঁটা, ২০২২। দিল্লীত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা গ্ৰহণ কৰে অসমৰ ল’ন বল খেলুৱৈ নয়নমণি শইকীয়াই। উল্লেখ্য যে, ২০২২ বৰ্ষক কমনৱেল্থ গেমছত ল’ন বলত স্বৰ্ণ পদক জয়েৰে দেশবাসীক গৌৰৱাম্বিত কৰিছিল নয়নমণি শইকীয়াই। President Droupadi Murmu … Read more

চাঞ্চল্যকৰ! ঘৰৰ সমীপতে চিপ লোৱা অৱস্থাত উদ্ধাৰ শিক্ষক, প্ৰাক্তন আছু নেতা অশোক বৰাৰ মৃতদেহ…

নিউজ ডেস্কঃ নিজ বাসগৃহৰ সমীপতে চিপ লোৱা অৱস্থাত এগৰাকী শিক্ষকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে বিশ্বনাথত। মঙলবাৰে পুৱা বিশ্বনাথ নগৰৰ মধুপুৰস্থিত বাসগৃহৰ কাষৰ এজোপা গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় শিক্ষক তথা প্ৰাক্তন আছু নেতা অশোক বৰাৰ মৃতদেহ। জানিব পৰা মতে, অশোক বৰা বিশ্বনাথ চাৰিআলি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক আছিল। পুৱা তেওঁৰ … Read more

ভাল খবৰ! যুৱ নাট্যশিল্পী কিচমত বানোলৈ ওস্তাদ বিছমিল্লা খাঁ যুৱ বঁটা

নিউজ ডেস্কঃ ভাৰতীয় থিয়েটাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে অসম কন্যা কিচমত বানোলৈ আগবঢ়োৱা হৈছে সংগীত নাটক একাডেমীৰ ওস্তাদ বিছমিল্লা খাঁ যুৱ বঁটা। যোৱা ২৫ নৱেম্বৰত ঘোষণা কৰা এই মৰ্যাদাসম্পন্ন ৰাষ্ট্ৰীয় বঁটা ২০২০ বৰ্ষৰ বাবে আগবঢ়োৱা হৈছে কিচমত বানোক। উল্লেখ্য যে, কিচমত বানোৱে গুৱাহাটীৰ আগশাৰীৰ নাট্যগোষ্ঠী ছিগাল থিয়েটাৰত অভিনয় দিশত তিনি বছৰীয়া প্রশিক্ষণ গ্রহণ কৰিছিল। ইয়াৰ … Read more

ৰেগিং! অসম চিকিৎসা মহাবিদ্যালয়ৰ ২ ছাত্ৰক নিমম্বন কৰ্তৃপক্ষৰ

নিউজ ডেস্ক। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডই ৰাজ্যজুৰি জােকৰণিৰ সৃষ্টি কৰাৰ সময়তে এইবাৰ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত পােহৰলৈ আহিছে আন এক জঘন্য ৰেগিং কাণ্ডৰ ঘটনা। এই ৰেগিং কাণ্ডৰ অভিযােগ লাভ কৰাৰ পিছতে বিভাগীয় তদন্ত সম্পন্ন কৰি ইতিমধ্যে অভিযুক্ত দুজন ছাত্ৰক নিলম্বিত কৰিছে কৰ্তৃপক্ষই। জানিব পৰা মতে, অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যয়নৰত হুছেইন উপাধিৰ এজন ছাত্ৰক ৰেগিং কৰাৰ … Read more

কংগনাৰ ‘ইমাৰজেন্সী’ত গোৱালপাৰাৰ চিন্ময় ৰাভা, কৰি আছে এই কাম…

নিউজ ডেস্কঃ শৈশৱৰ পৰাই কেমেৰাটোৰ সৈতে নিবিড় সম্পৰ্ক স্থাপন কৰা গোৱালপাৰাৰ চিন্ময়লৈ অৱশেষত আহিল এক ডাঙৰ সুযোগ। বলিউডৰ অভিনেত্ৰী কংগনা ৰাণাৱট বৰ্তমান ‘ইমাৰজেন্সী’ৰ শ্বুটিঙত ব্যস্ত আছে অসমত। অসমৰ বিভিন্ন মনোমহা লোকেশ্যনত চলি আছে এই ছবিখনৰ দৃশ্যগ্ৰহণ। কংগণা ৰানাৱটৰ এই দৃশ্যগ্ৰহণ চলি থকা ছবিখনতেই সহযোগী কেমেৰা পাৰ্চন হিচাপে সুযোগ লাভ কৰিছে গোৱালপাৰা জিলাৰ দুধনৈৰ অন্তৰ্গত এখন … Read more

পুনৰ ৰাষ্ট্ৰীয় মঞ্চত উজ্বলিল অসম সন্তান! জনপ্ৰিয় ডান্সিং ৰিয়েলিটী শ্ব’ ‘ঝলক দিখলা জা’ৰ বিজয়ী মুকুট গুৱাহাটীৰ গুঞ্জনৰ শিৰত…

নিউজ ডেস্কঃ পুনৰ ৰাষ্ট্ৰীয় মঞ্চত উজ্বলিল আন এগৰাকী অসম সন্তান। এইবাৰ টিভিৰ অন্যতম জনপ্ৰিয় ডান্সিং ৰিয়েলিটী শ্ব’ ‘ঝলক দিখলা জা’ৰ ছিজন ১০ৰ বিজয়ীৰ খিতাপ লাভ কৰিলে গুৱাহাটীৰ গুঞ্জন সিনহাই। ৮ বছৰীয়া গুঞ্জনে তেওঁৰ সংগী তেজছ বাৰ্মাৰ সৈতে এই ৰিয়েলিটী শ্ব’ত বিজয়ীৰ খিতাপ দখল কৰিবলৈ সক্ষম মহয়। বিজয়ীৰ পুৰস্কাৰ হিচাপে গুঞ্জনে লাভ কৰে ট্ৰফী আৰু ২০ … Read more

চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহ! প্ৰৱঞ্চনাৰ অভিযােগত আটক শুকুৰ আলী

নিউজ ডেস্ক। ৰাজ্যৰ সামাজিক মাধ্যমত চৰ্চিত এটি নাম হ’ল শুকুৰ আলী। এজন ৰাজনৈতিক নেতা হােৱাৰ উপৰি শেহতীয়াকৈ অভিনেতা হিচাপেও আত্মপ্ৰকাশ ঘটিছে শুকুৰৰ। কিন্তু এইবাৰ চৰকাৰী আঁচনিৰ নামত দৰিদ্ৰলােকৰ পৰা টকা লৈ বিপদত পৰিছে শুকুৰ আলী। টকা লৈ আঁচনিৰ সুবিধা নিদিয়াৰ অভিযােগত ৰাইজে আটক কৰি শুকুৰ আলীক গতাই দিলে আৰক্ষীক। উল্লেখ্য যে বি টি আৰৰ দেৱীতোলা … Read more

শোকাবহ! পুৱাই পানী কঢ়িওৱা গাড়ীৰ খুন্দাত প্ৰাণ হেৰুৱালে কলেজীয়া ছাত্ৰ বিকিৰণে…

নিউজ ডেস্কঃ দেওবাৰে পুৱাই মহানগৰীৰ মাজমজিয়াত সংঘটিত এক কৰুণ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল এজন কলেজীয়া ছাত্ৰই। পুৱা পানী কঢ়িওৱা গাড়ীৰ খুন্দাত প্ৰাণ হেৰুৱায় গুৱাহাটী কলেজৰ ছাত্ৰজনে। নিহত ছাত্ৰজনৰ পৰিচয় বিকিৰণ সিনহা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, গুৱাহাটী কলেজত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত অধ্যয়ন কৰি আছিল বিকিৰণে। পুৱা প্ৰায় ৭.৪০ বজাত ছাত্ৰজনে ঘৰৰ পৰা … Read more