সৰিয়হৰ ডুলিতে ভূত! এইবাৰ GMCHত ৰোগীক চিকিৎসা কৰিবলৈ গৈ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক…

নিউজ ডেস্কঃ নাম তেওঁৰ প্ৰণৱজ্যোতি দাস। পূৰ্বে এটা ফাৰ্মাচিটিউকেল কোম্পানীত কাম কৰিছিল তেওঁ। সেইসূত্ৰে পৰিচয় ঘটিছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কেইগৰাকীমান চিকিৎসকৰ সৈতেও। কিন্তু অসমীয়াত এষাৰ ফকৰা আছে- আদাক দেখি উঠিল গা, কেটুৰীয়ে বোলে মোকো খা। চিকিৎসকক ঔষধ বিক্ৰী কৰি কৰি নিজেও চিকিৎসক হোৱাৰ মন মেলিলে প্ৰণৱজ্যোতিয়ে। সেয়ে কোভিডৰ সময়তে নামৰ সন্মুখত ‘ডাক্তৰ’ বহুৱাই বনাই ল’লে … Read more

দুখনকৈ বিলাসী বাহনত উদ্ধাৰ দুষ্প্ৰাপ্য কেংগাৰু, চিম্পাঞ্জী, কাছ! দুজনক আটক

নিউজ ডেস্কঃ বিলাসী বাহনেৰে দুষ্প্ৰাপ্য বন্যপ্ৰাণী সৰবৰাহৰ সময়তে ৰঙিয়াত আৰক্ষীৰ জালত পৰিল দুই সৰবৰাহকাৰী। বৃহস্পতিবাৰে পুৱতি নিশা ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই ছ’চাইটী চ’কত জব্দ কৰে দুষ্প্ৰাপ্য বন্য জীৱ-জন্তু ভৰ্তি দুখন বিলাসী বাহন। এক গোপন খবৰৰ ভিত্তিত ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই ডিএল ৮চি একিউ ৯৮৭৬ নম্বৰৰ এখন ফৰ্চুনাৰ বাহন … Read more

শোকাবহ! বৰ বৰলৰ কামোৰত অসহ্য যন্ত্ৰণাত চটফটাই মৃত্যু কণমানিৰ…

নিউজ ডেস্কঃ বৰ বৰলৰ কামোৰত কৰুণ মৃত্যুক সাৱটিবলগীয়া হ’ল এগৰাকী কণমানিয়ে। কামৰূপৰ দামপুৰৰ আমদলাত সংঘটিত হৈছে এই শোকাবহ ঘটনা। ঘৰৰ চোতালত খেলি থকা সময়তে এটি ৫ বছৰীয়া কণমানিক কামুৰিছিল বৰ বৰলে। ইয়াৰ পিছতে গুৰুতৰভাৱে অসুস্থ হৈ পৰি কন্যা শিশুটিক ভৰ্তি কৰোৱা হৈছিল শুৱালকুছি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত। কিন্তু বৰলৰ কামোৰত অসহ্য যন্ত্ৰণাত চটফটাই অৱশেষত মৃত্যুক সাৱটি … Read more

চাইবাৰ অপৰাধীৰ জালত কণ্ঠশিল্পী ময়ূৰী শইকীয়া! ঋণ নােলােৱাকৈ লক্ষাধিক টকা পৰিশােধ কৰিবলৈ উপৰ্যুপৰি ভাবুকি…

নিউজ ডেস্কঃ ৰাজ্যৰ বৃদ্ধি পোৱা চাইবাৰ অপৰাধৰ ঘটনাৰ মাজতে এইবাৰ চাইবাৰ অপৰাধীৰ জালত পৰিল ৰাজ্যৰ জনপ্ৰিয় কণ্ঠশিল্পী ময়ূৰী শইকীয়া। ফোন কৰি কৰি লোন পৰিশোধ কৰিবলৈ ভাবুকি দি মানসিকভাৱে হাৰাহাস্তি কৰা চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অৱশেষত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিবলৈ বাধ্য হ’ল কণ্ঠশিল্পীগৰাকী। কণ্ঠশিল্পীগৰাকীয়ে জানিবলৈ দিয়া মতে, বিগত এসপ্তাহ ধৰি তেওঁলৈ অসমৰ বাহিৰৰ বিভিন্ন নম্বৰৰ পৰা … Read more

বহিঃৰাজ্যত নৃশংস হত্যাৰ বলি হোৱা অসমৰ শ্ৰমিক দম্পতীৰ মৃতদেহ ওভতাই অনা হ’ল স্বগৃহলৈ, শোকাকুল পৰিৱেশ…

নিউজ ডেস্কঃ কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ ৰহস্যজনক মৃত্যুক সাৱটি লোৱা অসমৰ এহাল শ্ৰমিক দম্পতীৰ মৃতদেহ ওভতাই অনা হ’ল স্বগৃহলৈ। চিৰাং জিলাৰ পানবাৰীৰ নিজ-দামুগাওঁৰ ফাৰুক আলী আৰু তেওঁৰ অন্তঃসত্বা পন্তী নুৰেজা খাতুনৰ নশ্বৰ দেহ স্বগৃহলৈ অনাৰ পিছতে সৃষ্টি হয় এক শোকাকুল পৰিৱেশৰ। উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ টুটিঙত কাঠ মিস্ত্ৰী হিচাপে কৰ্মৰত আছিল ফাৰুক আলী আৰু পত্নী … Read more

পুনৰ ঘােচ লৈ গ্ৰেপ্তাৰ চৰকাৰী কৰ্মচাৰী, এইবাৰ জালত পৰিল লাট মণ্ডল

নিউজ ডেস্ক। ভিজিলেঞ্চৰ অভিযানত নিতৌ চৰকাৰী কাৰ্যালয়ত ঘােচ লৈ বিষয়া-কৰ্মচাৰী হাতে-লােটে ধৰা পৰাৰ পিছতাে সহজ ধনৰ লালসা হ্ৰাস পােৱা নাই একাংশৰ। পূৰ্বৰ দৰেই দৰমহা বহিৰ্ভূত অতিৰিক্ত টকা উপাৰ্জনৰ বাবে সাধাৰণ লােকক হাৰাশাস্তি কৰিছে একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে। বুধবাৰে পুনৰ ঘােচ লৈ ভিজিলেঞ্চৰ জালত পৰিল এজন চৰকাৰী কৰ্মচাৰী। এইবাৰ অভিযান চলিল দৰং জিলাৰ পাথাৰিঘাট চক্ৰ বিষয়াৰ কাৰ্যালয়ত। … Read more

শোকাবহ! সময়মতে সুদৰ ধন ওভতাই দিব নোৱাৰাৰ বাবেই আতিশয্য কাবুলিৱালাৰ, চৰম পন্থা ল’লৈ ডাক বিভাগৰ কৰ্মচাৰীয়ে…

নিউজ ডেস্কঃ কাবুলিৱালাৰ মানসিক আতিশয্যৰ বলি হৈ অৱশেষত জীৱন ত্যাগ কৰিবলৈ বাধ্য হ’ল এগৰাকী ডাক বিভাগৰ কৰ্মচাৰীয়ে। এই ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ শোণিতপুৰ জিলাত। কাবুলিৱালাৰ পৰা সুদত লোৱা ধনৰ সুদ-মূল সময়ত ঘূৰাই দিব নোৱাৰাৰ বাবেই মানসিক নিৰ্যাতনৰ বলি হৈ চৰম পন্থা বাচি লয় শোণিতপুৰৰ বালিপৰা কৃষ্ণ ওৰাং নামৰ ডাক বিভাগৰ কৰ্মচাৰীজনে। অভিযোগ অনুসৰি, ডাক … Read more

গ্ৰাহকৰ এটিএমৰ জৰিয়তে লাখ লাখ টকাৰ প্ৰৱঞ্চনা কৰা মহানগৰীৰ সুন্দৰী বেংক বিষয়াক গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ গ্ৰাহকৰ এটিএমৰ জৰিয়তে লক্ষ লক্ষ টকা আত্মসাৎ কৰি এইবাৰ আৰক্ষীৰ জালত পৰিল সুন্দৰী বেংক বিষয়া। মহানগৰীত গ্ৰাহকৰ এটিএমৰ জৰিয়তে লাখ লাখ টকা সৰকোৱাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এক্সিছ বেংকৰ ডেপুটি মেনেজাৰ ইফটিকন হক চৌধুৰীক। অভিযোগ অনুসৰি, মহিলা বেংক বিষয়াগৰাকীয়ে গ্ৰাহকৰ এটিএম পিন কৌশলেৰে ব্যৱহাৰ কৰি গ্ৰাহকৰ বেংক একাউণ্টৰ জমা ধন লুট কৰি আহিছিল … Read more

চৰকাৰ-প্ৰশাসন নহয়! এইবাৰ জেহাদীৰ বিৰুদ্ধে জেহাদ ৰাইজৰ, উচ্ছেদ কৰিলে জেহাদীৰ বাবে কলংকিত হােৱা মাদ্ৰাছা…

নিউজ ডেস্কঃ মাদ্ৰাছা উচ্ছেদক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে এইবাৰ গোৱালপাৰাত স্থানীয় ৰাইজে ভাঙি পেলালে এখন মাদ্ৰাছাৰ লগতে এটা আৱাস গৃহ। এই মাদ্ৰাছা আৰু বাসগৃহত জেহাদী কাৰ্যকলাপ চলি থকাৰ অভিযোগ তুলিয়েই ৰাজি নিজেই উচ্ছেদ কৰে মাদ্ৰাছাখন। উল্লেখ্য যে, ইয়াৰ লগে লগে ৰাজ্যত উচ্ছেদিত মাদ্ৰাছাৰ সংখ্যা ৪ খনলৈ বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে জেহাদী কাৰ্যকলাপ চলাৰ … Read more

৬ গৰাকীকৈ ছাত্ৰীক নিৰ্যাতন চলাই পলাতক হৈ থকা প্ৰধান শিক্ষকক বৈঠালংছ’ৰ পৰা গ্ৰেপ্তাৰ আৰক্ষীৰ

নিউজ ডেস্কঃ পুনৰ শিক্ষকৰ দৰে এক পবিত্ৰ বৃত্তিত কালিমা সানিলে এগৰাকী প্ৰধান শিক্ষকে। নিজৰ বিদ্যালয়ৰে ৬ গৰাকীকৈ কণমানি ছাত্ৰীক যৌন নিৰ্যাতন চলাই পলায়ন কৰি থকা এগৰাকী লম্পট প্ৰধান শিক্ষকক অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল অসম আৰক্ষী। আৰক্ষীয়ে অভিযান চলাই কাৰ্বি আংলং জিলাৰ বৈঠালাংছ’ৰ পৰা গ্ৰেপ্তাৰ কৰে পলাতক প্ৰধান শিক্ষকজনক। উল্লেখ্য যে, বিশ্বনাথৰ চেলাইকাঠিৰ হোলী চাইল্ড … Read more